মাপ্পিলা সংগীত
মাপ্পিলা সংগীত (বা মাপ্পিলা পাট্টু) (ইংৰাজী: Mappila songs) হৈছে ভাৰতৰ কেৰালাৰ মালাবাৰ অঞ্চলত বসবাস কৰা মাপ্পিলা ( মুছলমান) সম্প্ৰদায়ৰ এক লোকসংগীতধাৰা৷ এই গীতসমূহ আৰবী মালায়ালম ভাষাত ৰচিত গীতিকাৰৰ ওপৰত ভিত্তি কৰি, এক বিশেষ সুৰৰীতি বা ইশান অনুসৰি পৰিৱেশন কৰা হয়৷[1] মাপ্পিলা গীতৰ এক স্বকীয় সাংস্কৃতিক পৰিচয় আছে৷ একে সময়তে এই গীতবোৰে কেৰালাৰ থলুৱা সংস্কৃতিৰ লগতো নিকট সম্পৰ্ক আছে৷
মাপ্পিলা গীতত আৰবী আৰু মালয়ালমৰ উপৰিও পাৰ্চী, হিন্দুস্তানী আৰু তামিল ভাষাৰ বহু শব্দ ব্যৱহাৰ কৰা হয়, যদিও ইয়াৰ ব্যাকৰণগত গাঁথনি সদায় মালায়ালম ভাষাৰ ওপৰতে আধাৰিত। [2][3] এই গীতসমূহত ধৰ্ম, প্ৰেম, ব্যংগ, বীৰত্ব আদি বিভিন্ন বিষয় স্থান পায়। সাধাৰণতে বিবাহ, মিলনমেলা আৰু পাৰিবাৰিক অনুষ্ঠানত এই গীতসমূহ গোৱা হয়। বৰ্তমান মাপ্পিলা গীত মালায়ালম সাহিত্যৰ ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত। বহুজনৰ মতে, ই মালায়ালম সাহিত্যৰ আটাইতকৈ জনপ্ৰিয় ধাৰাসমূহৰ ভিতৰত অন্যতম, যি কেৰালাৰ সকলো মালয়ালী সম্প্ৰদায়ৰ লগতে কৰ্ণাটকৰ বেয়াৰীভাষী সম্প্ৰদায়ৰ মাজতো সমভাৱে সমাদৃত।[4][5][6][7]
ইতিহাস
[সম্পাদনা কৰক]মাপ্পিলা গীতৰ ইতিহাস সাত শতিকাতকৈও অধিক পুৰণি। এই ধাৰাৰ আটাইতকৈ পুৰণি নথিভুক্ত ৰচনা হৈছে ‘মুহিয়াদীন মালা’ (Muhyadheen Mala), যাক ১৬০৭ খ্ৰীষ্টাব্দত কাজী মুহাম্মদৰ ৰচনা বুলি ধৰা হয়। ইয়াৰ পাছত এই মাধ্যমত বিপুল পৰিমাণৰ সাহিত্য সৃষ্টি হয়। এজন গৱেষকৰ হিচাপ অনুসৰি, ১৯৭৬ চনলৈকে এই ধাৰাৰ সম্পূৰ্ণ বা খণ্ডিত মিলাই ১,৬০০তকৈও অধিক ৰচনা চিনাক্ত কৰা হৈছিল। [2]কেইবাটাও শতিকাৰ গমনৰ পাছত, মালাবাৰৰ মাপ্পিলা সম্প্ৰদায়ৰ ধৰ্মীয় আৰু ৰাজনৈতিক পৰিৱেশৰ সৈতে সংগতি ৰাখি মাপ্পিলা গীতৰ বিভিন্ন ধৰণৰ সৃষ্টি হৈছিল। প্ৰাৰম্ভিক যুগত এই গীতসমূহ মূলতঃ ভক্তিমূলক বিষয়বস্তুৰ ওপৰত আধাৰিত আছিল। ঔপনিৱেশিক যুগত আকৌ ‘পাডাপ্পাট্টু’ (Padappattu) নামেৰে জনাজাত যুদ্ধগীতৰ এক বিশেষ ধাৰাৰ বিকাশ ঘটে। ইয়াৰ উপৰিও সময়ৰ লগে লগে প্ৰেমগাঁথা, বিবাহগীত, দাৰ্শনিক চিন্তা, সাগৰযাত্ৰা, আনকি বানপানীৰ দৰে দুৰ্যোগৰ অভিজ্ঞতাক বিষয়বস্তু হিচাপে লৈও মাপ্পিলা গীতৰ বহু নতুন ধাৰাৰ বিকাশ হৈছিল।
প্ৰাৰম্ভিক কাম
[সম্পাদনা কৰক]মাপ্পিলাপ্পাট্টু (Mappilappattu) ধাৰাৰ আটাইতকৈ পুৰণি তাৰিখযুক্ত ৰচনাসমূহ ১৭শ শতিকাৰ, আৰু সেইবোৰ মূলতঃ ‘মালা’ (Mala) নামৰ সাহিত্যধাৰাৰ অন্তৰ্গত আছিল।
মালাপ্পট্টু
[সম্পাদনা কৰক]‘মালা’ হৈছে মাপ্পিলা গীতৰ এক গুৰুত্বপূৰ্ণ ধাৰা। এই গীতসমূহ সাধাৰণতে আৰবী-মালয়ালম লিপিত ৰচিত হয় আৰু ইছলামৰ পৱিত্ৰ ব্যক্তিসকলৰ প্ৰশস্তিগান হিচাপে ৰচনা কৰা হয়। বিশ্বাস কৰা হয় যে এইসকল ব্যক্তিয়ে উচ্চ আধ্যাত্মিক মৰ্যাদা লাভ কৰিছিল। অধিকাংশ ‘মালা’ই চুফী সাধক (আউলিয়া)সকলৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত। এই গীতসমূহত সাধকসকলৰ অলৌকিক বা মানৱীয় ক্ষমতাৰ সীমা অতিক্ৰম কৰা কীৰ্তি-বীৰ্যৰ বৰ্ণনা কৰা হয়। চুফীবাদে মাপ্পিলা সমাজত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰাৰ সময়ছোৱাত ‘মালা’ গীতসমূহ বিশেষভাৱে জনপ্ৰিয় হৈ উঠে। প্ৰায় প্ৰতিখন ‘মালা’ কোনোবা এটা তৰীকত (Thareeqath) বা চুফী আধ্যাত্মিক পৰম্পৰাৰ নেতাক উদ্দেশ্য কৰি ৰচনা কৰা হৈছিল। কবিতাসমূহত তেওঁলোকৰ আধ্যাত্মিক মহিমা আৰু গুণাৱলীক অতিশয় প্ৰশংসাৰে বৰ্ণনা কৰা হয়। এই ধাৰাৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ‘মুহিয়াদীন মালা’ (Muhyidheen Mala), ‘ৰিফাঈ মালা’ (Rifa'i Mala), ‘শাদুলি মালা’ (Shaduli Mala), ‘আজমীৰ মালা’ (Ajmeer Mala) আৰু ‘নাফিছাত মালা’ (Nafeesath Mala)। এই ৰচনাসমূহে নিজা চুফী তৰীকতৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলক সন্মান জনায়। ইয়াৰ ভিতৰত ‘নাফিছাত মালা’ ইজিপ্তৰ বিশিষ্ট মহিলা চুফী সাধিকা ছয়িদা নাফিছা (Sayyida Nafeesa) বা নাফিছাতুল মিছৰিয়্যাৰ জীৱন আৰু আধ্যাত্মিক মহিমাক কেন্দ্ৰ কৰি ৰচিত।[6][8][9][10]
১৭শ শতিকাত ‘মালাপ্পাট্টু’ ধাৰাত আন কেইবাখন গুৰুত্বপূৰ্ণ ৰচনাও সৃষ্টি হৈছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে আহম্মাদুল কবীৰৰ ‘ৰিফাঈ মালা’ (১৬২৩), আৰু মানন্তাকাথ কুঞ্জিক্কোয়া থাংগলৰ ‘উছৱাথ মালা’ (১৬২৮) আৰু ‘ভালিয়া নছীহাথ মালা’ (১৬৭৪)।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Preserve identity of Mappila songs". The Hindu (Chennai, India). 2006-05-07. Archived from the original on 2012-11-07. https://web.archive.org/web/20121107014307/http://www.hindu.com/2006/05/07/stories/2006050719690300.htm.
- 1 2 Pg 288-289, Mappila Muslims of Kerala: a study in Islamic trends, Roland E. Miller, Orient Longman, 1992
- ↑ Eṃ Pr̲Abhākaravāriyar, Ke (1985). "History of Malayalam Language". google.com. https://books.google.com/books?id=LYVkAAAAMAAJ&q=Arabi-Malayalam.
- 1 2 Pg 7-14, Mappilappattu - Padhavum Padhanavum ( Mappila songs - Study and Lessons) - Balakrishnan Vallikkunnu and Dr. Umar Tharamel, D.C. Books, 2006
- ↑ Pg 145, Social and cultural history of Kerala, A. Sreedhara Menon, Sterling, 1979
- 1 2 Pg 38-39, Kerala folk literature, Kerala Folklore Academy, 1980
- ↑ "Mappila Pattukal". facebook.com. http://www.facebook.com/Mappilapattukal.
- ↑ Pg 25-27, Mappilappattu - Padhavum Padhanavum ( Mappila songs - Study and Lessons) - Balakrishnan Vallikkunnu and Dr. Umar Tharamel, D.C. Books, 2006
- ↑ Pg 144, Muslims of Kerala: a modern approach, S. Sharafudeen, Kerala Historical Society, 2003
- ↑ Pg 40-41, Mappila Muslims: a study on society and anti colonial struggles By Husain Raṇdathaṇi, Other Books, Kozhikode 2007