মানসী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানসী
Manasi

মানসীৰ এটি দৃশ্যত বিজু ফুকন আৰু বিদ্যা ৰাও
পৰিচালক বলাই সেন
ৰচনা কাহিনী- আশাপূৰ্ণা দেৱী
সংলাপ- অনিল চৌধুৰী
প্ৰযোজক শঙ্কৰ গোৱেঙ্কা, আৰ এ জালান
অভিনয়ত বিজু ফুকন
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী বিমল মুখাৰ্জী
সম্পাদনা সুবোধ ৰায়
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
২০ ফেব্ৰুৱাৰী ১৯৮১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মানসী (ইংৰাজী: Manasi) ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু বিদ্যা ৰাৱে। প্ৰখ্যাত বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। অগ্নিপৰীক্ষা নামেৰে ইয়াৰ এটা ওড়িয়া সংস্কৰণো নিৰ্মাণ কৰা হৈছিল। মানসীৰ দৃশ্যগ্ৰহণ কলকাতাৰ টেকনিচিয়ান ষ্টুডিঅ’ত হৈছিল। কলকাতাৰ ষ্টুডিঅ’ত দৃশ্যগ্ৰহণ হোৱা এইখনে শেষ ছবি। কলকাতাত দৃশ্যগ্ৰহণ হোৱা প্ৰথম ছবি আছিল জ্যোতিপ্ৰসাদৰ ইন্দ্ৰমালতী[1]

ছবিৰ পৰিচালক বলাই বঙালী ছবিৰ এগৰাকী অভিনেতা আৰু সহকাৰী, সহযোগী বা মুখ্য সহকাৰী পৰিচালক আছিল। তেওঁ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কাবুলিৱালা (১৯৫৭) তথা শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এক ডক্তৰ কী মৌতৰ (১৯৯০) সহযোগী পৰিচালক আছিল। পৰিচালনা সহকাৰী হিচাপে তেওঁ জড়িত থকা কেইখনমান ছবি হ’ল- সবুজ দ্বীপেৰ ৰাজা (১৯৭৯), এক যে ছিলো দেশ (১৯৭৭), সাগিনা (১৯৭৪), আপোনজন (১৯৬৮), হাটে-বাজাৰে (১৯৬৭), ঝিন্দেৰ বন্দী (১৯৬১), ক্ষুধিতা পাষাণ (১৯৬০) আদি।[2][3]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

জমিদাৰ দেৱনাৰায়ণ বৰুৱাৰ বিশাল সম্পত্তি ভোগ কৰিবলৈ সংসাৰত থাকি গ’ল একেটি মাথো নাতি, নাম বুলু। তেওঁৰ অন্তৰঙ্গ বন্ধু লক্ষীনাৰায়ণ জীয়াই থাকোঁতে তেওঁলোকৰ পুত্ৰ আৰু জীয়ৰীৰ মাজত বৈবাহিক সম্পৰ্ক কৰাৰ সংকল্প লৈছিল। সেই সংকল্প পূৰণ নহ’ল যদিও তাহানিৰ কথা মনত ৰাখিয়ে দেৱনাৰায়ণে তেওঁৰ নাতিয়েকৰ বাবে লক্ষীনাৰায়ণৰ পত্নী হেমপ্ৰভা চৌধুৰানীক তেওঁৰ নাতিনিয়েক মানসীক বিচাৰিলে। এক দোধোৰমোধোৰ পৰিস্থিতিত চৌধুৰানীয়ে সেই প্ৰস্তাৱত মান্তি হ’ল। বৈদিক মন্ত্ৰোচ্চাৰণেৰে দুই নাবালক-নাবলিকাৰ বিবাহ সম্পন্ন হ’ল। কিন্তু বিয়াৰ হাঁহি-তামাচাৰ মাজতে জমিদাৰ দেৱনাৰায়ণে শেষ নিশ্বাস ত্যাগ কৰিলে।

কিন্তু এই বিয়াক মানসীৰ মাক চিত্ৰাই মানি লব নোৱাৰিলে। খং আৰু বেজাৰত বলিয়াপ্ৰায় হৈ মাকে তাইৰ শিৰৰ সেন্দূৰ মচি দিয়াৰ প্ৰয়াস কৰিলে। দিন বাগৰাৰ লগেলগে চিত্ৰাই জীয়েকক উচ্চশিক্ষা দিয়ালে, আধুনিক সমাজৰ লগত খাপ খুওৱাবলৈ সকলো প্ৰচেষ্টা চলালে তথা জীয়েকৰ বাবে যোগ্য দৰা বিচাৰি চলাথ কৰিলে। ইফালে সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা বুলুৱেও যেন জনসমুদ্ৰৰ কৰবাত হেৰাই থাকিল।

কিন্তু মানসীৰ বাবে জানো শৈশৱৰ সেই বৈবাহিক বান্ধোকক নস্যাৎ কৰি দিয়া ইমান সহজ।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • বিজু ফুকন
  • বিদ্যা ৰাও
  • গিৰিশ চৌধুৰী
  • অমলা কটকী
  • বন্দনা শৰ্মা
  • গিৰিজা দাস
  • ৰশ্মিৰেখা শৰ্মা
  • ৰেজিনা বেগম
  • অনুৰাধা দাস
  • ৰবীন ডেকা
  • বিৰিঞ্চি ভট্টাচাৰ্য
  • কিশোৰ ভট্টাচাৰ্য
  • গৌতম চৌধুৰী
  • নিত্যা দত্ত
  • মাখন দেৱান
  • উমেশ দত্ত
  • পৰাগ পাত্ৰ[1]

কলা-কুশলী[সম্পাদনা কৰক]

  • শব্দগ্ৰহণ- বলোৰাম বাৰুই, অনিল তালুকদাৰ
  • কলা নিৰ্দেশনা- সুনীতি মিত্ৰ[1]

সঙ্গীত[সম্পাদনা কৰক]

সঙ্গীত ৰমেন বৰুৱাৰ। গীতৰ কথাংশ লিখিছে কেশৱ মহন্তই। কণ্ঠ দিছে দ্বীপেন বৰুৱা, ৰমেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই।[4][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ৰাধাই বোলে দেখা দেখা মোৰ মান সৌভাগিনী, মোৰ মান ৰূপৱতী নাই"  কেশৱ মহন্তদ্বীপেন বৰুৱা, ৰমেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য  
2. "শুনা শুনা এই গান শুনা, ফুলে ফুলে মৌ গুণগুণায় শুনা গুণগুণায়"  কেশৱ মহন্তনমিতা ভট্টাচাৰ্য  
3. "সোণালী অ’ সোণালী জোন, গছে-পাতে ফুলে-বনে অ’ জোনালী অ’ জোনালী সোণ"  কেশৱ মহন্ত   
4. "পদে পদে তোৰ অগ্নিপৰীক্ষা, জয় নতু পৰাজয়"  কেশৱ মহন্ত   
5. "চোৱাহি চোৱাহি শিলে কথা কয়, জুৰিয়ে জগালে হিয়া শিলাময়"  কেশৱ মহন্ত   
6. "ক্ষণেক্ষণে হায় ক্ষণেক্ষণে ভাগে কিনো মোহন ছবি, পূব আকাশৰ সূৰ্য তাই অস্তাচলৰ ৰবি"  কেশৱ মহন্ত   
7. "মন আজি উৰি গুছি যায়, যেন মন মোৰ বনৰ চৰাই"  কেশৱ মহন্তনমিতা ভট্টাচাৰ্য  
8. "আদিতে অকলে শেষতো অকলে মাজৰখিনি মিছা, অকলে অকলে যা নাইয়ো তোৰ লগ জগতত"  কেশৱ মহন্ত   
9. "চিনাকী তুমিনে মোৰ তুমি মোৰ জীৱন জুৰি আছা নেকি গোপন এটি হুমুনিয়াহ হৈ"  কেশৱ মহন্ত   

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 296. 
  2. "Balai Sen Filmography". Cinestaan. Com. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728174245/https://www.cinestaan.com/people/balai-sen-130022। আহৰণ কৰা হৈছে: 28 December 2020. 
  3. "Balai Sen Filmography". IMDb. https://www.imdb.com/name/nm2995238/#actor। আহৰণ কৰা হৈছে: 28 December 2020. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 357.