সমললৈ যাওক

মালবিকা কানন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালবিকা কানন
চিত্ৰ:Malabika Kanan.jpg
পৃষ্ঠভূমি
জন্ম ২৭ ডিচেম্বৰ, ১৯৩০
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ
মৃত্যুৰ তাৰিখ ১৭ ফেব্ৰুৱাৰী, ২০০৯ (৭৮ বছৰ)
কলকাতা, ভাৰত
সংগীতৰ ধৰণ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত

মালবিকা কানন (ইংৰাজী: Malabika Kanan ; ২৭ ডিচেম্বৰ ১৯৩০ – ১৭ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী।[1] কাননে ১৯৯৫ চনত আই টি কে সংগীত গৱেষণা একাডেমী বঁটা আৰু ১৯৯৯-২০০০ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[2]

১৯৩০ চনৰ ২৭ ডিচেম্বৰত[3] লক্ষ্ণৌত কাননৰ জন্ম ৰবীন্দ্ৰলাল ৰায়ৰ ঘৰত হয়। ৰবীন্দ্ৰলাল ৰায় এজন সংগীতকাৰ আৰু বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ শিষ্য আছিল। প্ৰাৰম্ভিক বছৰবোৰত কাননে পিতৃৰ অধীনত কেইবাবছৰ ধৰি ধ্ৰুপদ, ধমৰ আৰু খয়াল আদি সংগীত ধাৰাত প্ৰশিক্ষণ লৈছিল। শান্তিদেৱ ঘোষ আৰু সুচিত্ৰ মিত্ৰৰ পৰাও ৰবীন্দ্ৰসংগীতৰ প্ৰশিক্ষণ লৈছিল। দেশৰ ভিতৰতে বহু ঠাইত সংগীত কনচাৰ্টত দেউতাকৰ সৈতে ভ্ৰমণ কৰিছিল। ১৫ বছৰ বয়সত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত ৰাগ ৰামকলি পৰিবেশন কৰিছিল। তানচেন সংগীত সমাৰোহত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত পৰিবেশন কৰে।[4]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]