সমললৈ যাওক

মালাইকা অৰোৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালাইকা অৰোৰা

২০২৩ চনত অৰোৰা
জন্ম ২৩ অক্টোবৰ, ১৯৭৩ (৫২ বছৰ)
থানে, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম মালাইকা অৰোৰা খান
পেচা অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিজে, দূৰদৰ্শন উপস্থাপিকা
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বৰ্তমান
দাম্পত্যসঙ্গী আৰবাজ খান (বি. ১৯৯৮; বিবি. ২০১৭)
সন্তান
আত্মীয়-স্বজন অমৃতা অৰোৰা (ভনী)

মালাইকা অৰোৰা (ইংৰাজী: Malaika Arora; জন্ম: ২৩ অক্টোবৰ ১৯৭৩)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিডিঅ' জকী আৰু দূৰদৰ্শন ব্যক্তিত্ব যিয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ ২০০৮ চনত তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে 'আৰবাজ খান প্ৰডাকচন' নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰিছিল, যিয়ে দবাং চলচ্চিত্ৰ শৃংখলা নিৰ্মাণ কৰিছিল। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ কাঁটে (২০০২) আৰু ইএমআই (২০০৮) আদি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ "চাইয়া চাইয়া" (১৯৯৮), "গুড় নাালো ইশ্ক মিঠা" (১৯৯৮), "মাহী ৱে" (২০০২), "কাল ধামাল" (২০০৫) আৰু "মুন্নী বদনাম হুয়ী" (২০১০) আদি গীতৰ মিউজিক ভিডিঅ'ত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

[সম্পাদনা কৰক]

মালাইকা অৰোৰাৰ নামটো ছোৱাহিলী শব্দ মালাইকাৰপৰা ৰখা হৈছে যাৰ অৰ্থ হৈছে "দেৱদূত।" [2] তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ থানেত হৈছিল।[3] তেওঁৰ মাতৃ জয়েচ পলিকৰ্প এগৰাকী মালয়ালী খ্ৰীষ্টান আৰু পিতৃ অনিল অৰোৰা আছিল ভাৰতীয় সীমান্তৰ চহৰ ফাজিলকাৰ এজন পঞ্জাবী হিন্দু, যিয়ে 'ইণ্ডিয়ান মাৰ্চেণ্ট নেভী'ত কাম কৰিছিল। তেওঁৰ ১১ বছৰ বয়সত পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ ভনীয়েক অমৃতা অৰোৰা আৰু মাতৃৰ সৈতে চেম্বুৰলৈ গুচি আহে।[4] তেওঁলোকক এগৰাকী একক মাতৃ হিচাপে তেওঁৰ মাকে ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ পিতৃৰ পৰিয়ালটোৰ সৈতে এক সন্মানীয় সম্পৰ্ক আছিল।[5]

তেওঁ চেম্বুৰৰ স্বামী বিবেকানন্দ স্কুলত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে তেওঁ চেম্বুৰৰ সিন্ধী চছাইটিৰ বৰলাত বাস কৰিছিল।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
সংগী ডিনো মৰিয়াৰ সৈতে অৰোৰা

এটা কফিৰ বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ সময়ত হোৱা চিনাকিৰ সূত্ৰে ১৯৯৮ চনত অৰোৰাই বলীউডৰ অভিনেতা-পৰিচালক-প্ৰযোজক আৰবাজ খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰপৰা বিবাহ বিচ্ছেদ নোহোৱালৈকে তেওঁ মালাইকা অৰোৰা খান নামেৰে পৰিচিত আছিল। ২০১৬ চনৰ ২৮ মাৰ্চত তেওঁলোকে পাৰস্পৰিক বুজা-বুজিৰ অভাৱৰ দোহাই দি বিচ্ছেদৰ কথা ঘোষণা কৰে।[7] ২০১৭ চনৰ ১১ মে'ত তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ আৰ্হান খান (জন্ম: ৯ নৱেম্বৰ ২০০২) নামৰ এজন পুত্ৰ সন্তান আছে।[8] বান্দ্ৰা ফেমিলি ক’ৰ্টৰ নিষ্পত্তি অনুসৰি, বিবাহ বিচ্ছেদৰ পিছত অৰোৰাই পুত্ৰৰ মূল তত্ত্বাৱধানৰ দায়িত্ব লাভ কৰে আৰু খানে সাক্ষাৎ কৰাৰ অধিকাৰ পায়। বলীউডৰ অভিনেতা ছলমান খান আৰু অভিনেতা-পৰিচালক-প্ৰযোজক সোহেল খান তেওঁৰ প্ৰাক্তন দেৱৰ। চিত্ৰনাট্যকাৰ চেলিম খান আছিল তেওঁৰ প্ৰাক্তন শহুৰেক।[9]

২০১৬ চনত অৰোৰাই অভিনেতা অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়।[10] ২০২৪ চনত অৰোৰা আৰু কাপুৰৰ বিচ্ছেদ হয়।[11] ২০২৫ চনৰ আৰম্ভণিতে অৰোৰাই ডিনো মৰিয়াৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।[12] তেওঁ ২০২০ চনত এগৰাকী সম্পূৰ্ণ নিৰামিষভোজী (Vegan) হৈ পৰে।[13]

২০২২ চনৰ এপ্ৰিল মাহত মুম্বাই-পুনে এক্সপ্ৰেছৱেত এটা অনুষ্ঠানৰপৰা ঘৰলৈ উভতি অহাৰ সময়ত তিনিখন গাড়ীৰ মাজত হোৱা সংঘৰ্ষত তেওঁ এক দুৰ্ঘটনাত পতিত হয়। তেওঁক নৱী মুম্বাইৰ এপল’ হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত তেওঁৰ কটা অংশত চিলাই কৰা হয়।[14] ২০২৪ চনত তেওঁৰ সতীয়া পিতৃ অনিল মেহতাৰ আত্মহননৰ ফলত মৃত্যু হয়।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "On Malaika Arora's birthday, a look at her most iconic fashion moments". The Indian Express. 23 October 2019. https://indianexpress.com/article/lifestyle/fashion/happy-birthday-malaika-arora-fashion-moments-photos-6082253/.
  2. Sharma, Amul (7 April 2009). "Malaika's an ink queen". Mid-Day. Archived from the original on 10 January 2019. https://web.archive.org/web/20190110184439/https://www.mid-day.com/articles/malaikas-an-ink-queen/40171.
  3. "On Malaika Arora's birthday, a look at her most iconic fashion moments". 23 October 2019. https://indianexpress.com/article/lifestyle/fashion/happy-birthday-malaika-arora-fashion-moments-photos-6082253/ আহৰণ কৰা হৈছে: 24 May 2020.
  4. Chakraborty, Sumita. "Malaika Arora Khan – "I won't unnecessarily fool around with Salman, and nor are we on backslapping terms!"". Magna Magazines. Archived from the original on 26 November 2014. https://web.archive.org/web/20141126004459/http://www.magnamags.com/savvy/Malaika-Arora-Khan-I-won%E2%80%99t-unnecessarily-fool-around-with-Salman%20-and-nor-are-we-on-backslapping-terms/4742 আহৰণ কৰা হৈছে: 8 December 2014.
  5. Shekhar, Mimansa (11 September 2024). "When Malaika Arora Called Her Parents' Divorce 'Tumultuous': It Wasn't Easy". Times Now. https://www.timesnownews.com/entertainment-news/bollywood/when-malaika-arora-called-her-parents-divorce-tumultuous-anil-arora-joyce-polycarp-article-113252626.
  6. "Chembur will always be our home". Mid-Day. 16 June 2006. Archived from the original on 3 July 2011. https://web.archive.org/web/20110703135015/http://www.mid-day.com/metro/2006/jun/139591.htm আহৰণ কৰা হৈছে: 21 February 2011.
  7. "Pic: Malaika and Arbaaz attend first counselling session after filing for divorce – Times of India ►". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Pic-Malaika-and-Arbaaz-attend-first-counselling-session-after-filing-for-divorce/articleshow/55699734.cms.
  8. "MALAIKA ARORA KHAN". Movie Talkies. Archived from the original on 8 December 2014. https://web.archive.org/web/20141208220325/http://www.movietalkies.com/artiste/55988/malaika-arora-khan আহৰণ কৰা হৈছে: 8 December 2014.
  9. "Malaika Arora – Biography". Yahoo! Movies. Archived from the original on 6 January 2010. https://web.archive.org/web/20100106103037/http://in.movies.yahoo.com/artists/Malaika-Arora/biography-7904.html আহৰণ কৰা হৈছে: 6 May 2010.
  10. "Malaika Arora: "If I want to marry a man younger than me, it's not your problem!"". Hindustan Times. 30 June 2019. https://www.hindustantimes.com/brunch/malaika-arora-if-i-want-to-marry-a-man-younger-than-me-it-s-not-your-problem/story-9OEgYS39MVPCjVfng9l0fL.html.
  11. K, Janani (29 October 2024). "Arjun Kapoor confirms breakup with Malaika Arora: Single hoon main". India Today. https://www.indiatoday.in/movies/celebrities/story/arjun-kapoor-finally-confirms-he-is-single-malaika-arora-breakup-2624747-2024-10-29 আহৰণ কৰা হৈছে: 4 November 2024.
  12. "Dino Morea confirms he is in a romantic relationship, calls marriage a 'social construct': 'I'd love to get married and live with that person'". The Times of India. 12 March 2025. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/dino-morea-confirms-he-is-in-a-romantic-relationship-calls-marriage-a-social-construct-id-love-to-get-married-and-live-with-that-person/articleshow/118945702.cms.
  13. Ajmera, Dhwani (13 January 2022). "The 'Green Life': Did you know these Bollywood celebrities are vegan?". lifestyleasia.com. https://www.lifestyleasia.com/ind/culture/entertainment/bollywood-celebrities-vegan/.
  14. "Malaika Arora discharged from hospital after car accident; friend shares she got few stitches but is doing okay" (en ভাষাত). Bollywood Hungama. 3 April 2022. https://www.bollywoodhungama.com/news/bollywood/malaika-arora-discharged-hospital-car-accident-friend-shares-got-stitches-okay/.
  15. "Malaika Arora's stepfather Anil Mehta's funeral: Son Arhaan, ex-husband Arbaaz Khan, Arjun Kapoor pay last respects". https://indianexpress.com/art.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]