মায়ন্তী লেংগাৰ
মায়ন্তী লেংগাৰ | |
---|---|
জন্ম | ৮ ফেব্ৰুৱাৰী, ১৯৮৫ (৪০ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | পৰিৱেশক, ধাৰাভাষ্যকাৰ |
সক্ৰিয় হৈ থকা সময় | ২০০৬–২০১৯ ২০২১–বৰ্তমান |
নিয়োগকৰ্তা | ষ্টাৰ স্পৰ্টছ |
দাম্পত্যসঙ্গী | ষ্টুৱাৰ্ট বিন্নী (বি. ২০১২) |
পিতৃ-মাতৃ |
|
সন্তান | ১ |
আত্মীয়-স্বজন | ৰ'জাৰ বিন্নী (শহুৰ) |
মায়ন্তী লেংগাৰ (ইংৰাজী: Mayanti Langer; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, পৰিৱেশক আৰু সম্প্ৰচাৰক৷ তেওঁ প্ৰধানকৈ ষ্টাৰ ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলৰ লগত জড়িত। তেওঁ জি স্প'ৰ্টছত ফুটবল কেফে, ই এছ পি এনত সম্প্ৰচাৰিত ২০১০ ফিফা বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ,[1] ২০১১ ক্ৰিকেট বিশ্বকাপ, ২০১৪ ইণ্ডিয়ান ছুপাৰ লীগ, ২০১৫ আই চি চি ক্ৰিকেট বিশ্বকাপ, ২০১৮ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, ২০১৯ ইণ্ডিয়ান আদি বহুতো প্ৰতিযোগিতাৰ লগত জড়িত হৈছে৷[2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]আমেৰিকাত অধ্যয়ন কৰি থাকোঁতে ফুটবলৰ প্ৰতি মায়ন্তী লেংগাৰৰ আগ্ৰহ বাঢ়ি আহে। তেওঁ কলেজীয়া ফুটবল দলত আছিল আৰু ফিফাৰ বিচ ফুটবলৰ সম্প্ৰচাৰৰ অতিথি এংকৰ আছিল।[4]
সম্প্ৰচাৰৰ সফলতাৰ লগে লগে তেওঁক জি স্প'ৰ্টছৰ ফুটবল কেফেৰ আয়োজক আৰু সহযোগী প্ৰযোজক হিচাপে যোগ দিয়াৰ প্ৰস্তাৱ দিয়া হয়।[5] লেংগাৰে জি নেটৱৰ্কত বিভিন্ন ফুটবল শ্ব'ত কাম কৰিছিল আৰু মেচৰ পূৰ্বে, হাফ টাইম আৰু মেচৰ পিছৰ শ্ব'ৰ সময়ত মন্তব্য প্ৰদান কৰিছিল আৰু সাক্ষাৎকাৰ দিছিল।[6] নতুন দিল্লীত আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নেহৰু কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে জি স্প’ৰ্টছৰ এংকৰ হিচাপেও তেওঁ কাম কৰিছিল আৰু জি স্প’ৰ্টছৰ ইণ্ডিয়ান ক্ৰিকেট লীগৰ কভাৰেজৰ এংকৰ হিচাপেও কাম কৰিছিল।
২০১০ চনত ভাৰতত সম্প্ৰচাৰিত ফিফা বিশ্বকাপৰ লগত তেওঁ জড়িত আছিল৷ তেওঁ জন ডাইকছৰ সৈতে বিশেষজ্ঞ পেনেলিষ্টৰ এটা দলৰ নেতৃত্ব দিছিল। মায়ান্তীয়ে ২০১০ চনত চাৰু শৰ্মাৰ সৈতে দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ, ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ, ২০১৪ চনৰ ইণ্ডিয়ান ছুপাৰ লীগ, ২০১৫ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপ আৰু ২০১৮ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰিৱেশকৰ কাম কৰিছিল।[7][8]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মায়ন্তী লেংগাৰ ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল সঞ্জীৱ লেংগাৰ আৰু প্ৰেমিণ্ডা লেংগাৰৰ কন্যা।[9] ২০১২ চনত মায়ন্তীয়ে ভাৰতীয় ক্ৰিকেটাৰ ষ্টুয়াৰ্ট বিনিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[10]২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ প্ৰথম ল'ৰা সন্তানৰ জন্ম হয়।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mayanti Langer". simplylifeindia.com. https://www.simplylifeindia.com/mayanti-langer--anchor--mc.html। আহৰণ কৰা হৈছে: 16 October 2019.
- ↑ "Archana Vijay to Mandira Bedi and Mayanti Langer, 10 hottest hosts of the Indian Premier League till date". Times Now News. https://www.timesnownews.com/sports/cricket/cricket-news/photo-gallery/archana-vijay-to-mandira-bedi-and-mayanti-langer-10-hottest-hosts-of-the-indian-premier-league-till-date/390932। আহৰণ কৰা হৈছে: 16 October 2019.
- ↑ "5 female anchors who standout in the ICC Cricket World Cup 2019". asianage.com. 3 June 2019. https://www.asianage.com/sports/cricket/030619/5-female-anchors-who-standout-in-the-icc-cricket-world-cup-2019.html। আহৰণ কৰা হৈছে: 16 October 2019.
- ↑ [1] . televisionpoint.com. Archived 10 April 2008 at the Wayback Machine
- ↑ Nitin Pant (February 2007) "IndianFootball.Com Interview: MAYANTI LANGER".
- ↑ "Miss in the midfield ". The Telegraph (Calcutta). 5 April 2006
- ↑ "NIMCJ article". nimcj. https://www.nimcj.org/blog-detail/top-9-female-journalists-of-india.html। আহৰণ কৰা হৈছে: 2019-07-15.
- ↑ Sharmistha Mukherjee (20 February 2011). "ESPN-Star lines up pantheon of cricket to offer World Cup insights" Archived 11 October 2012 at the Wayback Machine. Business Standard.
- ↑ Langer, Mayanti (2011). "Mayanti Langer Biography, Wiki". mayantilanger.com. Archived from the original on 15 November 2011. https://web.archive.org/web/20111115162945/http://www.mayantilanger.com/wiki/Biography.php। আহৰণ কৰা হৈছে: 6 November 2011.
- ↑ "In Pics: Know more about India's emerging star Stuart Binny's pretty & talented wife Mayanti Langer!". abplive.in. 18 June 2014. http://www.dnaindia.com/cricket/report-fan-wants-to-take-sports-anchor-mayanti-langer-on-a-dinner-date-her-answer-is-winning-the-internet-2602940। আহৰণ কৰা হৈছে: 2 August 2018.
- ↑ "Mayanti Langer, Stuart Binny blessed with a baby boy; anchor posts pic on social media". Zeenews. 19 September 2020. https://zeenews.india.com/cricket/mayanti-langer-stuart-binny-blessed-with-a-baby-boy-anchor-posts-pic-on-social-media-2310657.html। আহৰণ কৰা হৈছে: 19 November 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মায়ন্তী লেংগাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।