মায়া মিৰিগ
মায়া মিৰিগ (ইংৰাজী: Maya Miriga) ১৯৮৪ চনৰ নিৰদ মহাপাত্ৰৰ পৰিচালনাত নিৰ্মিত এখন ওডিয়া ছবি। [1] ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰে। [2]
কিশোৰী দেৱী, সম্পদ মহাপাত্ৰ, মনস্বিনী, মণিমালা, বিনোদ মিশ্ৰ, বংশীধৰ সৎপথী, সুজাতা আদি অভিনয় শিল্পীয়ে এই ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।[2]
পুনৰুদ্ধাৰ
[সম্পাদনা কৰক]মায়া মিৰিগক বৈজ্ঞানিক পদ্ধতিৰে পুনৰুদ্ধাৰ কৰি ফিল্ম হেৰিটেজ ফাউণ্ডেছনত ১৬ মিলিমিটাৰৰ মূল কেমেৰা নিগেটিভ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিগমৰ ৰাষ্ট্ৰীয় ফিল্ম আৰ্কাইভত ৩৫ মিলিমিটাৰৰ প্ৰিন্ট এটা সংৰক্ষণ কৰা হয়। [3]
পুনৰুদ্ধাৰ কৰাটো অত্যন্ত প্ৰত্যাহ্বানজনক আছিল, কাৰণ মূল কেমেৰা নিগেটিভটো ফিল্ম হেৰিটেজ ফাউণ্ডেচনে এটা গুদামত অতি বেয়া অৱস্থাত পৰিত্যক্ত ৰূপত পাইছিল আৰু ফিল্মৰ কিছুমান অংশত কোনো ছবি নাছিল। ৩৫ মিলিমিটাৰৰ প্ৰিন্টটোৰ মানো সময়ৰ লগে লগে অৱনতি ঘটিছিল। প্ৰতিচ্ছবিবোৰ কিছু কিছু অংশত ধুসৰ আৰু ৰংচুৱা হৈ পৰিছিল। প্ৰায় তিনি বছৰ সময় লগা এই পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত ফিল্ম মেৰামতি, ডিজিটেল পুনৰুদ্ধাৰ আৰু কালাৰ গ্ৰেডিঙ কৰা হৈছিল। [3]
ছবিখনৰ পুনৰুদ্ধাৰ কৰা সংস্কৰণটোৰ ইল চিনেমা ৰিট্ৰ'ভাটো ২০২৪ত প্ৰিমিয়াৰ হয় [3] আৰু পিছলৈ এমএএমআই মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত ৰেষ্ট’ৰ্ড ক্লাছিক চেকচনৰ অধীনত প্ৰদৰ্শিত হয়। [4]
বঁটা
[সম্পাদনা কৰক]- ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৩)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)[2]
- উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৮৫)
- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ পৰিচালক- নিৰদ এন মহাপাত্ৰ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Eleanor Mannikka (2011). "Maya Miriga (1985)". The New York Times. Archived from the original on 21 May 2011. https://web.archive.org/web/20110521032803/http://movies.nytimes.com/movie/136985/Maya-Miriga/overview। আহৰণ কৰা হৈছে: 29 October 2008.
- ↑ 2.0 2.1 2.2 "31st Nation Film Film Award Catalouge". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 5, 54. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 25 July 2020.
- ↑ 3.0 3.1 3.2 "Film Heritage Foundation restores Nirad Mohapatra’s landmark Odia film ‘Māyā Miriga’(1984)" (en-US ভাষাত). Film Heritage Foundation. 2024-01-20. https://filmheritagefoundation.co.in/film-heritage-foundation-restores-nirad-mohapatras-landmark-odia-film-maya-miriga1984/। আহৰণ কৰা হৈছে: 2024-10-25.
- ↑ "MAMI Mumbai Film Festival Announces its 2024 Official Film Selections" (en ভাষাত). The Hollywood Reporter India. https://www.hollywoodreporterindia.com/lists/lists/mami-mumbai-film-festival-announces-its-2024-official-film-selections। আহৰণ কৰা হৈছে: 2024-10-25.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Maya Miriga at Letterboxd
- মায়া মিৰিগ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|