সমললৈ যাওক

মানুছিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানুছিহা (বাৰ্মিজ: မနုဿီဟ; ছান: မၼုၵ်ႉသီႇႁႃႉ; ইংৰাজী: Manussiha; আক্ষৰিত অৰ্থ: 'মানুহ-সিংহ'), এবিধ বাৰ্মিজ কিংবদন্তীমূলক জীৱ৷ এই জীৱটো দেখিবলৈ আধা মানুহ আৰু আধা সিংহৰ দৰে৷[1] নৱজাত ৰাজকীয় শিশুসকলক সাগৰৰ পৰা অহা ৰাক্ষসী সকলে ভক্ষণ কৰাৰ পৰা ৰক্ষা কৰিবলৈ বৌদ্ধ সন্ন্যাসীসকলে এই জীৱ বিধ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। সাধাৰণতে বৌদ্ধ মঠ (পেগোডা) সমূহৰ চাৰিটা চুকত এই জীৱৰ মূৰ্ত্তিবোৰে পহৰা দি থকা দেখা যায়। ইয়াৰ মূৰ আৰু কান্ধ মানুহৰ দৰে আৰু শৰীৰৰ পিছফালৰ অংশ সিংহৰ দৰে। মানুহ আৰু সিংহৰ মিশ্ৰ আকৃতিৰ বাবে ইয়াক বাৰ্মিজ স্ফিংক্স বুলি ক'ব পাৰি।[2][3] উল্লেখযোগ্য যে শ্বেডাগন পেগোডাৰ (Shwedagon Pagoda) মোহৰ[4] আৰু সুৰক্ষাকৰ্মীৰ পেচ বেজত মানুছিহাৰ প্ৰতীক ব্যৱহাৰ কৰা হয়।[5]

ব্যুৎপত্তি

[সম্পাদনা কৰক]
এখন অভিধানৰ পৃষ্ঠাত থকা মানুছিহাৰ চিত্ৰ

মানুছিহা (မနုဿီဟ) শব্দটো দুটা পালি শব্দৰ সংমিশ্ৰণ; মানুষ (မနုဿ) অৰ্থাৎ "মানুহ" আৰু ছিহা (သီဟ) অৰ্থাৎ "সিংহ"। এইদৰে ইয়াক আক্ষৰিক অৰ্থত "মানুহ-সিংহ" বুলি অনুবাদ কৰিব পাৰি।

ম্যানমাৰ ভাষা আয়োগৰ দ্বাৰা প্ৰকাশিত ম্যানমাৰ-ইংৰাজী অভিধানত မနုဿီဟৰ সংজ্ঞা দিয়া হৈছে:
မနုဿီဟ
শৰীৰৰ মূল অংশ মানুহৰ আৰু পিছফালৰ অংশ সিংহৰ দৰে এবিধ কল্পনাতীত জীৱ, যাক কাঁইতীয়া ঠেঙৰ সৈতে কুঁজা হৈ থকা ভংগীমাত চিত্ৰিত কৰা হয়৷
[পালি မနုဿ + သီဟ]।[6]

মানুছিহাৰ ইতিহাস সম্পৰ্কীয় আটাইতকৈ বিখ্যাত সংস্কৰণটো হৈছে সাশনালংকায়া লেখাসমূহ (သာသနာလင်္ကာရစာတမ်း)৷[টোকা 1] এই লেখাসমূহৰ মতে খ্ৰীষ্টপূৰ্ব ২৩৫ চনত প্ৰথম মানুছিহাৰ উদ্ভৱ হৈছিল৷ ই প্ৰকৃত জীৱ নহয়, বৰঞ্চ ৰাক্ষস, দানৱ আৰু দুষ্ট আত্মাক ভয় খুৱাবলৈ নিৰ্মাণ কৰা এক মূৰ্তিহে।

ভগৱান বুদ্ধৰ পৰিনিৰ্ব্বানৰ ২৩৫ বছৰ পিছত পাঁচজন বৌদ্ধ সন্ন্যাসী সুৱৰ্ণভূমিৰ সাধুইমত উপস্থিত হৈছিল৷ সেই সময়ত তাত ৰজা ছিৰিমাশোকে ৰাজত্ব কৰিছিল। চহৰখন সাগৰৰ ওচৰত থকাৰ বাবে সাগৰত বাস কৰা বিলুহমাসকলে ৰাজগৃহৰ পৰা কেঁচুৱাবোৰ খাবলৈ আহিছিল। সন্ন্যাসীসকল অহাৰ দিনা ৰাণীয়ে এটা কেঁচুৱা জন্ম দিছিল আৰু সেই শিশুটো খাবলৈ ৫০০ বিলুহমা আহিছিল। দেশৰ প্ৰজাসকলে বৰ ভয় খাইছিল। তাৰ পিছত সন্ন্যাসীসকলে নিজৰ শক্তি ব্যৱহাৰ কৰি মানুহক মূৰ আৰু পিছফালটো সিংহ সদৃশ ১০০০ টা ভয়ংকৰ প্ৰতিমূৰ্তি সৃষ্টি কৰিছিল৷[7] এইদৰেই মানুছিহাৰ উৎপত্তি হৈছিল৷

এনেধৰণৰ কাহিনী ইতিহাসৰ বিভিন্ন সংস্কৰণত পোৱা যায়, কেৱল ৰাজধানী চহৰ সুৱৰ্ণভূমিৰ নাম আৰু স্থান বেলেগ বেলেগকৈ উল্লেখ কৰা হৈছে।[1]

চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক]
  1. In 1193 ME (1831 CE), by the order of the King Mindon, the interior minister and governor of Hsaw Thiri Maha Nanda Thingyan (Sīrimahānandasaṅkran) asked questions and the king's counselor minister Maha Dhamma Thingyan (Mahādhammasaṅkran) answered them , referencing on various canons and scriptures, then the questions and answers were written as the treatises and read out in the royal court. The treatises was clarified and published by Rangoon Hanthawadyy Pitakat Press in 1956.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Manussiha, the Man-lion - Myanmar Religion and Beliefs". Archived from the original on 2009-02-27. https://web.archive.org/web/20090227093704/http://myanmartravelinformation.com/mti-myanmar-religion/manussiha.htm। আহৰণ কৰা হৈছে: 2010-06-19. 
  2. Hunter, A.J (2016). Claw of the Sphinx: Book 2. প্ৰকাশক London, England: Hachette UK. পৃষ্ঠা. 28. ISBN 9780349124339. 
  3. Dr., Uta Gärtnar (1994). Tradition and Modernity in Myanmar: Volume 1. প্ৰকাশক Berlin, Germany: LIT Verlag Münster. পৃষ্ঠা. 437. ISBN 9783825821869. 
  4. "The Board of Trustees of Shwedagon Pagoda". shwedagonpagoda.com. https://www.shwedagonpagoda.com/contact.php. 
  5. "SECURITY OFFICER CARRIES ANTI-DRONE GUN DURING". shutterstock.com. https://editorial01.shutterstock.com/wm-preview-1500/9322755o/46953078/Shutterstock_9322755o.jpg. 
  6. Myanmar-English Official Dictionary. Department of the Myanmar Language Commission. 
  7. မဟာဓမ္မသင်္ကြန် [Maha Dhamma Thingyan] (1956). သာသနာလင်္ကာရစာတမ်း [Sāsanālaṅkāya Treatises]. প্ৰকাশক Rangoon (Yangon): Hanthawadyy Pitakat Press. পৃষ্ঠা. 57–58. Archived from the original on 2022-03-27. https://web.archive.org/web/20220327083539/http://www.kbrl.gov.mm/book/details/000904?categoryId=42। আহৰণ কৰা হৈছে: 2025-02-09.