সমললৈ যাওক

মায়িলাম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মায়িলাম্মা (ইংৰাজী: Mayilamma) থলুৱা জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী সমাজ সেৱক।[1] তেওঁ কেৰেলাৰ পালাক্কাডৰ প্লাচিমাডাত কোকা কোলা কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল৷ তেওঁক আউটলুক আলোচনীৰ তৰফৰ পৰা স্পিক আউট বঁটা (Speak Out award) আৰু স্ত্ৰী শক্তি বঁটা (Sthree Shakthi Award) প্ৰদান কৰা হৈছিল। তেওঁক 'প্লাচিমাডা নায়িকা' (Plachimada Heroine) বুলিও জনা যায়।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৭ চনৰ ১০ আগষ্টত পলাক্কাডৰ সীমান্তৰ মুথালামাদা গাঁৱত মায়িলাম্মাৰ জন্ম হয়।[4] তেওঁৰ পিতৃ ৰমন আৰু মাতৃ কুৰুমাণ্ডা৷ মাত্ৰ ১৫ বছৰ বয়সতে তেওঁক প্লাচিমাডাৰ পৰা অহা মাৰি মুথুৰ লগত বিয়া কৰাই দিয়া হৈছিল। তেওঁ বিয়াৰ পিছত স্বামীৰ সৈতে প্লাচিমাডাত থাকিবলৈ লৈছিল। তেওঁলোকৰ চাৰিজন সন্তান আছিল। সমাজ সেৱাৰ তৃণমূল পৰ্যায়ৰ সক্ৰিয়ভাবে কাম কৰাৰ আগতেই মাৰি মুথুৰ মৃত্যু হয়।[5]

কোকো-কোলাৰ বিৰুদ্ধে সংগ্ৰাম

[সম্পাদনা কৰক]

মায়িলাম্মা বাস কৰা কেৰেলাৰ পালাক্কাড জিলাৰ প্লাচিমাডা অঞ্চলত কোকাকোলাৰ কাৰ্য্যকলাপৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। সেই অঞ্চলৰ কুঁৱাৰ পানী (প্লাচিমাদাৰ বিজয়নগৰ কলনীত) কোকাকোলাৰ কাৰ্য্যকলাপৰ ফলত ইমানেই প্ৰদূষিত হৈছিল যে ইয়াক মানুহৰ খোৱাৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হৈছিল।

অঞ্চলটোৰ পানীৰ নাটনি আৰু প্ৰদূষণৰ বাবে কোকাকোলাক জবাবদিহি কৰাৰ অভিযানত মায়িলাম্মাই মূল ভূমিকা পালন কৰিছিল।[6] আন্দোলন চলোৱাৰ এবছৰৰ পিছত তেওঁ এই আন্দোলনত যোগদান কৰিছিল।[7] ২০০২ চনৰ ২২ এপ্ৰিলত তেওঁ কোকো-কোলাৰ বিৰুদ্ধে সত্যগ্ৰহ আৰম্ভ কৰে।[8] তেওঁৰ নেতৃত্বতেই ২০০৪ চনৰ মাৰ্চ মাহত কোম্পানীয়ে কোকাকোলাৰ বটলিং প্লাণ্টটো বন্ধ কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছৰ পৰাই এই উদ্যোগটো বন্ধ হৈ আছে।

এৰাভালাৰ জনগোষ্ঠীৰ সদস্য মায়িলাম্মা প্লাচিমাডাৰ কোকাকোলাৰ বিৰুদ্ধে অভিযানত আগভাগ লোৱা কোকাকোলা বিৰুদ্ধ সমৰ সমিতি (এণ্টি কোকাকোলা সংগ্ৰাম সমিতি)ৰ প্ৰতিষ্ঠাপক আছিল। ২০০২ চনৰ ২২ এপ্ৰিলৰ পৰা কোকাকোলা বিৰোধী সংগ্ৰাম সমিতিয়ে কোকাকোলাৰ কাৰখানাৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত এক অবিৰত আন্দেলন অনুষ্ঠিত কৰি আহিছে আৰু ইয়াক স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে।

তেওঁ কেতিয়াও কোনো ৰাজনৈতিক দলত যোগদান কৰা নাছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে ৰাজনৈতিক দলসমূহ তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে ক্ষতিকাৰক।[8]

মায়িলাম্মাই প্লাচিমাডাৰ বিজয়নগৰ কলনীত যৌথ পৰিয়ালত বাস কৰিছিল৷

২০০৭ চনৰ ৬ জানুৱাৰীত মায়িলাম্মাৰ মৃত্যু হয়। চিত্তুৰৰ পেৰুমাট্টি গ্ৰাম পঞ্চায়তৰ চৰকাৰপথী সমাধিস্থলত তেওঁৰ সমাধিস্থল কৰা হয়।[7][9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Sudeep (8 January 2007). "sudeep's diary: Mayilamma". Sudeepsdiary.blogspot.com. http://sudeepsdiary.blogspot.com/2007/01/mayilamma.html আহৰণ কৰা হৈছে: 16 August 2018.
  2. Basheer, K. P. M. (2014-01-08). "Poet wins Mayilamma Award for efforts to empower women" (en ভাষাত). The Hindu Business Line. http://www.thehindubusinessline.com/news/poet-wins-mayilamma-award-for-efforts-to-empower-women/article5554180.ece.
  3. "Mayilamma". Outlookindia.com. 11 October 2005. https://www.outlookindia.com/website/story/mayilamma/228877 আহৰণ কৰা হৈছে: 16 August 2018.
  4. Safiya Fatima (7 January 2017). "പ്ലാച്ചിമട മാത്രമല്ല കേരളമാകെ വരളുകയാണ്; മയിലമ്മയുടെ ഓര്‍മ്മകള്‍ക്ക് പത്ത് വയസ്" (ml ভাষাত). Azhimukham. https://azhimukham.com/mayilamma-plachimada-protest-against-cococola-company-water-depletion-safiya/.
  5. "Mayilamma and the Struggles for Water". Chespeak.blogspot.in. 10 January 2008. http://chespeak.blogspot.in/2008/01/mayilamma-and-struggles-for-water.html আহৰণ কৰা হৈছে: 2017-12-16.
  6. "Coca-Cola Journey - Refreshing India one story at a time". Coca-colaindia.com. http://www.coca-colaindia.com/ আহৰণ কৰা হৈছে: 16 August 2018.
  7. 1 2 "Mayilamma, symbol of anti-cola stir, is no more" (en-IN ভাষাত). The Hindu. 2007-01-08. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/Mayilamma-symbol-of-anti-cola-stir-is-no-more/article14703389.ece.
  8. 1 2 "Mayilamma". https://www.outlookindia.com/website/story/mayilamma/228877.
  9. "Mayilamma, symbol of anti-cola stir, is no more". Thehindu.com. 8 January 2007. https://www.thehindu.com/todays-paper/tp-national/tp-kerala/Mayilamma-symbol-of-anti-cola-stir-is-no-more/article14703389.ece আহৰণ কৰা হৈছে: 16 August 2018.