সমললৈ যাওক

মানাস মহাকাব্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানাস মহাকাব্য  
লেখক {{{author}}}
ভাষা কিৰ্গিজ ভাষা
বিষয় কিৰ্গিজ যোদ্ধা আৰু তেওঁৰ বংশধৰসকলৰ ওচৰৰ তুৰ্কী, মংগোলীয়, আৰু চীনা লোকসকলৰ সৈতে সম্পৰ্ক
প্ৰকাৰ মহাকাব্য

মানাস মহাকাব্য (Манас дастаны, Manas dastany, ماناس داستانی, 瑪納斯) হৈছে কেন্দ্ৰীয় এছিয়া আৰু পূব এছিয়াৰ কিৰ্গিজসকলৰ এখন দীঘলীয়া আৰু পৰম্পৰাগত মহাকাব্য। ১৯শ শতিকাৰ সংস্কৰণসমূহত ১৮শ শতিকাৰ ঐতিহাসিক ঘটনাসমূহ অন্তৰ্ভুক্ত আছে, যদিও কিৰ্গিজ পৰম্পৰাৰ মতে এই মহাকাব্য বহু পুৰণি। মানাস নামৰ এই কাব্য কিৰ্গিজ খানতৰ প্ৰথম খাগান বাৰছ বেকৰ ওপৰত আধাৰিত বুলি কোৱা হয়।

মানাসৰ কাহিনী মূলত কিৰ্গিজসকলৰ অন্যান্য তুৰ্কী, মংগোলীয় আৰু চীনা জাতিসকলৰ সৈতে সম্পৰ্কৰ আধাৰত গঢ় লৈ উঠিছে।

১৯৯৫ চনত কিৰ্গিজস্তান চৰকাৰে এই মহাকাব্যৰ লিখিত ৰূপ পোৱা ১০০০তম বৰ্ষ উদযাপন কৰিছিল। এই পৌৰাণিক কাব্য শতাব্দীৰ পৰিক্ৰমাত বিকশিত হৈছে,[1] আৰু মানাস্কি নামেৰে জনাজাত বাচকসকলে মুখে মুখে সংৰক্ষণ কৰিছে। মানাস আৰু তেওঁৰ অইৰাটৰ শত্ৰু জলয়ৰ বিষয়ে লিখিত প্ৰথম উল্লেখ এখন ফাৰ্ছী পাণ্ডুলিপিত পোৱা যায়, যিটো ১৭৯২-৯৩ চনৰ।[2] এই মহাকাব্যৰ এটা সংস্কৰণত প্ৰায় ৫ লাখ শাৰী অৱলম্বন কৰা হৈছে।

মহাকাব্যখনত মানাস, তেওঁৰ বংশধৰ আৰু বিভিন্ন শত্ৰুৰ বিৰুদ্ধে কৰা কাৰ্যকলাপৰ কাহিনী বৰ্ণনা কৰা হৈছে। মানাস মহাকাব্য তিনিখন গ্ৰন্থত বিভক্ত। প্ৰথমটোৰ শিৰোনাম হৈছে "মানাস", দ্বিতীয় খণ্ডটোত তেওঁৰ পুত্ৰ চেমেটেইৰ কৰ্মৰ বৰ্ণনা কৰা হৈছে, আৰু তৃতীয়টোত তেওঁৰ নাতি ছেইটেকৰ কৰ্মৰ বৰ্ণনা কৰা হৈছে। মহাকাব্যখনৰ আৰম্ভণি হয় অইৰাটৰ আক্ৰমণৰ ফলত হোৱা ধ্বংস আৰু অসুবিধাৰ পৰা। এজনো উত্তৰাধিকাৰী নোহোৱাকৈ বহু জাকৰ মালিক হিচাপে এই সময়তে জেকিপে পৰিপক্বতা লাভ কৰে। অৱশেষত তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা যায় আৰু পুত্ৰৰ জন্মৰ দিনা তেওঁ সেইদিনা জন্ম হোৱা টৰুচাৰ নামৰ এটা পোৱালি পুত্ৰৰ সেৱাত উৎসৰ্গা কৰে। পুত্ৰৰ শক্তি, দুষ্টামি আৰু উদাৰতাৰ বাবে সমনীয়াৰ মাজত অনন্য। অইৰাটসকলে এই যুৱ যোদ্ধাজনৰ কথা গম পায় আৰু তেওঁলোকৰ নেতাক সকীয়াই দিয়ে। ডেকা মানাসক বন্দী কৰাৰ পৰিকল্পনা ৰচনা কৰা হয়। এই কামত তেওঁলোকে ব্যৰ্থ হয় আৰু মানসে নিজৰ লোকসকলক একত্ৰিত কৰিবলৈ সক্ষম হয় আৰু শেষত নিৰ্বাচিত হয় আৰু খান হিচাপে ঘোষণা কৰা হয়।

মানসে জংগেৰিয়াৰ দক্ষিণ সীমান্তৰ ৰবিগঞ্জনৰ উইঘুৰসকলকো সামৰি লৈ নিজৰ প্ৰসাৰতা বৃদ্ধি কৰে। পৰাজিত উইঘুৰ শাসকসকলৰ এজনে নিজৰ কন্যাক মানাসক বিয়া দি দিয়ে। এইখিনিতে কিৰ্গিজ জনসাধাৰণে মানাছৰ সহায়ত আলটাই পৰ্বতৰ পৰা আধুনিক কিৰ্গিস্তানৰ পৰ্বতমালাত থকা নিজৰ "পূৰ্বপুৰুষৰ ভূমি"লৈ উভতি যাবলৈ বাছি লৈছিল। মানাসে চল্লিশজন সংগীৰ সৈতে ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে সফল অভিযান আৰম্ভ কৰে। মানাসে অৱশেষত যুদ্ধত দক্ষিণ দিশলৈ আফগান জনসাধাৰণৰ সন্মুখীন হ'বলৈ ঘূৰি যায়, য'ত পৰাজয়ৰ পিছত আফগানসকলে মানাসৰ সৈতে মিত্ৰতা কৰে। তাৰ পিছত মানাসে বুখাৰাৰ শাসকৰ কন্যাৰ সৈতে বিবাহৰ জৰিয়তে মা ৱাৰাআন-নাহৰৰ লোকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

মহাকাব্যখনৰ মানাস্কি বা আবৃত্তিকাৰৰ প্ৰকাশ আৰু হুইমৰ ওপৰত নিৰ্ভৰ কৰি মহাকাব্যখন বিভিন্ন ৰূপত চলি আছে।

মানাসক ২০টা ভাষালৈ অনুবাদ কৰা হৈছে। উজবেক কবি মিৰ্টেমিৰে কবিতাটো উজবেক ভাষালৈ অনুবাদ কৰিছিল।[3]

আবৃত্তি

[সম্পাদনা কৰক]
কাৰাক'লৰ এটা য়ুৰ্ট শিবিৰত মহাকাব্যৰ এটা অংশ পৰিবেশন কৰা এজন পৰম্পৰাগত কিৰ্গিজ মানাস্কি

মানাস কাব্যখিনি কিৰ্গিজ সাহিত্যৰ মূল কেন্দ্ৰস্থল আৰু ইয়াৰ অংশবিশেষ সাধাৰণতে কিৰ্গিজ উৎসৱসমূহত মানাস্কি (কিৰ্গিজ: Манасчы) নামেৰে জনাজাত মহাকাব্য বাচকৰ দ্বাৰা আবৃত্তি কৰা হয়। মানাস্কিসকলে বাদ্যযন্ত্ৰৰ সহায়তা নলোৱাকৈ সুৰযুক্ত চেণ্টত এই কাহিনী আবৃত্তি কৰে।

কিৰ্গিজস্তানত বহুতো মানাস্কি আছে। যিসকলে এই মহাকাব্যৰ তিনি ভাগ—মানে মানাস, তেওঁৰ পুত্ৰ ছেমেতেই আৰু তাৰ পৌত্ৰ চেইতেকৰ কাহিনী—সকলো জানে, সেইসকল মহান মানাস্কিৰ মৰ্যাদা লাভ কৰিব পাৰে। বিংশ শতিকাৰ মহান মানাস্কিসকলৰ ভিতৰত আছে ছাগিমবাই অ'ৰজবাক উলু, চায়াকবাই কৰালায়েভ, চাবাই আজিজভ (ছবিত দেখুওৱা), কাবা আতাবেকভ, ছেইডেনে মল্ডোকোভা আৰু ইউচুপ মামায়। আধুনিক মানাস্কিসকলত আছে ৰিছবেক জুমাবায়েভ, যিয়ে ব্ৰিটিছ লাইব্ৰেৰীত প্ৰদৰ্শন দিছিল,[4] উৰকাছ মামবেতালিয়েৱ, যিয়ে বিশকেক ফিলহাৰমনিকৰ মানাস্কি হিচাপে ইউৰোপৰ ফালে ভ্ৰমণ কৰে; তালান্তালি বাখচিয়েৱ, যিয়ে আবৃত্তিক এক গৱেষণাৰ সৈতে সংযুক্ত কৰিছে,[5] আৰু দুলত ছিদিকভ, যি দীঘল আবৃত্তিৰ বাবে জনাজাত (তেওঁ ৫ দিনত ১১১ ঘণ্টা ধৰি মানাস কাব্য আবৃত্তি কৰি এক অভিলেখ স্থাপন কৰে)।[6] আদিল জুমাতুৰডুৱে মানাস কাব্যৰ বাচকসকলৰ এক তুলনামূলক অধ্যয়ন আগবঢ়াইছে।[7]

এই মহাকাব্যৰ ৬৫তকৈ অধিক লিখিত সংস্কৰণ বিদ্যমান। অৰ্থাৰ টমাছ হেটোৱে ১৯শ শতিকাত শোকান ভালিখানভে[8] আৰু ভাছিলি ৰাডল'ৱ[9] ৰেকৰ্ড কৰা মানাস কাহিনীবোৰৰ ইংৰাজী অনুবাদৰ সৈতে একাডেমিক সম্পাদনা আগবঢ়াইছিল। ছাগিমবাই অ'ৰজবাক উলুৰ সংস্কৰণটো ৱাল্টাৰ মে’য়ে ইংৰাজীত অনুবাদ কৰি ১৯৯৫ চনত মানাসৰ জন্মৰ অনুমাণিক ১০০০তম বাৰ্ষিকী উপলক্ষে প্ৰকাশ কৰিছিল (২০০৪ চনত দুই খণ্ডত পুনঃপ্ৰকাশ পোৱা যায়), আৰু এই সংস্কৰণৰ এক গুৰুত্বপূৰ্ণ খণ্ড ডেনিয়েল প্ৰায়'ৰে ইংৰাজী অনুবাদ ২০২২ চনত প্ৰকাশ কৰা হৈছিল।[10]

  • Terbish, Baanjarav (February 2021). "The Sart Kalmaks in Kyrgyzstan: people in transition". Central Asian Survey খণ্ড 40 (3): 313–329. doi:10.1080/02634937.2021.1884045. 
  • Tagirdzhanov, A. T. 1960. "Sobranie istorij". *Majmu at-tavarikh*, Leningrad.

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Terbish, Baanjarav (February 2021). "The Sart Kalmaks in Kyrgyzstan: people in transition". Central Asian Survey খণ্ড 40 (3): 313–329. doi:10.1080/02634937.2021.1884045. 
  2. Tagirdzhanov, A. T. 1960. "Sobranie istorij". Majmu at-tavarikh, Leningrad.
  3. "Mirtemir (In Uzbek)". Ziyouz. http://www.ziyouz.com/index.php?option=com_content&task=view&id=477&Itemid=49। আহৰণ কৰা হৈছে: 18 February 2012. 
  4. Gullette, David (2010). The Genealogical Construction of the Kyrgyz Republic: Kinship, State and 'Tribalism'. প্ৰকাশক Folkestone: Global Oriental. পৃষ্ঠা. 153. ISBN 9781906876104. https://archive.org/details/genealogicalcons00gull. 
  5. Plumtree, James (2019). "A Kyrgyz Singer Of Tales: Formulas in Three Performances of the Birth of Manas by Talantaaly Bakchiev". Доклады Национальной академии наук Кыргызской Республики: 125–133. https://www.academia.edu/41232534. 
  6. Калыков, Мундузбек (6 September 2021). "Манасчы Доолот Сыдыков установил рекорд — он читал эпос «Манас» пять суток" (Russian ভাষাত). kloop.kg. https://kloop.kg/blog/2021/09/06/manaschy-doolot-sydykov-ustanovil-rekord-on-chital-epos-manas-pyat-sutok/. 
  7. Jumaturdu, Adil (2016). "A Comparative Study of Performers of the Manas Epic". The Journal of American Folklore খণ্ড 129 (513): 288–296. doi:10.5406/jamerfolk.129.513.0288. 
  8. Hatto, Arthur T., ed (1977). The memorial feast for Kökötöy-khan (Kökötöydün ašı) : a Kirghiz epic poem. প্ৰকাশক Oxford: Oxford University Press. ISBN 9780197135938. 
  9. Hatto, Arthur T., ed (1990). The manas of Wilhelm Radloff. প্ৰকাশক Wiesbaden: O. Harrassowitz. ISBN 9783447030106. 
  10. Orozbak uulu, Sagymbaĭ (2022). Prior, Daniel. ed. The memorial feast for Kokötöy Khan : a Kirghiz epic poem in the Manas tradition. প্ৰকাশক London: Penguin. ISBN 9780241544211.