সমললৈ যাওক

মালবিকা সভাৰৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডাঃ মালবিকা সভাৰৱাল
জন্ম নতুন দিল্লী, ভাৰত
পেচা স্ত্ৰীৰোগ বিশেষজ্ঞ
প্ৰসূতি বিশেষজ্ঞ
জনা যায় লেপাৰস্কপি
দাম্পত্যসঙ্গী ডাঃ বিনয় সভাৰৱাল
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

ডাঃ মালবিকা সভাৰৱাল (ইংৰাজী: Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।[1][2][3] লেপাৰ’স্কপিক অস্ত্ৰোপচাৰৰ জৰিয়তে ৰেকৰ্ড কৰা আটাইতকৈ ডাঙৰ ফাইব্ৰইডটো আঁতৰোৱাৰ সফল প্ৰদৰ্শনৰ বাবে তেওঁৰ নেতৃত্বত গঠিত দলটোৱে কৃতিত্ব লাভ কৰিছে।[4] তেওঁ গাইনোকোলজি সম্পৰ্কীয় এণ্ডোস্কোপিক অস্ত্ৰোপচাৰৰ সৈতে জড়িত ১৪০জন চিকিৎসকৰ দল গাইনি এণ্ডোস্কোপিক নেতৃত্ব দিয়ে।[5]

সভাৰৱালে লেডী হাৰ্ডিং মেডিকেল কলেজৰ পৰা মেডিচিন (এম বি বি এছ) স্নাতক ডিগ্ৰী লাভ কৰি একেখন প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ প্ৰমাণপত্ৰ (ডি জি অ’) লাভ কৰাৰ পিছত নেদাৰলেণ্ডৰ হাৰলেমৰ ৱামষ্টেকাৰৰ অধীনত হিষ্টেৰ’স্কপি আৰু ব্ৰিটেইনৰ ৰয়েল ফ্ৰী হস্পিতালৰ এডাম মেগছৰ অধীনত লেপাৰ’স্কপিৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।[6] ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ গাইনেক’লজিকেল এণ্ড’স্কপিষ্ট, ইণ্ডিয়ান ফাৰ্টিলিটি ছ’চাইটি, ইণ্ডিয়ান মেনোপ’জেল ছ’চাইটি, ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ এণ্ড’স্ক’পিক চাৰ্জন, ইণ্টাৰনেশ্যনেল ছ’চাইটি অৱ গাইনেক’লজিকেল এণ্ড’স্কপি, গেছলেছ ইণ্টাৰনেশ্যনেল, এছ’চিয়েশ্যন অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক’লজী, এছ’চিয়েশ্যন অৱ এণ্ড’স্ক’পিক চাৰ্জনছ অৱ ইণ্ডিয়াৰ দৰে কেইবাটাও চিকিৎসা সংস্থাৰ সদস্য হিচাপে কেইবাটাও বক্তৃতা আৰু মূল ভাষণ প্ৰদান কৰিছে।[7] তেওঁ মহিলা, শিশু আৰু কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবেও জনাজাত।[8] চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৮ চনত তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Fight cervical cancer through prevention and early detection". Alive. 7 February 2014. http://www.slideshare.net/novaspecialtysurgery/alivecom-dr-malvika-sabharwal। আহৰণ কৰা হৈছে: 8 February 2016. 
  2. "On Sehat". Sehat. 2016. https://www.sehat.com/dr-malvika-sabharwal-obstetricians-and-gynecologist-delhi। আহৰণ কৰা হৈছে: 8 February 2016. 
  3. "Dr.Malvika Sabharwal - Book Appointment Online, View Fees, Feedbacks| Timesmed". https://www.timesmed.com/AMP/Doctorprofile/Delhi/dr-malvika-sabharwal-52736. 
  4. "Delhi doctors remove world's largest fibroid". Times of India. 27 October 2010. http://timesofindia.indiatimes.com/city/delhi/Delhi-doctors-remove-worlds-largest-fibroid/articleshow/6817981.cms। আহৰণ কৰা হৈছে: 8 February 2016. 
  5. "About Gynae Endoscopy". Gynae Endoscopy. 2016. http://www.gynaeendoscopy.in/। আহৰণ কৰা হৈছে: 8 February 2016. 
  6. "Dr. Malvika Sabharwal on Practo". Practo. 2016. https://www.practo.com/delhi/doctor/dr-malvika-sabharwal-gynecologist-obstetrician-3। আহৰণ কৰা হৈছে: 8 February 2016. 
  7. "Sabharwal on Credi Health". Credi Health. 2016. https://www.credihealth.com/doctor/malvika-sabharwal-gynaecologist/overview। আহৰণ কৰা হৈছে: 8 February 2016. 
  8. "Medical Tourism profile". Medical Tourism. 2016. http://www.medicaltourismco.com/dr-malvika-sabharwal-india/। আহৰণ কৰা হৈছে: 8 February 2016. 
  9. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016.