সমললৈ যাওক

মান্যতা দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মান্যতা দত্ত

২০১৭ চনত নিজৰ জন্মদিনৰ অনুষ্ঠানত মান্যতা
জন্ম দিলনৱাজ শ্বেখ
২২ জুলাই, ১৯৭৮ (৪৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী (প্ৰাক্তন)
  • উদ্যমী
সংস্থা সঞ্জয় দত্ত প্ৰডাকচনছ (চিইঅ')
দাম্পত্যসঙ্গী সঞ্জয় দত্ত (বি. ২০০৮)
সন্তান

মান্যতা দত্ত (ইংৰাজী: Maanayata Dutt; জন্ম নাম দিলনৱাজ শ্বেখ; জন্ম: ২২ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় উদ্যমী, প্ৰাক্তন অভিনেত্ৰী আৰু সঞ্জয় দত্ত প্ৰডাকচনছৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')। তেওঁ ২০০৮ চনত বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1] তেওঁ বিশেষকৈ প্ৰকাশ ঝাৰ ২০০৩ চনৰ ছবি গংগাজলত কৰা আইটেম ডান্সৰ বাবে পৰিচিত।[1][2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
স্বামী সঞ্জয় দত্তৰ সৈতে মান্যতা দত্ত

মান্যতা দত্তৰ জন্ম ১৯৭৮ চনৰ ২২ জুলাইত মুম্বাইৰ এক মুছলমান ব্যৱসায়ী পৰিয়ালত দিলনৱাজ শ্বেখ নামেৰে হৈছিল।[4][1][3] তেওঁ ডুবাইত ডাঙৰ-দীঘল হৈছিল।[3] চলচ্চিত্ৰ জগতত তেওঁ ছাৰা খান নামেৰে পৰিচিত আছিল।[1] ২০০৮ চনত কামাল ৰছিদ খানৰ দেশদ্ৰোহীৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁক ঝাই "মান্যতা" নামটো দিছিল,[1] কিন্তু দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালৰ ব্যৱসায়ৰ দায়িত্ব তেওঁৰ ওপৰত পৰাত এগৰাকী তাৰকা হোৱাৰ আকাংক্ষা অন্ত পৰে।

মান্যতাই ২০০৮ চনৰ ৭ ফেব্ৰুৱাৰীত গোৱাত এক ব্যক্তিগত অনুষ্ঠানত সঞ্জয় দত্তৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5] আদালতত বিবাহখনৰ বৈধতাৰ বাবে তেওঁ আৰ্য সমাজৰ ৰীতি অনুসৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।[6] দুবছৰৰ পাছত ২০১০ চনৰ ২১ অক্টোবৰত তেওঁ যমজ সন্তানৰ মাতৃ হয়— পুত্ৰ শ্বাহৰান আৰু কন্যা ইকৰা।[7][8]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বিবাহৰ পূৰ্বে আৰু দত্তক লগ পোৱাৰ আগতে মান্যতাই অভিনেতা নিমিত বৈষ্ণৱৰ বিপৰীতে লাভৰ্ছ লাইক আছৰ দৰে হিন্দী ছবিত কাম কৰিছিল।[9] পৰৱৰ্তী সময়ত ছবিখনৰ স্বত্ব সঞ্জয় দত্তই ২০ লাখ টকাত ক্ৰয় কৰিছিল।[9]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

২০১৮ চনৰ ২৯ জুনত মুক্তি পোৱা ৰাজকুমাৰ হিৰাণীৰ পৰিচালনাত সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত জীৱনীমূলক ছবি সঞ্জুত অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে, আনহাতে ৰণবীৰ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Singh, Harneet (29 January 2009). "From performing item numbers to becoming Mrs. Dutt: Manyata". The Indian Express. http://archive.indianexpress.com/news/from-performing-item-numbers-to-becoming-mrs.-dutt-manyata/416540/ আহৰণ কৰা হৈছে: 30 May 2016.
  2. "Sanjay Dutt told me never give up, says wife Manyata". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Sanjay-Dutt-told-me-never-give-up-says-wife-Manyata/articleshow/51151319.cms আহৰণ কৰা হৈছে: 30 May 2016.
  3. 1 2 3 Lalwani, Vickey (5 December 2010). "From Manyata to Mrs Dutt!". Mumbai Mirror. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/From-Manyata-to-Mrs-Dutt/articleshow/7046755.cms আহৰণ কৰা হৈছে: 30 May 2016.
  4. "Sanjay Dutt and Manyata's marriage is valid, rules court". Zee News. 28 May 2008. http://zeenews.india.com/home/sanjay-dutt-and-manyatas-marriage-is-valid-rules-court_445579.html আহৰণ কৰা হৈছে: 30 May 2016.
  5. Rao, Girish. "Sanjay Dutt weds>Manyata". Rediff. http://www.rediff.com/movies/2008/feb/11sli1.htm আহৰণ কৰা হৈছে: 30 May 2016.
  6. "Looking at Bollywood's famous converts" (en ভাষাত). Rediff.com. 11 August 2011. https://www.rediff.com/movies/slide-show/slide-show-1-looking-at-bollywoods-famous-converts/20110811.htm আহৰণ কৰা হৈছে: 3 August 2024.
  7. "Manyata Dutt delivers twins". The Times of India. 21 October 2010. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Manyata-Dutt-delivers-twins/articleshow/6786567.cms আহৰণ কৰা হৈছে: 30 May 2016.
  8. "Sanjay Dutt's twins watch 'Policegiri' with their mom Manyata". News 18. 3 July 2013. http://www.news18.com/news/india/sanjay-dutts-twins-watch-policegiri-with-their-mom-manyata-620847.html আহৰণ কৰা হৈছে: 30 May 2016.
  9. 1 2 Shah, Kunal M. (29 February 2008). "Bride and prejudice". Mumbai Mirror. http://www.mumbaimirror.com/entertainment/bollywood/Bride-and-prejudice/articleshow/15790151.cms আহৰণ কৰা হৈছে: 30 May 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]