মান্ধাতা
| মান্ধাতা | |
|---|---|
কৃষ্ণই ইন্দ্ৰৰ বেশত মান্ধাতাক পৰামৰ্শ দিয়ে। | |
| সন্তান | পুৰুকুৎস, অম্বৰীষ, আৰু মুচুকুণ্ড |
| হিন্দু পাঠ্য | মহাভাৰত |
মান্ধাতা বা মান্ধাতৃ বা মান্ধাত্ৰী (সংস্কৃত: मान्धा, মান্ধাত্ৰ) ভাৰতৰ সূৰ্যবংশ বা সৌৰবংশৰ ৰঘুবংশ শাখাৰ এজন কিংবদন্তি প্ৰাগঐতিহাসিক ৰজা আছিল।[1] তেওঁ সমগ্ৰ বিশ্ব জয় কৰি ঋগবেদৰ ১০ নং মণ্ডলৰ ১৩৪ নং গীত ৰচনা কৰিছিল বুলি কোৱা হয়।[2] মহাভাৰতে তেওঁক যুৱনাশ্বৰ পুত্ৰ বুলি অভিহিত কৰিছে।[3][4] তেওঁ যাদৱৰ ৰজা শশবিন্দুৰ কন্যা বিন্দুমতীক বিয়া কৰায়।[5] পুৰাণৰ মতে তেওঁৰ তিনিজন পুত্ৰ আছিল- পুৰুকুৎস, অম্বৰীষ আৰু মুচুকুণ্ড। তেওঁৰ মহানতা, উপকাৰিতা আৰু উদাৰতাৰ বাবে তেওঁক স্মৰণ কৰা হয়।[6]
জন্ম
[সম্পাদনা কৰক]মহাভাৰতৰ বনপৰ্ব, দ্ৰোণ পৰ্ব, শান্তি পৰ্বত মান্ধাতাৰ আখ্যান আছে।
অযোধ্যাৰ ৰজা যুৱনাশ্বই এবাৰ চিকাৰ কৰিবলৈ গৈ দুপৰীয়া পিয়াহত জুৰুলা হৈ পৰিছিল। তেওঁ যজ্ঞৰ স্থানৰ ওচৰলৈ আহিল আৰু তেওঁ ঘূৰি-পকি চাই পৱিত্ৰ যজ্ঞৰ ঘিউখিনি পান কৰিলে, যাৰ ফলত তেওঁ গৰ্ভধাৰণ কৰিলে। আশ্বিন ভাতৃদ্ৱয়ে ৰজাৰ গৰ্ভৰপৰা সন্তানটো উলিয়াই আনিলে। আনকি দেৱতাসকলেও শিশুটিক কেনেকৈ পোহপাল দিব বুলি গুণ-গঁথা কৰিছিল, তেতিয়াই ইন্দ্ৰই তেওঁৰ আঙুলিৰপৰা কিছু অমৃত উৎপন্ন কৰিছিল আৰু সেইখইনি শিশুটোৱে সেৱন কৰিছিল। ইন্দ্ৰৰ হাতৰপৰা শক্তি আহৰণ কৰি মান্ধাতৃ অসীম শক্তিশালী হৈ উঠিল।[7]
বিজয়
[সম্পাদনা কৰক]কেৱল ইচ্ছাশক্তিৰে তেওঁ এদিনতে সমগ্ৰ পৃথিৱীখন জয় কৰিলে। তেওঁ উশীৰ্বিগৰ ৰজা মৰুৎ, অসিত, দ্ৰুহু ৰজা অংগৰা, নৃগ, অংগৰ বৃহদ্ৰথ, সুনা, জয়, জন্মেজয়, সুধনৱন, কন্যাকুব্জৰ গয়া, অংগাৰৰ পুত্ৰ গান্ধাৰ আদি কেইবাজনকো যুদ্ধত পৰাস্ত কৰিবলৈ আগবাঢ়িল। মান্ধাতাই পাতাল, ভূলোক আৰু স্বৰ্গৰ অৰ্ধেক জয় কৰি ত্ৰিজগতৰ শাসক হ'ল।
মহাভাৰতত উল্লেখ আছে যে, অযোধ্যাৰ ৰজা মান্ধাতাই সম্পূৰ্ণ বিশুদ্ধ সোণেৰে গঠিত আৰু কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোহিত বা ৰৌ মাছৰ বিশাল মূৰ্তি ব্ৰাহ্মণসকলক দান হিচাপে প্ৰদান কৰিছিল। তেওঁ যজ্ঞৰ সময়ত ব্ৰাহ্মণসকলক ১০,০০০ উত্তম জাতৰ গৰুও প্ৰদান কৰিছিল। মান্ধাতৃয়ে এশটা অশ্বমেধ যজ্ঞ আৰু এশটা ৰাজসূয় যজ্ঞ কৰিছিল।[8]
মান্ধাতৃক যৌৱনশ্বিন (যুৱনশ্বৰ পুত্ৰ) আৰু ত্ৰাসদস্যু (দুষ্ট লোকে ভয় কৰা এজন) নামেৰেও জনা গৈছিল। এসময়ত তেওঁ লংকাৰ ৰজা ৰাৱণৰ লগত দ্বৈত যুঁজত যুঁজিছিল যদিও দুয়োপক্ষই সমান হিচাপে অন্ত পৰিল।
মান্ধাতাই যাদৱৰ ৰজা শশবিন্দুৰ কন্যা বিন্দুমতী নামৰ চন্দ্ৰবংশী ৰাজকুমাৰীক বিয়া কৰায়। দম্পতীহালৰ তিনিজন পুত্ৰ আৰু পঞ্চাশগৰাকী কন্যা সন্তান আছিল। তেওঁৰ পুত্ৰ পুৰুকুৎস, অম্বৰীষ আৰু মুচুকুণ্ড সমানেই বিখ্যাত আছিল।[6] মান্ধাতৃৰ কন্যাই সুদৰ্শন তপস্বী সৌভাৰীৰ প্ৰেমত পৰি তেওঁক বিয়া কৰাইছিল এই সৌভাৰীৰপৰাই ব্ৰাহ্মণ্যৰ উৎপত্তি হৈছিল। মান্ধতৃৰ জ্যেষ্ঠ পুত্ৰ সুসন্ধি তেওঁৰ উত্তৰাধিকাৰী হয়।
মৃত্যু
[সম্পাদনা কৰক]মান্ধাতা বয়স হোৱাৰ লগে লগে তেওঁৰ অহংকাৰ বাঢ়ি আহিল আৰু তেওঁ ইন্দ্ৰৰ শাসিত স্বৰ্গ অঞ্চল স্বৰ্গক সম্পূৰ্ণৰূপে জয় কৰিবলৈ ইচ্ছা কৰিলে। এই কথাত ইন্দ্ৰই বিচলিত হৈ মান্ধাতাক ক’লে যে, তেওঁ পৃথিৱীখন সম্পূৰ্ণৰূপে জয় কৰা নাই। ইন্দ্ৰই মান্ধাতাক ক’লে যে মধু আৰু লংকাৰ ৰজা ৰাৱণৰ ভগ্নী কুম্ভিনেশিৰ পুত্ৰ অসুৰ লৱণ তেওঁৰ শাসনৰ অধীন নহয়। মান্ধাতাই লৱণাসুৰৰ নগৰ মধুপুৰী আক্ৰমণ কৰে। লৱণৰ হাতত আছিল পিতৃ ৰজা মধুক শিৱই দিয়া এটা ঐশ্বৰিক ত্ৰিশূল। যেতিয়ালৈকে তেওঁৰ হাতত ত্ৰিশূল থাকিব, তেতিয়ালৈকে যুদ্ধত লৱণক কোনেও পৰাস্ত কৰিব নোৱাৰিব। লৱণাসুৰে ত্ৰিশূলটো হাতত লৈ মান্ধাতৃ আৰু তেওঁৰ বাহিনীক জ্বলাই নিমিষতে ছাই কৰি পেলালে। পাছলৈ মান্ধাতৃৰ বংশধৰ শত্ৰুঘ্নই লৱণক বধ কৰে।
বৌদ্ধ ধৰ্ম
[সম্পাদনা কৰক]ৰজা মান্ধাতৃক বৌদ্ধ ধৰ্মত মান্ধাত (မန္ဓာတ်) বা মান্ধাতু (मन्धाতু) বুলি জনা যায়। তেওঁৰ কাহিনী মান্ধাতু-জাতকত বৰ্ণনা কৰা হৈছে। ৰজা মান্ধাতু আছিল এজন বোধিসত্ত, যিয়ে সমগ্ৰ বিশ্বতে চক্ৰৱৰ্তী সম্ৰাট হিচাপে ৰাজত্ব কৰিছিল। কিন্তু তেওঁ কেৱল পাৰ্থিৱ আধিপত্যৰ প্ৰতি বিৰক্ত হৈ স্বৰ্গ ৰাজ্যকে ধৰি সকলো মহাবিশ্বত শাসন কৰিবলৈ চেষ্টা কৰিছিল। এইদৰে মান্ধাতাক স্বৰ্গৰাজ্যৰ আধা অংশ ভগৱান ইন্দ্ৰই দিছিল। কিন্তু সম্ৰাট অধিক লোভী হৈ ইন্দ্ৰক হত্যা কৰি সমগ্ৰ স্বৰ্গ নিজৰ বাবে লোৱাৰ আকাংক্ষা কৰিলে। কিন্তু, মান্ধাতাই লগে লগে স্বৰ্গৰপৰা পৃথিৱীলৈ সৰি পৰিল আৰু জনসাধাৰণক চূড়ান্ত নৈতিক শিক্ষাৰ এটা উদাহৰণ ৰাখি মৃত্যুবৰণ কৰে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ wisdomlib.org (2012-06-29). "Mandhatri, Māndhātṛ, Mandhātṛ: 15 definitions". wisdomlib.org. https://www.wisdomlib.org/definition/mandhatri#hinduism। আহৰণ কৰা হৈছে: 2022-11-30.
- ↑ Pargiter 1972, পৃষ্ঠা. 102–4.
- ↑ John Dowson (1870), A classical dictionary of Hindu Epic and religion, geography, history, and literature, Trübner & Co., pp. 197–8, https://books.google.com/books?id=PwsYAAAAYAAJ
- ↑ Mahabharata, III.126
- ↑ Pargiter 1972, পৃষ্ঠা. 150.
- 1 2 Pargiter 1972, পৃষ্ঠা. 93.
- ↑ wisdomlib.org (2020-12-12). "Section LXII [Mahabharata, English"]. wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-mahabharata-mohan/d/doc493048.html। আহৰণ কৰা হৈছে: 2022-11-30.
- ↑ wisdomlib.org (2020-12-12). "Section LXII [Mahabharata, English"]. wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-mahabharata-mohan/d/doc493048.html। আহৰণ কৰা হৈছে: 2022-11-30.
- ↑ thejatakatales.com. "The Jataka Tales: Mandhatu Jataka". thejatakatales.com. https://thejatakatales.com/mandhatu-jataka-258/। আহৰণ কৰা হৈছে: 2022-11-30.