মালদা সংগ্ৰহালয়
| মালদা সংগ্ৰহালয় | |
|---|---|
| প্ৰতিষ্ঠা | ১৯৩৭[1] |
| অৱস্থিতি | ইংলিছ বজাৰ, পশ্চিম বংগ |
| প্ৰকাৰ | পুৰাতাত্বিক সংগ্ৰহালয় |
মালদা সংগ্ৰহালয় (ইংৰাজী: Malda Museum) পশ্চিম বংগ পুৰাতত্ত্ব সঞ্চালকালয়ৰ অধীনস্থ এটা পুৰাতাত্ত্বিক সংগ্ৰহালয়। ১৯৩৭ চনত প্ৰতিষ্ঠা হোৱা এই সংগ্ৰহালয়টো ভাৰতৰ পশ্চিম বংগৰ মালদা জিলাৰ ইংলিছ বজাৰৰ শুভংকৰ বন্ধ পথত অৱস্থিত।[2]
অৱলোকন
[সম্পাদনা কৰক]এই সংগ্ৰহালয়টো প্ৰথম অৱস্থাত জিলাখনৰ ভিতৰত পোৱা ঐতিহাসিক সামগ্ৰীৰ সংগ্ৰহ হিচাপে আৰম্ভ কৰা হৈছিল আৰু মালদা জিলা পুথিভঁৰালৰ চৌহদৰ ভিতৰত স্থাপন কৰা হৈছিল। পিছলৈ ইয়াক নিজা এটা নতুন কাষৰীয়া অট্টালিকালৈ স্থানান্তৰ কৰা হয় আৰু ৰাজ্যিক পুৰাতত্ত্ব সঞ্চালকালয়ৰ অধীনত নিজাববীয়াকৈ সংগ্ৰহালয়ৰ মৰ্যাদা প্ৰদান কৰা হয়।
যদিও মালদা ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়তহে অস্তিত্বলৈ আহিছিল, তথাপিও সপ্তম শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈকে এই অঞ্চলটো বংগৰ ক্ষমতাৰ কেন্দ্ৰবিন্দু আছিল, যেতিয়া ওচৰৰ গৌৰ আৰু পাণ্ডুৱাই সমগ্ৰ বংগ অঞ্চলৰ ৰাজধানী চহৰ আছিল। শেহতীয়াকৈ পুনৰ্নবীকৰণ আৰু সংস্কাৰ সাধন কৰা এই সংগ্ৰহালয়টোৱে অঞ্চলটোৰ পুৰাতাত্ত্বিক, নৃতত্ত্ববিজ্ঞান আৰু ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰে।[3] সংগ্ৰহালয়টোত ভাস্কৰ্য্য, মূৰ্তি, শিলালিপি, টেৰাকোটা ফলক আৰু অন্যান্য সামগ্ৰীৰ কেইবাটাও সুন্দৰ নমুনা আছে, যিয়ে ১৫০০ বছৰতকৈও অধিক ইতিহাস আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰে।
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Gita Dutta, Mrinal Dutta (1990). Vraman Sangi: India Travel Companion, 1991-92. Asia Publishing Company. https://books.google.com/books?id=dSxWAAAAYAAJ.
- ↑ Robert Bradnock, Roma Bradnock (2001). India Handbook. Trade & Travel Publications. https://books.google.com/books?id=EB0wAQAAIAAJ.
- ↑ Footprint India. Footprint Handbooks. 2004. https://books.google.com/books?id=NNsvAQAAIAAJ.