মালগুড়ি ডেইজ
| মালগুড়ি ডেইজ | |
|---|---|
| DVD Cover of Malgudi Days.jpeg | |
| পৰিচালক | শংকৰ নাগ
(চিজন ১-৩)(চিজন ৪) |
| শীৰ্ষ সংগীত পৰিচালক | এল. বৈদ্যনাথন |
| সংগীত পৰিচালক | এল. বৈদ্যনাথন |
| দেশ | ভাৰত |
| ভাষা | হিন্দী ইংৰাজী num_seasons = ৪ |
| খণ্ডৰ সংখ্যা | ৫৪ |
| প্ৰযোজনা | |
| প্ৰযোজক | টি.এচনৰসিম্হন |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | Doordarshan |
| প্ৰদৰ্শনৰ সময় | ২৪ ছেপ্টেম্বৰ ১৯৮৬ – ২০০৬ |
মালগুড়ি ডেইজ ইংৰাজী: :Malgudi Days হৈছে ১৯৮৬ চনত প্ৰথম প্ৰদৰ্শন হোৱা এখন ভাৰতীয় টেলিভিছন ধাৰাবাহিক।[1] প্ৰথম অৱস্থাত ইংৰাজী (১৩টা খণ্ড) আৰু হিন্দী (৫৪টা খণ্ড) দুয়োটা ভাষাতে নিৰ্মিত এই শৃংখলাটো ১৯৪৩ চনত আৰ কে নাৰায়ণৰ একে নামৰ চুটিগল্প সংকলনৰ আধাৰত নিৰ্মিত। কানাড়া অভিনেতা তথা পৰিচালক শংকৰ নাগৰ পৰিচালনাত নিৰ্মিত এই ধাৰাবাহিকখনৰ প্ৰযোজক আছিল টি. নৰসিম্হন,[2]আৰু সংগীত ৰচনাত আছিল এল বৈদ্যনাথন। নাৰায়ণৰ কনিষ্ঠ ভাতৃ বিখ্যাত কাৰ্টুনকাৰ আৰ কে লক্ষ্মণে স্কেচ আৰ্টিষ্ট হিচাপে অৰিহণা যোগাইছিল।[3] ২০০৬ চনত কবিতা লংকেশৰ দ্বাৰা পৰিচালিত ১৫টা নতুন খণ্ডৰে ধাৰাবাহিকখন পুনৰ সমপ্ৰচাৰ কৰা হয়।[3]
পটভূমি
[সম্পাদনা কৰক]দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুড়ীৰ সমাজ জীৱনক চিত্ৰিত কৰি আৰ কে নাৰায়ণৰ কেইবাটাও চুটিগল্প আৰু উপন্যাস সংকলনৰ অভিযোজন এই ধাৰাবাহিকখন। ইয়াত মালগুড়ী ডেইজ, এ হৰ্চ এণ্ড টু গটছ এণ্ড অদাৰ ষ্ট’ৰীজ, এন এষ্ট্ৰ’লজাৰছ ডে এণ্ড অদাৰ চুটিগল্প, স্বামী এণ্ড ফ্ৰেণ্ডছ, আৰু দ্য ভেণ্ডাৰ অৱ ছুইটছ আদি গ্ৰন্থৰ পৰা আঁকিছে, ইয়াৰ দৈনন্দিন চৰিত্ৰ আৰু দৃশ্যপটৰ জৰিয়তে গ্ৰাম্য আৰু সৰু চহৰৰ ভাৰতৰ চিত্ৰণ আগবঢ়াইছে।
প্ৰতিটো খণ্ডই বিভিন্ন চৰিত্ৰ আৰু পৰিঘটনাৰ পৰিচয় দিয়ে, নিৰ্দোষতা, বিদ্ৰুপ আৰু সামাজিক পৰ্যবেক্ষণৰ পুনৰাবৃত্তিমূলক বিষয়বস্তুক ধৰি ৰাখিছে। উদাহৰণস্বৰূপে স্বামী আৰু বন্ধুত ধাৰাবাহিকখনে স্বামী আৰু তেওঁৰ বন্ধুসকলৰ শৈশৱৰ অভিজ্ঞতাসমূহ মনত পেলাই ঔপনিৱেশৰ পিছৰ সময় চোৱাত হোৱা সমাজিক পৰিৱৰ্তন সমূহ সুন্দৰকৈ প্ৰকাশ কৰি দেখুৱাইছে। দ্য ভেণ্ডাৰ অৱ ছুইটছ এ প্ৰজন্মৰ সংঘাতক সম্বোধন কৰিছে এজন বৃদ্ধ মিঠাই বিক্ৰেতা জগন আৰু তেওঁৰ আধুনিক চিন্তাধাৰাৰ পুত্ৰৰ মাজৰ সম্পৰ্কৰ জৰিয়তে, য’ত পুৰুষানুক্ৰমিক দ্বন্দ্বৰ বিষয়টো ওলাই পৰিছে।
ধাৰাবাহিকখনে কেন্দ্ৰীয় জ্যোতিষীৰ সৈতে হোৱা পাৰস্পৰিক কথোপকথনৰ পৰা আৰম্ভ কৰি নৈতিক দন্দ, হাস্যৰসাত্মক ভুল বুজাবুজি আৰু ব্যক্তিগত প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা গাঁৱৰ লোকসকলক লৈ এক বৰ্ণনামূলক আখ্যান সামৰি লৈছে। নাৰায়ণৰ মালগুড়ীৰ চিত্ৰণে প্ৰচলিত সামাজিক গতিশীলতাৰ ওপৰত হাস্যৰস আৰু সমালোচনাত্মক দুয়োটা দিশত চিন্তা-চৰ্চাৰ অৱকাশ আগবঢ়াইছে আৰু সামূহিক জীৱনৰ এক কালজয়ী দৃষ্টিভংগী উপস্থাপন কৰিছে।
নিৰ্মান
[সম্পাদনা কৰক]উনত্ৰিশটা খণ্ডৰে গঠিত ধাৰাবাহিক মালগুড়ী ডেইজ ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে দূৰদৰ্শনত প্ৰচাৰিত হয়।। শৃংখলাটোৰ বেছিভাগ দৃশ্য কৰ্ণাটকৰ শিৱমোগা জিলাৰ আগুম্বে গাঁৱতচিত্ৰায়িত কৰা হৈছিল। [4][5]কলা নিৰ্দেশক জন দেৱৰাজে "গাড়ী, মূৰ্তি, ৰাষ্টা, দোকান, বাছ ষ্টেণ্ড, স্কুল, দোকান" গোটাই আনি আগুম্বেক মালগুড়ীলৈ ৰূপান্তৰিত কৰে। শিমোগাৰ পৰা আগুম্বেলৈ গাধ আৰু বাংগালুৰু পৰা হাতী অনা হৈছিল। অষ্টিন আৰু হিন্দুস্তানৰ গাড়ী বন্ধুৰ পৰা ধাৰলৈ লোৱাৰ বিপৰীতে বাংগালুৰুৰ পৰা এখন ৰোড-ৰোলাৰ কঢ়িয়াই আনিব লগা হৈছিল। “টকেটিভ ম্যান” খণ্ডটোৰ বাবে শংকৰ নাগে নৃত্যশিল্পী, মল্লযোদ্ধা, অগ্নি ভক্ষক, আৰু চুড়ি বিক্ৰেতাৰে পৰিপূৰ্ণ এখন বিশাল প্ৰাঙ্গণ নির্মাণ কৰিছিল। শ্ৱুটিঙৰ বাবে শংকৰ নাগ আৰু নৰসিংহনে প্ৰথমে মহীশূৰক বিবেচনা কৰিছিল কিন্তু চহৰখন আগত কৈ আধুনিক হৈ পৰাৰ বাবে, তেওঁলোকে নানজাংগুডক বিবেচনা কৰে যদিও "মহীশূৰৰ ওচৰত থকাৰ বাবে" পুনৰ এই ঠাই খন তেওঁলোকে নাকচ কৰিছিল । তাৰ পিছত অৱশেষত তেওঁলোকে আগুম্বেক শ্ৱুটিঙৰ বাবে নিৰ্বাচন কৰে।[6] কিছুমান খণ্ড বেংগালুৰুত আৰু আন কিছুমান কৰ্ণাটকৰ টুমাকুৰু জিলাত অৱস্থিত দেৱৰায়ানাদুৰ্গাত চিত্ৰগ্ৰহণ কৰা হৈছিল।[7] "নিত্য" নামৰ খণ্ড টো সম্পূৰ্ণৰূপে দেৱৰাণদুৰ্গত শ্বুটিং কৰা হৈছিল।[8]ৰেলৱে ষ্টেচনৰ দৃশ্যসমূহ আৰাছালু গাঁৱৰ ৰেলৱে ষ্টেচনত শ্বুট কৰা হৈছিল।[6][9] শংকৰে এই ধাৰাবাহিকখনৰ শ্বুটিং "ডিজিটেলভাৱে শ্বুট কৰাতকৈ চেলুলয়ড ফিল্মত" কৰাটো পছন্দ কৰিছিল।[10]
পুনৰুজ্জীৱন
[সম্পাদনা কৰক]ইয়াৰ পিছত ২০০৪ চনত শংকৰ নাগৰ ঠাইত চলচ্চিত্ৰ নিৰ্মাতা কবিতা লংকেশে পৰিচালক হিচাপে কাম কৰে। [3] ২০০৬ চনৰ ২৬ এপ্ৰিলৰ পৰা দূৰদৰ্শনত নতুন ধাৰাবাহিকখন প্ৰচাৰ কৰা হয়। [11] ধাৰাবাহিকখনৰ বেছিভাগ কাহিনীয়েই এটা খণ্ড দীঘল আৰু ইয়াক এ হৰ্চ এণ্ড টু গটছ, মালগুডী ডেজ, স্বামী এণ্ড ফ্ৰেণ্ডছ আৰু দ্য ভেণ্ডৰ অৱ ছুইটছ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]ভাৰতীয় ৰেলৱেই মালগুড়ী ডেইজ ছিৰিয়েলৰ স্থানৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতৰ কৰ্ণাটকৰ শিৱমোগ্গা জিলাৰ আৰাছালু ৰেলৱে ষ্টেচনৰ নাম সলনি কৰি মালগুড়ী ৰেলৱে ষ্টেচন ৰখাৰ সিদ্ধান্ত লয়।[12]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Jain, Madhu (15 August 1986). "R.K. Narayan's Malgudi does exist; recreated for television". India Today. https://www.indiatoday.in/magazine/society-the-arts/story/19860815-r.k.-narayans-malgudi-does-exist-recreated-for-television-801143-1986-08-15। আহৰণ কৰা হৈছে: 21 February 2020.
- ↑ "Classics from Karnataka". The Hindu. 9 February 2004. http://www.hindu.com/mp/2004/02/09/stories/2004020900900200.htm.
- ↑ 3.0 3.1 3.2 "The return of Malgudi Days". Rediff. 21 July 2006. http://in.rediff.com/movies/2006/jul/21malgudi.htm.
- ↑ Riti, M.D. (16 May 2001). "'You acted exactly as I imagined Swami to be'". The Rediff Special. http://www.rediff.com/news/2001/may/16spec.htm.
- ↑ "The Malgudi that is Agumbe". The Hindu. 20 February 2011. Archived from the original on 23 February 2011. https://web.archive.org/web/20110223114912/http://www.hindu.com/mag/2011/02/20/stories/2011022050370800.htm.
- ↑ 6.0 6.1 "When Agumbe turned Malgudi". The Hindu. 8 November 2018. https://www.thehindu.com/entertainment/when-agumbe-turned-malgudi/article25443929.ece। আহৰণ কৰা হৈছে: 19 September 2023.
- ↑ "Memories of Malgudi". The Times of India. 16 October 2016. http://timesofindia.indiatimes.com/city/bengaluru/Memories-of-Malgudi/articleshow/54875456.cms.
- ↑ "Episode 22, Nitya". Youtube. 12 October 2016. https://www.youtube.com/watch?v=gURphvnmDGQ.
- ↑ "The train will now stop at Malgudi!". The Hindu. 5 September 2019. https://www.thehindu.com/entertainment/movies/the-train-will-now-stop-at-malgudi/article29341705.ece। আহৰণ কৰা হৈছে: 19 September 2023.
- ↑ "The man who brought Malgudi to screen is no more". The Hindu. 27 July 2013. https://www.thehindu.com/news/national/karnataka/the-man-who-brought-malgudi-to-screen-is-no-more/article4959976.ece.
- ↑ "Malgudi Days on DD1". The Hindu. 12 May 2006. http://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/malgudi-days-on-dd1/article3218097.ece.
- ↑ M, Shrinivasa (3 March 2019). "Shivamogga's Arasalu set to be rechristened Malgudi Station". The Times of India. https://timesofindia.indiatimes.com/city/mysuru/shivamoggas-arasalu-set-to-be-rechristened-malgudi-station/articleshow/68240021.cms.