সমললৈ যাওক

মায়াবাজাৰ (১৯৫৭ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মায়াবাজাৰ

তেলুগু সংস্কৰণৰ পোষ্টাৰ
পৰিচালক কে ভি ৰেড্ডী
চিত্ৰনাট্য কে ভি ৰেড্ডী
কাহিনী পংগালি নাগেন্দ্ৰ ৰাও
ভিত্তি শশীৰেখা পৰিণয়ম
প্ৰযোজক নাগী ৰেড্ডী
চক্ৰপাণি
অভিনয়ত এন টি ৰামৰাও
আক্কিনেনী নাগেশ্বৰ ৰাও (তেলুগু)
জেমিনী গণেশন (তামিল)
সাবিত্ৰী
এ ভি ৰংগৰাও
চিত্ৰগ্ৰহণকাৰী মাৰ্কাছ বাৰ্টলে
সম্পাদনা C. P. Jambulingam
G. Kalyanasundaram
সংগীত পৰিচালক ঘণ্টাশাল
প্ৰযোজনা
কোম্পানী
বিজয়া প্ৰডাকচনছ্
মুক্তি
২৭ মাৰ্চ ১৯৫৭ (1957-03-27)
দৈৰ্ঘ্য
১৮৪ মিনিট
(Telugu)[1]
174 minutes
(Tamil)[2]
দেশ ভাৰত
ভাষাসমূহ
  • তেলুগু
  • তামিল

মায়াবাজাৰ (ইংৰাজী: Mayabazar )[3] ১৯৫৭ চনৰ কে ভি নাগীৰেড্ডী পৰিচালিত এখন ভাৰতীয় মহাকাব্যিক হিন্দু পৌৰাণিক ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত চক্ৰপানীয়ে এইখন প্ৰযোজনা কৰিছে।[4][5] তেলেগু আৰু তামিল ভাষাত একেলগে ছবিখনৰ শ্বুটিং কৰা হৈছিল; মাত্ৰ অভিনেতা-অভিনেত্ৰীসকলৰ কিছু সালসলনি কৰা হৈছিল। মহাকাব্য মহাভাৰতৰ চৰিত্ৰৰ আধাৰত নিৰ্মিত ছবিখন লোককথা “শশীৰেখা পৰিণয়ম”ৰ অভিযোজন। কৃষ্ণ (এন. টি. ৰামা ৰাও) আৰু ঘটোৎকচক (এছ. ভি. ৰংগৰাও) কেন্দ্ৰ কৰি মায়াবাজাৰৰ কাহিনী আগবাঢ়ে। তেওঁলোকে অৰ্জুনৰ পুত্ৰ অভিমন্যুক (তেলেগু: অক্কিনেনী নাগেশ্বৰ ৰাও, তামিল: মিথুন গণেশন) তেওঁৰ প্ৰেম বলোৰামৰ কন্যা শশীৰেখাৰ (সাবিত্ৰী) সৈতে পুনৰমিলন কৰাবলৈ চেষ্টা কৰে। তেলেগু সংস্কৰণত গুম্মাদি, মুক্কামালা, ৰমনা ৰেড্ডী আৰু ৰেলাংগীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। আনহাতে ডি বালসুব্ৰমণিয়াম, আৰ বালসুব্ৰমণিয়াম, ভি এম এঝুমলাই আৰু কে এ থাংগাভেলুৱে তামিল সংস্কৰণত সেই চৰিত্ৰসমূহ অভিনয় কৰিছে।

বিজয়া প্ৰডাকচনছৰ ষ্টুডিঅ’ৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পৌৰাণিক ছবি মায়াবাজাৰে নাগী ৰেড্ডী আৰু চক্ৰপানীৰ বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰৈছে। কাৰিকৰী দলৰ উপৰিও লাইট মেন, কাঠমিস্ত্ৰী, আৰু চিত্ৰকৰকে ধৰি ৪০০ ষ্টুডিঅ’ কৰ্মীয়ে ছবিখনৰ নিৰ্মাণত অংশগ্ৰহণ কৰিছিল। পৰিচালক ৰেড্ডী প্ৰি-প্ৰডাকচন আৰু কাষ্টিং পৰ্যায়ৰ ক্ষেত্ৰত যথেষ্ঠ সাবধান আছিল আৰু এই পৰ্যায়টো সম্পূৰ্ণ হ’বলৈ প্ৰায় এবছৰ সময় লাগিছিল। যদিও ৰামাৰাৱে প্ৰথম অৱস্থাত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ অনিচ্ছুক আছিল, কৃষ্ণৰ চৰিত্ৰত তেওঁৰ অভিনয়ে প্ৰশংসা লাভ কৰিছিল আৰু কেইবাখনো অসম্বন্ধীয় ছবিত একেটা চৰিত্ৰত পুনৰ অভিনয় কৰাৰ অধিক প্ৰস্তাৱ লাভ কৰিছিল।[6] ইয়াত মুঠতে বাৰটা গীত আছে, য'ত বেছিভাগ সংগীত ৰচনা স্কোৰ ঘন্টাশালে কৰিছে। তেলেগু গীতৰ কথা লিখিছিল পিংগালী নাগেন্দ্ৰৰাৱে আৰু তামিল গীতৰ কথা লিখিছিল থাঞ্জাই এন ৰামাইয়া দাসে। সেই গীতবোৰৰ ভিতৰত এটা গীত লাহিৰী লাহিৰিৰ শ্বুটিং চিনেমেট’গ্ৰাফাৰ মাৰ্কাছ বাৰ্টলিয়ে কৰিছিল।

  1. Mayabazar (Telugu) (Motion picture). India: Shalimar Telugu & Hindi Movies.
  2. Mayabazar (Tamil) (Motion picture). India: Modern Cinema.
  3. Nag, Kushali (23 May 2012). "Mayabazar is an interplay of illusions and reality". The Telegraph. http://www.telegraphindia.com/1120523/jsp/entertainment/story_15519255.jsp আহৰণ কৰা হৈছে: 4 November 2015.
  4. "'Mayabazar' is India's greatest film ever: IBNLive poll" (en ভাষাত). News18. 2013-05-12. https://www.news18.com/news/india/mayabazar-is-indias-greatest-film-ever-ibnlive-poll-608772.html আহৰণ কৰা হৈছে: 2024-05-14.
  5. Tetali, Sagar (2022-11-24). "Mayabazar, One Of Telugu Cinema's Foundational Epics Is 65" (en ভাষাত). www.filmcompanion.in. https://www.filmcompanion.in/features/indepth-stories/mayabazar-one-of-telugu-cinemas-foundational-epics-is-65 আহৰণ কৰা হৈছে: 2024-05-14.
  6. Narasimham, M. L. (19 December 2008). "One for the road". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/one-for-the-road/article1436714.ece আহৰণ কৰা হৈছে: 4 February 2015.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]