সমললৈ যাওক

মালবিকা চুব্বা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালবিকা চুব্বা
মালবিকা চুব্বা
মালবিকা চুব্বা, কাঠমাণ্ডু
জন্ম মালবিকা ৱানেম চুব্বা (লিম্বু)
১৯ জুলাই, ১৯৮১ (৪৫ বছৰ)[1]
ধৰাণ, নেপাল
পেচা টেলিভিছন ব্যক্তিত্ব, সামাজিক কৰ্মী, উদ্যোক্তা
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
সন্তান ১
'Modeling information'
Height ৫ ফুট ৮ ইঞ্চি
Hair color ক’লা
Eye color মুগা
ৱেবছাইট
Malvikasubba.com

মালবিকা ৱানেম চুব্বা (লিম্বু) (নেপালী: माल्बिका वनेम सुब्बा (लिम्बु)) এগৰাকী নেপালী টেলিভিছন ব্যক্তিত্ব, উদ্যোক্তা, মডেল, সামাজিক কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০২ চনৰ মিছ নেপালৰ মুকুট লাভ কৰিছিল।[2] তেওঁ পোখৰা বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২১ বছৰ বয়সত মালবিকা মিছ নেপাল ২০০২ হিচাপে নিৰ্বাচিত হয়। তাৰ পিছৰে পৰা তেওঁ কান্তিপুৰ টেলিভিছনত 'কল কান্তিপুৰ' অনুষ্ঠানৰ এগৰাকী টিভি আঁতধৰোঁতা হিচাপে কাম কৰি আহিছে।[4] ২০০৮ চনত তেওঁ 'ভইচ অৱ ইণ্ডিয়া' আৰু 'এমটিভি এগজিট'ৰ হৈ মানৱ সৰবৰাহ বিৰোধী অভিযানৰ দূত হিচাপে কাম কৰিছিল।[5]

চুব্বাই একচন এইডৰ 'হাংগাৰ-ফ্ৰী' অভিযানৰ যুৱ মুখপাত্ৰ হিচাপেও কাম কৰিছে। ইয়াৰ উপৰিও তেওঁ ইউনিচেফৰ দ্বাৰা এইচআইভি/এইডছ্ যুৱ নেত্ৰী হিচাপে মনোনীত হৈছিল আৰু ২০০৯-২০১১ চনত চাংগ্ৰিলা হাউছিঙত বিক্ৰী আৰু বিপণন পৰিচালক হিচাপে কাম কৰিছিল।[6]

২০০৮ চনত তেওঁ 'গড লিভছ ইন দ্য হিমালয়াজ', 'গুড বাই কাঠমাণ্ডু' আৰু 'হাম্ৰি শিৱানী'ৰ দৰে চলচ্চিত্ৰ আৰু নাটকত অভিনয় কৰিছিল।[7]

২০১১ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ তেওঁ নেপালৰ অন্যতম আগশাৰীৰ ফেশ্বন আৰু লাইফষ্টাইল মেগাজিন 'নভ্যাতা'ৰ মুখ্য সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8] একে বছৰতে চুব্বাই নিজস্ব ডিজাইনাৰৰ সৈতে এটা কাপোৰৰ দোকান স্থাপন কৰে। তেওঁ 'হাউচ অৱ অলটাৰনেটিভ এপাৰেল' (HAA) আৰু 'হিমালয়ান ক্লাইমেট ইনিচিয়েটিভ'ৰ (HCI) সহ-প্ৰতিষ্ঠাপক আৰু সৃজনীশীল পৰিচালক।

২০১৫ চনৰ পৰা তেওঁ 'মেগা মডেল' অনুষ্ঠানৰ আঁতধৰোঁতা আৰু মুখ্য বিচাৰক হিচাপে কাম কৰি আছে।

২০২২ চনৰ মে' মাহত এগৰাকী মেকআপ আৰ্টিষ্টে অভিযোগ কৰিছিল যে ২০১৪ চনত ১৬ বছৰ বয়সত এখন সৌন্দৰ্য প্ৰতিযোগিতাৰ উদ্যোক্তাই তেওঁক বাৰে বাৰে ধৰ্ষণ কৰিছিল। তেওঁ লগতে কয় যে সেই সময়তে তেওঁ এই বিষয়ে চুব্বাক জনাইছিল, কিন্তু চুব্বাই তেওঁৰ কথা শুনিবলৈ অস্বীকাৰ কৰিছিল।[9] নাৰীবাদ আৰু নাৰী অধিকাৰৰ ওপৰত ৰাজহুৱা অনুষ্ঠান চলোৱাৰ বিপৰীতে এজন ভুক্তভোগীৰ দুৰ্দশাক আওকাণ কৰাৰ বাবে চুব্বাক তীব্ৰ সমালোচনা কৰা হয়। পিছলৈ তেওঁ এই সন্দৰ্ভত ক্ষমা বিচাৰে আৰু নিকট ভৱিষ্যতে এনেধৰণৰ ৰাজহুৱা মঞ্চৰ পৰা আঁতৰি থকাৰ সংকল্প লয়।[10]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
  • গুড বাই কাঠমাণ্ডু

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Malvika Subba, Celebrity Nepal Profile". 16 April 2013. http://celebritynepal.com/models/malvika-subba-profile। আহৰণ কৰা হৈছে: 8 November 2017.
  2. ↑ http://malvikasubba.com/ About Malvika Subba
  3. ↑ Malvika Subba. eNasha.com. Retrieved on 2016-12-19.
  4. ↑ Malvika Leaves Call Kantipur. malvikasubba.com
  5. ↑ Nepal | U.S. Agency for International Development Archived 2010-03-06 at the Wayback Machine. Nepal.usaid.gov (2016-04-25). Retrieved on 2016-12-19.
  6. ↑ "HM's Food & Wine Magazine » Cherry on Top : Malvika Subba". www.fnw.com.np. Archived from the original on 21 February 2014. https://web.archive.org/web/20140221022040/http://www.fnw.com.np/cherry-on-top-malvika-subba/। আহৰণ কৰা হৈছে: 17 January 2022.
  7. ↑ CS : CyberSansar.com - I play the protagonist's Mother : Malvika Subba Archived 15 August 2020 at the Wayback Machine. CyberSansar.com (2008-04-29). Retrieved on 2016-12-19.
  8. ↑ Navyaata Magazine
  9. ↑ "#MeToo in Nepal: A rape case in the beauty pageant industry is exposed after 8 years - OnlineKhabar English News" (en-GB ভাষাত). 2022-05-19. https://english.onlinekhabar.com/metoo-nepal-rape-beauty-pageant.html। আহৰণ কৰা হৈছে: 2022-06-16.
  10. ↑ "'I was just crying and feeling helpless': Alleged rape victim reveals horrifying series of incidents" (en ভাষাত). Nepal Live Today. 2022-05-19. Archived from the original on 2022-06-16. https://web.archive.org/web/20220616113630/https://www.nepallivetoday.com/2022/05/19/i-was-just-crying-and-feeling-helpless-alleged-rape-victim-reveals-horrifying-series-of-incidents/। আহৰণ কৰা হৈছে: 2022-06-16.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Awards and achievements
পূৰ্বৱৰ্তী
উষা খাদগী
( নেপাল)
মিছ নেপাল বিশ্ব
২০০২
পৰৱৰ্তী
প্ৰীতি চিটৌলা
( নেপাল)