মানস নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মানাহ নদীৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
মানস নদী
মানাহ নদী

অসম-ভূটান সীমান্তত মানস নদী

মানস নদীৰ অৱবাহিকা
দেশৰ মাজেৰে প্ৰবাহমান ভাৰত, ভূটান, চীন
দৈৰ্ঘ্য 376 kilometres (234 মাইল)
নদী পদ্ধতি ব্ৰহ্মপুত্ৰ নদ

মানস নদী বা মানাহ নদী ভাৰতৰ পূৱ প্ৰান্তৰ ৰাজ্য অসমৰ এখন উল্লেখযোগ্য নদী। যোগিনীতন্ত্ৰমতে প্ৰাচীন কামৰূপ ৰাজ্যক যি চাৰিটা পীঠত ভাগ কৰা হৈছিল তাৰে ৰত্নপীঠ আৰু কামপীঠৰ মধ্যৱৰ্তী সীমা আছিল মানাস (মানস)। মানস নদী দক্ষিণ ভুটান আৰু ভাৰতৰ সীমামুৰীয়া অঞ্চলৰ এটা জলপ্ৰবাহ। মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰু বৰ ১০৪ খন উপ-নদীৰ মানস এখন প্ৰধান উপ-নদী। ভূটান ৰাষ্ট্ৰৰ জনসাধাৰণে এই দেশৰ পাহাৰৰ মাজেৰে বৈ অহা নদীখনক 'ডাং মে চু' নামেৰে অভিহিত কৰে। নদীখন তললৈ নামি আহি থাকোতে ভূটানৰ পাংৱান জিলাত 'মাং দে চ্যু' নামৰ নদী এখনৰ লগ হৈ ভাৰতত সোমায়। ভাৰতত 'মানাস' তিনিটা ভাগত বিভক্ত হৈ মানস, বেঁকী আৰু হাকোৱা নাম লৈ প্ৰথমে পূৱমুৱা হৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ গতি কৰে। তাৰ পিছত বিভিন্ন ঠাইৰ মাজেৰে দিশ সলাই দক্ষিণ দিশে ধাৱমান হয়। হাকোৱা নৈখন কিছুদূৰ নামি আহি পুনৰ মানস নৈত লগ লাগে। তেনেদৰে মানস নৈৰ পৰা এটি সুঁতি নল-খাগৰিৰ মাজেৰে একা-বেঁকাকৈ বৈ আহি বেঁকী নদীত পৰে- যিটো সুঁতি জনসাধাৰণৰ মাজত নলযোৰা নামে পৰিচিত।

মানস নামৰ উৎপত্তিৰ কাহিনী[সম্পাদনা কৰক]

'মানস' নামটোৰ উৎপত্তিৰ বিভিন্ন কাহিনী প্ৰচলিত আছে। মানসকলে অসম আক্ৰমণ কৰি বাধাহীন ভাৱে পূৱৰ পৰা পশ্চিমলৈ এটা বিস্তৃত অঞ্চল নিজৰ অধীনলৈ আনিছিল। কিন্তু এঠাইত এখন বিশেষ নদীয়ে তেওঁলোকৰ এই অভিযানত বাধাৰ সৃষ্টি কৰে। নদীখন পাৰ হ'ব নোৱাৰি থমকি ৰবলগীয়া হয় মানসকল। নদীখনৰ পাৰটোতে মানসকলে জয়ৰ শেষ সীমা কৰি উভতি যাবলগীয়া হয়। মানসকল এই নদীৰ পাৰ পৰ্যন্ত আহিছিল বাবেই সেই অঞ্চলেৰে প্ৰবাহিত নদীখনৰ নাম মানস (মান+আহ) হৈছিল বুলি কিছুমানে বিশ্বাস কৰে।

আন এচামৰ মতে নিজৰ সুতীব্ৰ তৰ্ংগায়িত জলৰাশিৰে মানসকলৰ অগ্ৰগতিত এই নদীখনে বাধাৰ সৃষ্টি কৰিছিল বাবেই ইয়াৰ নাম মানস হ'ল (মানা অৰ্থাৎ বাধা দিয়া কাৰ্য)।

একেদৰেই মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বৰ্তমানৰ মঠনগুৰিত ভগৱান শিৱৰ মঠ এটা থকা বাবে ঠাইখনৰ নাম 'মঠৰগুৰি' হয়। হিমালয় পৰ্বতৰ কৈলাশত মহাদেৱৰ বাসস্থান আৰু তাৰ পৰা কিছু নিলগত তেওঁৰ জীয়ৰী মনসাৰ বাসস্থান। এই মঠনগুৰিত দেৱী মনসাৰো এটি মঠ আছিল। তাত ভক্তগণে তেওঁক আগবঢ়োৱা পূজাত সন্তুষ্ট হৈ উৎফুল্ল মনেৰে সেই ঠাইত বিচৰণ কৰিছিল আৰু হিমালয়ৰ নামনিৰে বৈ অহা নিৰ্মল জলধাৰাত স্নান কৰি তৃপ্ত হৈছিল। দেৱী মনসাৰ বিচৰণভূমিৰ জলধাৰা তেওঁৰ নামেৰেই মানাস বা মানস নামেৰে জনাজাত হোৱা বুলি জলশ্ৰুতিও বিদ্যমান।

আন এটা কাহিনী অনুযায়ী কোঁচ ৰাজ্যৰ সিংহাসনচ্যুত ৰজা নৰসিংহই ৰজা নৰনাৰায়ণৰ ভয়ত নিজে স্থাপন কৰা আইখিৰি নদীৰ পাৰৰ গাঁৱৰ পৰা নেপাললৈ পলায় যায়। কিন্তু তেওঁৰ কন্যা মানসীয়ে পিতৃক অনুকৰণ নকৰি ভূটানৰ পাদদেশত আশ্ৰয় লয় আৰু মন্দিৰ সাজি শিৱৰ আৰাধনাত ব্ৰতী হয়। সেই মন্দিৰৰ ভগ্নাৱশেষ ঐতিহ্যৰ আকৰ্ষণ হিচাপে এতিয়াও আছে। তেওঁৰ নামেৰে ঠাইখনৰ নাম মানাস, পিছলৈ মানস হোৱা বুলিও মানুহে ধাৰনা কৰে।

মানস নদীৰ বিস্তৃত অঞ্চল[সম্পাদনা কৰক]

মানস নৈ খনে অসমৰ বুৰঞ্জীৰ পাত উজলাই ৰাখিছে। মহাভাৰতৰ ভীষ্ম পৰ্বত কবি ৰামসৰস্বতীয়ে বৰ্ণনা কৰিছে এইদৰে-

বৃহৎ নগৰ তান্দ্ৰ কাৰণ যে স্থান।
সত্যভুমে যত্নে তাক কৰিছা নিৰ্মাণ।।
তাহাৰ নিকতে বহে সুন্দৰ মানস।
যাত হন্তে তৰ্পণে দুখৰ হোৱে নাশ।।

কবিগৰাকীৰ জন্মৰ সময়ত হাউলীৰ মাজেৰে বোৱা বৰনগৰস্থ মানস প্ৰবল জীৱন্ত নদী আছিল। বৰ্তমান সেই অঞ্চলৰ উদ্দাম গতিৰ বেঁকী নদীৰ নাম-গোন্ধেই নাছিল। ১৮৯৭ খ্ৰীষ্টাব্দৰ ভুমিকম্পৰ পিছতহে বেঁকীয়ে প্ৰৱলতা লাভ কৰে আৰু প্ৰাচীন বৰনগৰ ৰাজ্যখন দুটা অঞ্চলত বিভক্ত হয়-হাউলী আৰু নতুন বৰনগৰ হিচাপে এই বৰনগৰেই বৰ্তমানৰ বিস্তৃত সৰভোগ।

এই মানস নৈ খন বৰ্তমান বৰপেটা জিলাৰ সীমা হিচাপেও নিৰ্দ্ধাৰিত হয়। ভূটানৰ পৰা নামি অহা খৰস্ৰোতা বুৰঞ্জীপ্ৰসিদ্ধ নৈখনৰ দৈৰ্ঘ্য সৰ্বমুঠ ৩৭৬ কিলোমিটাৰ অৰ্থাৎ ২৩৪ মাইল। ভূটানৰ বোৱতী অংশ ২৭২ কিলোমিটাৰ আৰু অসমৰ বোৱতী অংশ ১০৪ কিলোমিটাৰ। নৈখন আগৰ বগৰীবাৰী পৰগণাৰ মাজেৰে বৈ গৈ যোগীঘোপাৰ ওচৰত বিশাল ব্ৰহ্মপুত্ৰত লগ লাগিছে। মানস নদী বাৰমহীয়া। হিমালয় অঞ্চলৰ উল্লেখযোগ্য নদী ব্ৰহ্মপুত্ৰক কেতিয়াও শুকাই নোযোৱা পৰ্বতৰ উঁহে পানীৰ যোগান ধৰে। সেয়ে ইয়াৰ প্ৰধান উপনদী সমুহৰ অন্যতম মানস নদী খৰালি কিছু শীৰ্ণ হ'লেও ইয়াৰ পানী অবিৰতভাৱে সদায়ে বৈ আছে। বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতত নাও চলাচলত আহি পৰা সংকটৰ সময়ত নাওবিলাকে মানস নৈৰ বুকুত আশ্ৰয় কৰি উজাই আহি চাউলখোৱা নদীৰে হাজো আৰু সেই পথেৰে সহজতে গুৱাহাটী পাইছিল।

ভূটান আৰু অসমৰ নদী উপত্যকাত নৈখনে ৰাজ্যৰ বিভিন্ন সুঁতি আৰু পৰ্বতীয়া জুৰিৰ লগ লাগি প্ৰবল বেগেৰে আহি অসমত সোমাই পৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যান তথা মঠনগুৰিৰ মাজেৰে বৈ আহি অবিভক্ত কামৰুপ জিলা আৰু গোৱালপাৰা জিলাৰ সীমা নিৰ্দ্ধাৰণ কৰি আহি ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। সাম্প্ৰ্তিক কালত এই নদীখনে বেঁকী আৰু চাউলখোৱা নদীৰ লগ-লাগি ব্ৰহ্মপুত্ৰৰ পাৰৰ তাহানিৰ বুৰঞ্জীপ্ৰসিদ্ধ হাদিৰাচকী আৰু বৰ্তমানৰা বাঘবৰ পাহাৰৰ পশ্চিমাঞ্চলৰ লুইতত পৰিছে। ১৭৯৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত আমদানি-ৰপ্তানি সামগ্ৰীৰ শুল্ক আদায়ৰ বাবে এখন চুক্তি সম্পাদিত হৈ হাদিৰাত চকী স্থাপিত হৈছিল (১৮১ পৃ: বৰপেটাৰ বুৰঞ্জী)। এই মানসে বুকুত কঢ়িয়াই ফুৰিছে দেশৰ ৰাজনৈতিক উত্থান-পতনৰ বুৰঞ্জীৰ অলেখ কাহিনী। এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে-কিদৰে নদীৰ বুকুত লীন হৈছে বহুতো গাঁও আৰু একেদৰে নদীয়ে গতি সলাই তাৰ বুকুত গঢ়িছে গাঁও। সম্প্ৰতি জিলা বিভক্ত হোৱাৰ পিছত উত্তৰ অসমৰ বিটিএ ডিৰ নৱগঠিত চিৰাং জিলাৰ পশ্চিম সীমা আৰু গোৱালপাৰাৰ কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ পূৱ সীমাৰে জিলাকেইখনৰ সীমা নিৰ্দ্ধাৰণকাৰী নদীৰুপে পৰিগণিত হৈছে।

অবিভক্ত কামৰুপ আৰু গোৱালপাৰা জিলাৰ মাজৰ সীমামুৰীয়া নদীখনৰ পুৰণি নাম 'সুৱৰ্ণ মানাস'। এই নামৰ উল্লেখ বুৰঞ্জীত পোৱা যায়। ১৬৫৯ খ্ৰীষ্টাব্দত আহোম সৈন্যৰ লগত কোঁচসকলৰ যি তয়াময়া ৰণ হৈছিল, সেই ৰণত আহোম সকলে জয় সাব্যস্ত কৰিব পৰাত কোঁচসকলে সুৱৰ্ণ মানসেৰে পলায়ন কৰিছিল। আনহাতে, কবি ৰাম সৰস্বতীৰ লেখাত পোৱা বিজয়পুৰ তথা হাউলীৰ ওচৰেদি যোৱা নদীখনৰ নাম 'মানাস'। গতিকে একেবাৰে পূৱৰ তেতিয়াৰ জীৱন্ত নদীখন এতিয়া মৰামানস নামে খ্যাত হৈ পৰিছে। ঊনৈশ শতিকাৰ শেষভাগত ১৮৯৭ খ্ৰীষ্টাব্দৰ ভূঁইকঁপৰ পিছত মানহৰ গতিপথৰ পৰিৱৰ্তন হয়। তেতিয়া এটা সৰু জুৰিৰ নিচিনা ক্ষীণ অৱয়ৱৰ মানস নদীৰ এটি সুঁতি বৰজান বৰ বেঁকা-বেঁকীকৈ বৈ অহাত ইয়াৰ নাম বেঁকী হয়। বেঁকী নদী মানসৰ পৰা ফাটি আহি মানসৰ পানীৰে পুষ্ট হৈ চাউলখোৱা নদীৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। বাৰিষা কালত বেঁকীৰ মাজেৰে মানসে নিজৰ শক্তি প্ৰদৰ্শন কৰাটো সকলোৰে জ্ঞাত। বৰ ভুঁইকঁপৰ আগলৈকে এই মানস নদী কোবাল আৰু প্ৰবল সোঁতৰ আছিল। নদীখনেৰে ভূটান পাহাৰৰ ফালৰ পৰা বহু কাঠ ভাহি আহিছিল। মানুহে সেই কাঠ বগাই নদীখন পাৰ হ'ব পাৰিছিল।

মানস নদী উপত্যকাত বহুতো পৰ্বতীয়া সুঁতি আৰু প্ৰাকৃতিক জুৰি লগ হৈ নদীখনক শক্তিশালী কৰি তুলিছে- যাৰ পাৰে পাৰে পৰ্বতৰ পাদদেশত ডাঠ পৰ্নপাতী অৰণ্য গঢ় লৈ উঠিছে। বালি আৰু শিলাময় এক মনোৰম দৃশ্যৰ পয়োভৰ ঘটিছে। বিৰাজ হৈছে জৈৱ-বৈচত্ৰ্যৰ এক অপূৰ্ব পৰিৱেশ। জলবায়ুৰ সঘন পৰিৱৰ্তনে দক্ষিণৰ গৰম আৰু আদ্ৰাৱস্থা সৃষ্টি কৰি উত্তৰাঞ্চল ঠাণ্ডা আৰু শুষ্ক অৱস্থালৈ ধাৱমান হৈছে। ইয়াৰ ফলত মৌচুমী বায়ু প্ৰবল হৈ গ্ৰীষ্মকালত বৰষুণ মাত্ৰাধিক আৰু শীতকালত বৰষুণৰ অভাৱত শুকান বতৰ সৃষ্টি হয়। সেই অনুপাতে গ্ৰীষ্ম আৰু শীতত বোৱতী পানীৰ মাত্ৰাও ২০ গুণ পৰ্যন্ত কম-বেছি হোৱা পৰিলক্ষিত হয়। মানসে প্ৰায় ৭৬৪১ কিউবিক মিটাৰ পানী ব্ৰহ্মপুত্ৰলৈ বোৱাই নিয়ে- যিয়ে নেকি ব্ৰহ্মপুত্ৰৰ সৰ্বমুঠ বোৱতী পানীৰ প্ৰায় ৫.৪৮% যোগান ধৰে। সভ্যতা আৰু সংস্কৃতি গঢ় লোৱা মানসৰ দুয়োকাষৰ ভুমি সেয়েহে এক বিশাল কৃষিভূমিলৈ পৰিৱৰ্তন হৈছে।মানস নদীখন অসমৰ ৰাইজৰ বৰ আদৰৰ, বৰ হেঁপাহৰ। ইয়াত জড়িত হৈ আছে অসমীয়াৰ আশা-নিৰাশা, জয়-পৰাজয়। মানসে অসমৰ সভ্যতা-সংস্কৃতিলৈ যি অভূতপূৰ্ব বৰঙণি যোগাই আহিছে তাৰ উমান বুৰঞ্জীয়েহে দিব পাৰে। পৰিৱৰ্তিত সময়ৰ লগে লগে ই গতি সলাইছে। নতুন নতুন ৰুপত নতুন অঞ্চলেৰে গতি কৰিছে। কিন্তু এই গতি নিৰবধি। নিজৰ স্বছন্দ গতিৰে আগুৱাই যাওঁতে বহন কৰি গৈছে ইতিহাসৰ বহু ঘটনাৰ সাক্ষ্য। অনেক স্মৃতিৰ টুকুৰা বুকুত সাবটি অবিৰতভাৱে ধাৱমান হৈ আছে বিশাল ব্ৰহ্মপুত্ৰৰ বুকুলৈ- যাৰ মাজেৰে লীন হৈ যাৱ সুবিশাল সাগৰত।