মাধৱদেৱৰ জন্মস্থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


পঞ্চদশ শতিকাৰ মাজভাগত কছাৰীৰ আক্ৰমণত মাধৱদেৱৰ পিতৃ লামকণা গিৰি বা গোবিন্দগিৰিৰ পৰিবাৰ মনোৰমা আইৰ সৈতে বৰদোৱাৰ পৰা উজাই আহি থকা অৱস্থান নাৰায়ণপুৰৰ ৰাজবিষয়া হৰিশিঙা বৰা উজীৰে উদ্ধাৰ কৰি নিজৰ লগতে আনি কাচিকটা নৈৰ কাষত অৱস্থিত উজীৰৰ ঘৰত ৰাখিছিল। সেই সময়ত মনোৰমা আই ৫ মহীয়া গৰ্ভৱৰ্তী আছিল বুলিও জনা যায়। গুৰু চৰিত পুথিত মাধৱৰ পিতৃ-মাতৃ সহিতে গোবিন্দগিৰিয়ে উজীৰৰ নিজৰ ঘৰত আৰু টোলৰ ভিতৰতে বেলেগে ঘৰ কৰি মাধৱৰ ৯ বছৰ বয়সলৈকে বাস কৰিছিল বুলি তথ্য পোৱা যায়। পিছে ওঠৰ শতিকাৰ শেষৰ দশক দুটাত হোৱা প্ৰজা বিদ্ৰোহ আৰু মানৰ অত্যাচাৰত এই অঞ্চল বিশেষভাৱে বিধ্বস্ত হয় ফলত সকলো এৰাবাৰীত পৰিণত হৈ হাবি জংঘলেৰে আৱৰি ধৰে। ফলত লাহে লাহে মানুহৰ স্মৃতিৰপৰা আঁতৰ হৈ মাধৱদেৱৰ জন্মস্থান ৰূপে প্ৰকৃত স্থানখিনি নিৰ্ণয় কৰা কঠিন হৈ পৰে।

মাধৱদেৱৰ জন্মস্থান, লেতেকুপুখুৰী[সম্পাদনা কৰক]

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানখনি ১৯৫৬ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাট মৌজাৰ লেতেকুপুখুৰী নামেৰে ঠাইত (পূবে ৰঙাজান, পশ্চিমে- ডিক্ৰং, উত্তৰে বৰবালি আৰু দক্ষিণে- ঢেকেৰীজান)স্থানীয় ৰাইজে উদ্ধাৰ কৰে আৰু মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ তেতিয়াৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীকমলাকান্ত দেৱগোস্বামীয়ে প্ৰতিষ্ঠা কৰে। বৰ্তমান নাৰায়ণপুৰ অঞ্চলৰ লেতেকুপুখুৰীস্থিত শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানখনি লেতেকুপুখুৰী থান নামেৰে জনাজাত। বৰ্তমান মাধৱদেৱৰ জন্মস্থানখন এখন সমিতিয়ে পৰিচালনা কৰি আছে। সত্ৰখনিত মুঠ ৩১ বিঘা ভূমি আছে। ইয়াত লেতেকুপুখুৰী মূল নামঘৰ অতিথিশালাৰ লগতে মাধৱদেৱৰ মূল ভেটিতো আছে। এই স্থানত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ সময়ত ব্যৱহৃত এটি গছা আছে। বৈষ্ণৱ ধৰ্মীয় পূজা-অৰ্চনাৰ বাবে থানভাগিৰ যথেষ্ট খ্যাতি আছে। উৎসৱ-পাৰ্বন হিচাপে থানভাগিত বিহু, শংকৰ-মাধৱ আৰু বদলা পদ্ম আতাৰ জন্ম আৰু মৃত্যু তিথি, শ্ৰীকৃষ্ণ জন্মাষ্টমী, ফাকুৱা, ৰাস আদিৰ লগতে দৈনন্দিন নাম প্ৰসংগ, ভাগৱত পাঠ আৰু আইসকলৰ নাম-প্ৰসংগ চলে। এইবোৰৰ উপৰিও এই থানভাগিৰ লগতে এখন কলা-সংস্কৃতিৰ স্কুল আৰু এখন হাইস্কুল আছে।

লেতেকুপুখুৰীৰ চিত্ৰভঁৰাল[সম্পাদনা কৰক]

ঐতিহাসিক লেতেকুপুখুৰী  
আদৰণি তোৰণ  
লেতেকুপুখুৰী থানৰ সম্মুখভাগ  
লেতেকুপুখুৰী থানৰ গুৰুঘৰ  
গুৰুঘৰৰ দেৱালত গজেন্দ্ৰ উপাখ্যান  
গুৰুঘৰৰ নৰসিংহ অৱতাৰ  
মাধৱদেৱৰ পাটনাদ  
উজীৰৰ গৃহ  

জন্মস্থান আৰু বিতৰ্ক[সম্পাদনা কৰক]

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান সম্পৰ্কত বিংশ শতিকাত যথেষ্ট বিতৰ্ক চলি আছিল আৰু তাৰ প্ৰভাৱ কিছুদিন আগলৈকে থাকিল। সেই বিতৰ্ক অনুসৰি নাৰায়ণপুৰ অঞ্চলৰ ৰঙাজান গাঁৱতহে মাধৱদেৱৰ জন্ম হৈছিল বুলি একাংশ ভকতে দাবী কৰিছিল। এই বিতৰ্কৰ বাবেই ১৯৫৪ চনত তেতিয়াৰ বিধায়ক বাগ্মীবৰ নীলমণি ফুকনক সভাপতি হিচাপে লৈ মাধৱদেৱ জন্মস্থান অনুসন্ধান সমিতি গঠন কৰিছিল। এই অনুসন্ধান সমিতিয়ে দিয়া সিদ্ধান্তসমূহৰ ভিতৰত প্ৰধানকৈ আছিল প্ৰথমতে, নাৰায়ণপুৰত উজীৰ বৰাৰ টোলত লেতেকুপুখুৰীৰ পাৰত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। এই বিষয়ে চৰিত পুথি, কিংবদন্তী আৰু ভৌগোলিক সীমা একমত। দ্বিতীয়তে, এই লেতেকুপুখুৰী কাছিকটা নৈ আৰু পিছলা নৈৰ মাজত হ'ব। গতিকে একমাত্ৰ ভৌগলিক পৰিস্থিতিৰ ফালৰ পৰাই বৰ্তমানৰ পিছলা নৈ সোতৰ সোঁহাতে থকা ৰঙ্গতি পুখুৰী মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰী হব নোৱাৰে। ০২-০৫-১৯৫৪ তাৰিখে (১৯ বহাগ, ১৮৭৬ শক)নীলমণি ফুকন (এম.এল.এ)-ৰ সভাপতিত্বত বহা এখন ৰাজহুৱা সভাত বৰ্তমানৰ স্থানখিনিকে মাধৱদেৱৰ জন্মস্থান বুলি সিদ্ধান্ত গ্ৰহণ কৰে আৰু মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ তেতিয়াৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামীয়ে ১৯৫৬ চনত ইয়াৰ পুনৰ প্ৰতিষ্ঠা কৰে। বৰ্তমান থানখনি সকলো ভকত বৈষ্ণৱৰ বাবে পবিত্ৰ ভূমি বুলি গণ্য হৈছে।[1]

মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল[সম্পাদনা কৰক]

গুৰুচৰিতৰ আঁত ধৰি একাংশই হৰিশিঙা বৰা উজীৰৰ টোলত মাধৱদেৱৰ জন্ম হয় বুলি একাংশই নিশ্চিত কৰি অঞ্চলটোৰ পুৰ্বৰ বাসিন্দা আৰু আঢ্যৱন্ত লোকৰ সহায়ত উজীৰৰ টোল বুলি ৰঙাজান অঞ্চলৰ ১৫ পূৰা মাটিৰে উত্তৰে পাঁচটি আৰু পূবে পাঁচটি পুৰণি বৰ পুখুৰী আৰু ঢাপেৰে বৃহত বাহিৰ টোল, আহল বহল ছয়টি ঘৰৰ ভেটি আৰু ঢাপেৰে সৈতে এটি ভিতৰ টোলৰ উপযোগী স্থান চিনাক্তকৰণ কৰি ইয়াকে উজীৰৰ টোল হব বুলি ঠাৱৰ কৰে। ১৯২৬ চনৰ পৰাই উজীৰৰ টোলতে মাধৱদেৱৰ জন্মস্থান বুলি সাধাৰণভাৱে নামঘৰ সাজি নাম-কীৰ্তন কৰাৰ ব্যৱস্থাৰে মাধৱদেৱৰ জন্মস্থান, উজীৰৰ টোল, ৰঙাজান’ প্ৰতিষ্ঠা হয় বুলিব পাৰি। পৰৱৰ্তী সময়ত মাধৱদেৱৰ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত স্থানীয় লোকৰ মতভেদ হোৱা দেখা যায়। শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান নিৰ্ণয় কৰিবৰ বাবে ১৯৫৬ চনত সাহিত্যিক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তদানীন্তন পদাধিকাৰ পণ্ডিত ডিম্বেশ্বৰ নেওগদেৱৰ সভাপতিত্বত গঠিত হোৱা জন্মস্থান নিৰ্ণয় সমিতিয়ে কাচিকটাৰ এৰাসুঁতিত শিলডুবিৰ সমীপ্যই তদুপৰি প্ৰথম আৰু প্ৰধানকৈ ৰাজবিষয়াৰ উপযোগী টোলৰ সুস্পষ্ট নিদৰ্শনে’ ৰঙাজান জন্মস্থান খনিকেই গুৰুজনাৰ জন্মস্থান বুলি মত দিয়ে।[2] ফলত আজিও মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে ভ্ৰান্তি আঁতৰা নাই। সেইবাবে ৰঙাজান আৰু লেতেকুপুখুৰী দুয়ো ঠাইতে মাধৱদেৱৰ জন্মস্থান বুলি দুয়োপক্ষই দাবী কৰি আহিছে।

উজীৰৰ টোল, ৰঙাজানৰ চিত্ৰভঁৰাল[সম্পাদনা কৰক]

থানৰ আদৰণি তোৰণ  
থানৰ বাটচ'ৰা  
থানৰ সম্মুখভাগ  
থানৰ পাৰ্শ্বদেশ  
থানত মাধৱদেৱৰ জন্ম পঞ্চশতবাৰ্ষিকী তোৰণ  

প্ৰসংগসূত্ৰ[সম্পাদনা কৰক]

  1. প্ৰিয়ম আৰু চেতিয়া,, আকাশ আৰু প্ৰতিমা,. লখিমপুৰ জিলাৰ সত্ৰসমূহৰ ঐতিহ্য অৰু অৱস্থিতি (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: পাঞ্চজন্য বুকচ,. পৃষ্ঠা. 53-55. ISBN 978-93-88645-84-3. 
  2. প্ৰিয়ম আৰু চেতিয়া,, আকাশ আৰু প্ৰতিমা,. লখিমপুৰ জিলাৰ সত্ৰসমূহৰ ঐতিহ্য অৰু অৱস্থিতি (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: পাঞ্চজন্য বুকচ,. পৃষ্ঠা. 58-59. ISBN 978-93-88645-84-3.