মায়াবাজাৰ (১৯৩৬ চলচ্চিত্ৰ)
মায়াবাজাৰ (ইংৰাজী: Mayabazar; শশীৰেখা পৰিণয়ম নামেৰেও পৰিচিত) ১৯৩৬ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ফেণ্টাচী ছবি, যাৰ পৰিচালনা পি বি দাসে কৰিছে। নিৰ্মাণ বেল পিকচাৰ্ছৰ। ছবিখনত অভিনয় কৰিছে যাদৱল্লী নাগেশ্বৰ ৰাও, এছ পি লক্ষ্মনাস্বামী, ৰামী ৰেড্ডী, আৰু শান্তাকুমাৰী। সংগীত ৰচনা কৰিছিল গলিপেঞ্চল নৰসিংহ ৰাৱে।[1]
কাহিনীটো মহাকাব্য মহাভাৰতৰ আধাৰত ৰচিত লোককথা শশীৰেখা পৰিণয়মৰ অভিযোজন। ছবিখন যথেষ্ঠ জনপ্ৰিয় হৈছিল। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই পৰিচালক পি.ভি.দাসৰ মৃত্যু হয়।[2]
নিৰ্মাণ
[সম্পাদনা কৰক]ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিবলৈ দাসে মঞ্চ অভিনেতা যাদৱল্লী নাগেশ্বৰ ৰাওক বাছি লৈছিল। শ্ৰীকৃষ্ণ লীলালুত (১৯৩৫) অভিষেক হোৱা মাষ্টৰ চালুৰী ৰাজেশ্বৰ ৰাৱে অভিমন্যুৰ সৰুকালৰ চৰিত্ৰটো কৰাৰ বিপৰীতে এছ পি লক্ষ্মণস্বামীয়ে ডাঙৰ কালৰ চৰিত্ৰটো কৰিছিল। ৰায়প্ৰলু সুব্ৰহ্মণ্যম আৰু ৰামী ৰেড্ডীক ক্ৰমে দুৰ্যোধন আৰু ঘটোৎকচৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল।[2]
শশীৰেখাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিনেত্ৰী বিচাৰি থাকোঁতে পি. বি. দাসে সুব্বম্মাক এখন স্কুলত সংগীত শিকাই থকা অৱস্থাত দেখিছিল। যদিও প্ৰথম অৱস্থাত তেওঁৰ পিতৃ-মাতৃয়ে অভিনয় কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল, পিছলৈ তেওঁলোক সহজ হৈছিল।[2] সুব্বম্মাক শান্তাকুমাৰী নামেৰে পুনৰ নামকৰণ কৰা হয়।[3]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Copy Cat Crown (Part 5) – Copy Cats Of The Yore". Cinegoer. 8 November 2006. Archived from the original on 15 February 2015. https://web.archive.org/web/20150215104252/http://www.cinegoer.net/copycatcrown4.htm। আহৰণ কৰা হৈছে: 24 January 2017.
- ↑ 2.0 2.1 2.2 Narasimham, M. L. (26 December 2010). "Mayabazaar (1936)". The Hindu. Archived from the original on 15 February 2015. https://web.archive.org/web/20150215095551/http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/mayabazaar-1936/article979917.ece। আহৰণ কৰা হৈছে: 24 January 2017.
- ↑ Narasimham, M. L. (20 October 2000). "Unforgettable screen mother". The Hindu. Archived from the original on 24 January 2017. https://web.archive.org/web/20170124110514/http://www.thehindu.com/2000/10/20/stories/09200226.htm। আহৰণ কৰা হৈছে: 24 January 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মায়াবাজাৰ (১৯৩৬ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।