২০১৫ চনৰ ১৪ ডিচেম্বৰৰ মানৱ উন্নয়ন সূচক অনুযায়ী দেশসমূহ[1]
মানৱ উন্নয়ন সূচক অনুযায়ী অতি উচ্চ মানৱ উন্নয়ন (বিকশিত), উচ্চ মানৱ উন্ননয়ন (ৱিকশিত), মজলীয়া মানৱ উন্নয়ন (বিকাশশীল) আৰু নিম্ন মানৱ উন্নয়ন (অবিকশিত) দেশসমূহ[1]
এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।[2]
২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেস্ক (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।[3]
এইচ ডি আইত জন্মৰ সময়ত প্ৰত্যাশিত জীৱন-কাল, শিক্ষা আৰু জনমূৰি আয়ৰ সূচক ব্যৱহাৰ কৰা হয়। প্ৰত্যাশিত জীৱন কাল অধিক দীঘল হ'লে, জনমূৰি আয় দীঘল হ'লে, শিক্ষাৰ কাল অধিক দীঘল হ'লে মানৱ উন্নয়ন সূচক অধিক হয়।
↑The UN does not recognize the Republic of China (Taiwan) as a sovereign state. The HDI report does not include Taiwan as part of the People's Republic of China when calculating China's figures (see[9]). Taiwan's government calculated its HDI to be 0.882, based on 2010 new methodology of UNDP.[10]