সমললৈ যাওক

মাপালে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাপালে

মাপালে (ইংৰাজী: Mapalé) হ’ল এক আফ্ৰো-কলম্বিয়ান নৃত্যশৈলী যিটো ক্ৰীতদাসসকলৰদ্বাৰা আমদানি কৰা হৈছিল। ই এক দীঘলীয়া দিনৰ পৰিশ্ৰমৰ পিছৰ মাছমৰীয়াসকলক প্ৰতিনিধিত্ব কৰিছিল।[1] ইয়াৰ নামটো পানীৰ বাহিৰলৈ ওলাই অহা কেথোৰপছ মাপালে নামৰ মাছবিধৰপৰা আহিছে।[2] নৃত্যৰ ভংগিমাবোৰক ইয়াৰ প্ৰদৰ্শনকাৰীসকলৰ ক্ষিপ্ৰতা আৰু শক্তিৰ সৈতে তুলনা কৰা হয়। এই গতি-বিধিবোৰে পানীৰ বাহিৰত থকা মাছক (পুৰুষ) প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে মহিলাসকলে সাগৰক প্ৰতিনিধিত্ব কৰে।

মাপালেৰ জন্ম হৈছিল মাছমৰীয়াসকলৰ কৰ্মৰ গীত আৰু নৃত্য হিচাপে। কলম্বিয়াৰ কেৰিবিয়ান উপকূলত ইয়াৰ উন্মেষ ঘটিছিল, যাৰ মূলতে আছিল আফ্ৰিকানসকলৰ সাংস্কৃতিক প্ৰভাৱ যিসকল মূলতঃ আংগোলাৰপৰা আহিছিল।[3] যেতিয়া তেওঁলোকে বন্দিত্বৰপৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকে ছান বাচিলিঅ’ ডি পেলেনক সদৃশ দুৰ্গম ঠাইবোৰত 'কুইলোম্বো' বা সম্প্ৰদায় প্ৰতিষ্ঠা কৰিছিল, য’ত তেওঁলোকে নিজৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত কৰিছিল। কেৰিবিয়ানত জন্ম লাভ কৰা এই নৃত্য মাগডালেনা নদীৰ পাৰৰ অঞ্চলবোৰতো পৰিচিত হৈ পৰে।[4] কলম্বিয়াৰপৰা পানামা, পেৰু আৰু ইকুৱেডৰ পৰ্যন্ত বংশধৰসকলৰ সম্প্ৰদায়ত এতিয়াও এই নৃত্য পৰিৱেশন কৰা হয়।

মূলতঃ এই নৃত্য নিশা পৰিৱেশন কৰা হৈছিল আৰু লগতে 'য়ামাৰো' আৰু 'কুইটামব্ৰে' নামৰ ঢোল, হাত-চাপৰি আৰু গীত সংগত কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ বিষয়-বস্তুত যৌন আনন্দৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ই অধিক উত্তেজনাপূৰ্ণ হৈ পৰে। ইয়াৰ সৰল সাজ-পোচাক আৰু মাছ মৰাত ব্যৱহাৰ কৰা সঁজুলি 'মাচেট'ৰ ব্যৱহাৰৰ জৰিয়তে কোৰিঅ’গ্ৰাফীটোৱে ইয়াৰ আফ্ৰিকান সাৰমৰ্মৰপৰা বিৱৰ্তন লাভ কৰিছে। মাপালেৰ শক্তিশালী গতি-বিধিৰ বাবে শৰীৰৰ ওপৰত ভাল নিয়ন্ত্ৰণ আৰু অনুশাসন থকাটো প্ৰয়োজনীয়।

সাজ-পোচাক

[সম্পাদনা কৰক]

নৃত্য আৰু প্ৰদৰ্শনকাৰীৰ ওপৰত ভিত্তি কৰি পুৰুষ আৰু মহিলা উভয়ৰে সাজ-পোচাক ভিন্ন হয়।

পুৰুষে গোৰোহা পৰ্যন্ত পোৱা পেণ্ট পিন্ধে, যিবোৰ কেতিয়াবা ভৰিৰ তলৰফালে ঝালৰ বা অন্য অলংকাৰেৰে সজোৱা থাকে।

মহিলাসকলে ঝালৰ বা সৰু সৰু ৰাফেল থকা চুটি স্কাৰ্ট পিন্ধে যিয়ে তেওঁলোকৰ কঁকালৰ দ্ৰুত সঞ্চালনত সহায় কৰে। তেওঁলোকে সমতল জোতা পিন্ধে বা খালী ভৰিৰে নাচে আৰু মূৰত পতাকাৰ দৰে টাৰ্বান পিন্ধে।[5]

খোজসমূহ

[সম্পাদনা কৰক]

মাপালেত সংগীসকলে পৃথকে বা একেলগে চুটি খোজ আৰু অতি দ্ৰুত ছন্দত হাত-চাপৰিৰ তালে তালে নাচে। কোৰিঅ’গ্ৰাফীবোৰ দুটা শাৰী গঠন কৰি আৰম্ভ হ’ব পাৰে, য’ত পুৰুষ আৰু মহিলাই মুখা-মুখিকৈ আগলৈ আৰু পাছলৈ গতি কৰে। ইয়াৰ পিছত পুৰুষসকলে নিজৰ সংগীক সন্তুষ্ট কৰিবলৈ মুক্ত আৰু ব্যক্তিগত প্ৰদৰ্শন কৰে। তেওঁলোকৰ গতি-বিধিবোৰ অতি দ্ৰুত আৰু কামনামূলক। মহিলাসকলৰো নিজা কিছুমান উত্তেজনাপূৰ্ণ আৰু কামনামূলক অংগী-ভংগী থাকে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Folkloric Dance in Colombia and Ecuador. (2018, March 01). Retrieved from http://www.escapeartist.com
  2. Betancur-R., Ricardo; P., Arturo A. (2005-09-05). "Description of Cathorops mapale, a new species of sea catfish (Siluriformes: Ariidae) from the Colombian Caribbean, based on morphological and mitochondrial evidence" (en ভাষাত). Zootaxa খণ্ড 1045 (1): 45. doi:10.11646/zootaxa.1045.1.4. ISSN 1175-5334. https://biotaxa.org.
  3. "EL MAPALÉ | Música de Cartag | Guia Todo". www.guiatodo.com.co. http://www.guiatodo.com.co আহৰণ কৰা হৈছে: 2018-04-30.
  4. l'Hoeste, Héctor Fernández; Vila, Pablo (2013-05-29). Cumbia! : scenes of a migrant Latin American music genre. Fernández l'Hoeste, Héctor D., 1962-, Vila, Pablo, 1952-. প্ৰকাশক Durham. ISBN 9780822354147. OCLC 816030811.
  5. "The Story Inside the Rhythm: Mapalé | Sounds and Colours" (en-GB ভাষাত). Sounds and Colours. 2012-01-16. https://soundsandcolours.com.
  6. "El Mapalé" (es-CL ভাষাত). www.colombiaaprende.edu.co. http://www.colombiaaprende.edu.co আহৰণ কৰা হৈছে: 2018-04-30.