সমললৈ যাওক

মানি হাঘিঘি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানি হাঘিঘি

২০১৬ চনৰ ফজৰ চলচ্চিত্ৰ মহোৎসৱত হাঘিঘি
জন্ম ৪ মে', ১৯৬৯ (৫৭ বছৰ)
তেহৰাণ, ইৰান
শিক্ষানুষ্ঠান এপলবী কলেজ
মেকগিল বিশ্ববিদ্যালয়
ট্ৰেণ্ট বিশ্ববিদ্যালয়
গুৱেলফ বিশ্ববিদ্যালয়
পেচা চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
পিতৃ-মাতৃ নেমত হাঘিঘি (পিতৃ)
লিলি গোলেস্তান (মাতৃ)

মানি হাঘিঘি (জন্ম: ৪ মে’, ১৯৬৯) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, লেখক, প্ৰযোজক আৰু অভিনেতা। হাঘিঘিয়ে ২০০১ চনৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

হাঘিঘিৰ জন্ম তেহৰাণত হৈছিল। তেওঁ অনুবাদক তথা গেলাৰীৰ গৰাকী লিলি গোলেস্তান আৰু চিনেমাটোগ্ৰাফাৰ নেমত হাঘিঘিৰ পুত্ৰ। তেওঁৰ ককাদেউতা (মাতৃৰফালৰ) আছিল বিশিষ্ট লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা ইব্ৰাহিম গোলেস্তান।

হাঘিঘিয়ে ইৰানত শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৫ বছৰ বয়সৰপৰা কানাডাৰ এপলবী কলেজত অধ্যয়ন কৰে। তেওঁ মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে, য’ত তেওঁ চাৰ্লস টেলৰ আৰু ব্ৰায়ান মাছুমীৰ অধীনত অধ্যয়ন কৰিছিল। তাত থাকোঁতে তেওঁ হেৰল্ড পিণ্টাৰৰ বিট্ৰায়েল আৰু উইলিয়াম শ্বেইকছপীয়েৰৰ মেকবেথ আদি নাটক পৰিচালনা কৰিছিল। ইয়াৰ পিছত তেওঁ গুৱেলফ আৰু ট্ৰেণ্ট বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰে। তেওঁ ব্ৰায়ান মাছুমীৰদ্বাৰা সম্পাদিত এ শ্বক টু থট: এক্সপ্ৰেচন আফটাৰ ডেলিউজ এণ্ড গুৱাট্টৰী গ্ৰন্থখনৰ এটা অধ্যায় লিখিছিল আৰু মিচেল ফুকোৰ দিচ ইজ নট এ পাইপ গ্ৰন্থখন ফাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

হাঘিঘিৰ খুৰা/বৰদেউতা তথা ফটো-সাংবাদিক কাভেহ গোলেস্তানে তেওঁক ফটোগ্ৰাফী আৰু চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে চিনাকি কৰাই দিছিল।

হাঘিঘিয়ে ২০০১ চনত ইৰানলৈ ঘূৰি আহে আৰু কেইবাবছৰো বিজ্ঞাপন জগতত কাম কৰে, য’ত তেওঁ টেলিভিছনৰ ব্যাৱসায়িক বিজ্ঞাপন, শিক্ষামূলক চলচ্চিত্ৰ আৰু তথ্যচিত্ৰৰ শ্বুটিং কৰে। তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আবাদান (২০০২) কোনো চৰকাৰী অনুমতি নোহোৱাকৈ ছনী পিডি-১৫০ কেমেৰাৰে শ্বুটিং কৰা হৈছিল। ডিজিটেল কেমেৰাৰে শ্বুটিং কৰা এইখন প্ৰথম ইৰানীয় স্বতন্ত্ৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল। ২০০২ চনত ত্ৰিবেঁকা চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।

আব্বাছ কিয়াৰোস্তামীৰ এটা কাহিনীৰ ধাৰণাৰ ওপৰত আধাৰিত কৌতুকধৰ্মী চলচ্চিত্ৰ মেন এট ৱৰ্ক (২০০৬)-ৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ ফৰাম শাখাত প্ৰিমিয়াৰ হৈছিল আৰু ইয়াৰ চিত্ৰনাট্যৰ বাবে এছিয়ান ফিল্ম এৱাৰ্ডকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

২০০৬ চনত হাঘিঘি আৰু আছগৰ ফাৰহাদীয়ে মিলি ফায়াৰৱৰ্কছ ৱেডনেচডে নামৰ এখন সামাজিক-বাস্তৱবাদী ঘৰুৱা ড্ৰামা চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখে, য’ত সমসাময়িক তেহৰাণৰ শ্ৰেণী সংঘাত আৰু বিচ্ছিন্নতাৰ বিষয়সমূহ উপস্থাপন কৰা হৈছিল। ফাৰহাদীয়ে পৰিচালনা কৰা এই ছবিখনৰ লকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত প্ৰিমিয়াৰ হৈছিল আৰু নাণ্টেছৰ থ্ৰী কণ্টিনেণ্টছ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি চিকাগো চলচ্চিত্ৰ মহোৎসৱত ছবিখনে গোল্ডেন হ্যুগো বঁটা আঁজুৰি আনিছিল।

কানান (২০০৭) আছিল ফাৰহাদীৰ সৈতে হাঘিঘিৰ দ্বিতীয়টো যৌথ লিখনী। এইখন নোবেল বঁটা বিজয়ী কানাডীয় লেখিকা এলচ মুনৰোৰ চুটি গল্প "প'ষ্ট এণ্ড বীম"-ৰ ওপৰত আধাৰিত আছিল। এই ছবিখনে হাঘিঘিক অদ্ভুত কৌতুকধৰ্মী ধাৰাৰপৰা আঁতৰাই ঘৰুৱা সংঘাতৰ এক পোনপটীয়া আখ্যানলৈ লৈ গৈছিল। চিনেমাখনে তেহৰাণৰ ফজৰ চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় শাখাত দৰ্শকৰ পছন্দৰ বঁটা লাভ কৰিছিল।

তেওঁৰ চতুৰ্থখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ মডেষ্ট ৰিচিপশ্বন (২০১২) নাট্য পৰিচালক আমিৰ ৰেজা কোহেস্তানীৰ সহযোগত লিখা হৈছিল। হাঘিঘিয়ে নিজৰ পুৰণি অদ্ভুত কৌতুকধৰ্মী ধাৰালৈ প্ৰত্যাৱৰ্তন কৰা এই ছবিখনত দুজন চহৰীয়া মানুহৰ (হাঘিঘি নিজে আৰু তাৰানেহ আলি দোস্তীয়ে অভিনয় কৰা) কাহিনী বৰ্ণনা কৰা হৈছে, যিয়ে এখন অচিনাকি, পাহাৰীয়া আৰু যুদ্ধবিধ্বস্তু অঞ্চলত গাড়ী চলাই ফুৰে আৰু ক্ৰমান্বয়ে নিষ্ঠুৰ চৰ্তৰ বিনিময়ত দুখীয়া গাঁৱৰ মানুহক টকাৰ বেগ বিতৰণ কৰে। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ ফৰাম শাখাত ইয়াৰ প্ৰিমিয়াৰ হয় আৰু নেটৱৰ্ক ফৰ দা প্ৰমোচন অৱ এছিয়ান চিনেমা (NETPAC) বঁটা লাভ কৰে।[1]

পাৰ্চিয়ান উপসাগৰৰ ক্বেশ্ম দ্বীপৰ ষ্টাৰ্ছ উপত্যকাত এ ড্ৰেগন এৰাইভছ! চলচ্চিত্ৰখনৰ শ্বুটিং কৰা হৈছিল। ২০১৬ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ছবিখন প্ৰদৰ্শিত হয়। স্কট ফাউণ্ডাছে এই ছবিখনক বাৰ্লিনেলৰ এক অনন্য আৱিষ্কাৰ বুলি অভিহিত কৰিছিল।

২০১৬ চনত হাঘিঘিয়ে ফিফটি কিল’ছ অৱ চাউৰ চেৰীজ নামৰ এখন জনপ্ৰিয় ৰোমাণ্টিক কৌতুকধৰ্মী ছবি নিৰ্মাণ কৰে, যিখন ইয়াৰ মুক্তিৰ বছৰত ইৰানীয় চিনেমাৰ ইতিহাসত তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। ইছলামিক গণৰাজ্যত নাৰীৰ যৌনতা আৰু ৰোমাঞ্চৰ ব্যতিক্ৰমী উপস্থাপনৰ বাবে ছবিখন অতি সোনকালে বিতৰ্কৰ মাজত সোমাই পৰে। অৱশেষত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হয় আৰু তদানীন্তন সাংস্কৃতিক মন্ত্ৰী আলী জানাতিয়ে ইয়াৰ মুক্তি এক ভুল আছিল বুলি দাবী কৰে। ইয়াৰ প্ৰত্যুত্তৰত হাঘিঘিয়ে জানাতি লৈ ক্ৰমাগত দুখন খোলা চিঠি প্ৰকাশ কৰি চিনেমাখনে অতিক্ৰম কৰা চেন্সৰশ্বিপৰ জটিল প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰে আৰু মন্ত্ৰীজনক প্ৰতাৰণাৰ অভিযোগত অভিযুক্ত কৰে। ইয়াৰ এমাহ পিছতে জানাতিয়ে নিজৰ পদৰপৰা পদত্যাগ কৰে।

২০১৮ চনত হাঘিঘিয়ে পিল (পিগ) নামৰ এখন ব্লেক কমেডী নিৰ্মাণ কৰে। এইখন ক'লা তালিকাভুক্ত এজন চলচ্চিত্ৰ পৰিচালকৰ দুৰ্ভাগ্যপূৰ্ণ কাহিনীৰ ওপৰত আধাৰিত, যাক তেওঁৰ সতীৰ্থসকলক ধাৰাবাহিকভাৱে হত্যা কৰাৰ মিছা অভিযোগত অভিযুক্ত কৰা হয়। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত ইয়াৰ প্ৰিমিয়াৰ হয় আৰু পৰৱৰ্তী সময়ত তৌলৌচৰ ফেষ্টিভেল ইণ্টাৰনেচনেল দু ফিল্ম গ্ৰলেণ্ডাইছৰপৰা শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে। দা নিউয়ৰ্কাৰ পত্ৰিকাৰ ৰিচাৰ্ড ব্ৰডীয়ে ইয়াক বছৰটোৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে নামকৰণ কৰিছিল।[2]

২০২২ চনৰ ছেপ্টেম্বৰ মাহত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্লেটফৰ্ম শাখাত তেওঁৰ শেহতীয়া চলচ্চিত্ৰ চাবট্ৰেকশ্বন-ৰ প্ৰিমিয়াৰ হয়। ফ্ৰান্স আৰু ইৰানৰ যৌথ প্ৰযোজনাত নিৰ্মিত এই নতুন ছবিখনত এটা বিবাহিত দম্পতীৰ কাহিনী দেখুওৱা হৈছে যিয়ে নিজৰ দেখিবলৈ একে ধৰণৰ আন এটা দম্পতীক বিচাৰি পায়। অক্টোবৰ মাহত ইৰানৰ এক ৰাজনৈতিক অস্থিৰতাৰ সময়ত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শনৰ বাবে যুক্তৰাজ্যলৈ যাবলৈ ওলাওঁতে হাঘিঘিৰ পাছপৰ্ট বাজেয়াপ্ত কৰা হয় আৰু তেওঁক দেশ এৰি যোৱাত বাধা প্ৰদান কৰা হয়।[3]

মেহৰজুই তথ্যচিত্ৰসমূহ

[সম্পাদনা কৰক]

২০০৭ চনৰপৰা ২০১৬ চনৰ ভিতৰত হাঘিঘিয়ে ইৰানীয় চলচ্চিত্ৰ নিৰ্মাতা দৰিউছ মেহৰজুইৰ ওপৰত দুখন তথ্যচিত্ৰ প্ৰযোজনা আৰু পৰিচালনা কৰে। চুটি ছবি হামুনছ ফেন্স (২০০৮)-ত মেহৰজুইৰ ক্লাছিক ছবি হামুন (১৯৮৯)-ৰ অভূতপূৰ্ব সফলতাৰ কথা উপস্থাপন কৰা হৈছিল। দ্বিতীয়খন ছবি মেহৰজুই: দা ফ’ৰ্টি য়েৰ ৰিপ’ৰ্ট (২০১৫) হৈছে মেহৰজুই নিজে, তেওঁৰ সতীৰ্থ আৰু সমালোচকসকলৰ বিতং সাক্ষাৎকাৰৰ জৰিয়তে মেহৰজুইৰ সমগ্ৰ কৰ্মৰাজিৰ এক অন্বেষণ। এই ছবিখনে তেহৰাণৰ ফজৰ চলচ্চিত্ৰ মহোৎসৱৰপৰা শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালকৰ বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]