সমললৈ যাওক

মানো (পৌৰাণিক কাহিনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানো, মান্নো, আস্কে বা মান্না হৈছে ছামি পৌৰাণিক কাহিনীত চন্দ্ৰদেৱী ৰূপ।

ছামি জাতিৰ বিশ্ব দৃষ্টিভঙ্গি আনিমিজম বা আনিমিষ্টিক স্বভাৱৰ, য’ত ছামানবাদী বৈশিষ্ট্য থকা দেখা যায়। সেই বিশ্বদৃষ্টিত দেৱ-দেৱীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে। প্ৰাকৃতিক প্ৰত্যেক শক্তিৰ লগত কোনোবা দেৱ-দেৱীৰ সম্পৰ্ক আছে বুলি ধৰা হয়, আৰু জীৱন নিৰ্বাহৰ উৎসসমূহ আত্মিক জগতৰ শক্তিসমূহৰ দ্বাৰা সুৰক্ষিত বুলি বিশ্বাস কৰা হয়, যাক অনুকূল কৰিবলৈ বিশেষ উপাসনা কৰা হয়।[1]

অন্যান্য প্ৰকৃতি দেৱীৰ দৰে, মানোও অনিশ্চিত আৰু বিপজ্জনক ৰূপে ধৰা হয়। তেওঁৰ উপাসনা নতুন চন্দ্ৰৰ সময়ত বিশেষকৈ শীতকালীন অয়নান্তৰ সময়ত কৰা হয়। এই সময়ছোৱাত যিকোনো প্ৰকাৰৰ শব্দ কৰা নিষিদ্ধ বুলি গণ্য কৰা হৈছিল।[2]

খ্ৰীষ্টান মিচনাৰীসকল আৰু পাদ্ৰীসকলে সাধাৰণতে এই পেগানিজম বা পেগান ধাৰণাসমূহ বুজি নোপোৱাকৈ তাক চয়তানিক বুলি বিবেচনা কৰিছিল। ছামিসকলক বলপূৰ্বক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰা হৈছিল, আৰু ছামানবাদী আচাৰসমূহ নিষিদ্ধ কৰা হৈছিল।[1]

ছামি ধৰ্মীয় বিশ্বাসৰ অন্তৰ্গত আত্মিক জগত ছামি জনগোষ্ঠীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। ছামান হ’ল এই জগত আৰু আত্মিক জগতৰ মাজৰ সংযোগ স্থাপনকাৰী। কিছুমান ছামি ছামানৰ নোৱাইডি ড্ৰাম থাকে, আৰু অন্ততঃ এজন ছামানৰ ড্ৰামত মানো চন্দ্ৰৰ চিহ্ন থকা এটি ড্ৰাম পোৱা গৈছে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]