সমললৈ যাওক

মালাবাৰ জালুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালাবাৰ জালুক
ভৌগোলিক স্বীকৃতি
বৰ্ণনা মালাবাৰ অঞ্চলত উৎপত্তি হোৱা জালুক
প্ৰকাৰ কৃষিজাত
অঞ্চল কেৰালাৰ মালাবাৰ অঞ্চল
পশ্চিম তামিলনাডু
দেশ ভাৰত
পঞ্জীয়ন ২০০৭-০৮

ভাৰতকেৰালা ৰাজ্যৰ বৰ্তমানৰ মালাবাৰ অঞ্চলত পোৱা এবিধ ক’লা জালুকেই হৈছে মালাবাৰ জালুক। এই অঞ্চলত ইয়াৰ উৎপত্তি আকস্মিকভাবে এটা পুলিৰপৰা হৈছিল আৰু ই ৰোমান আৰু আৰব ব্যৱসায়ীসকলৰ সৈতে আৰু পিছলৈ ইউৰোপীয় নাৱিকসকলৰ সৈতে ব্যৱসায় কৰা মচলাবোৰৰ অন্যতম হৈ পৰিছিল।[1] এই জাতৰ জালুক উৎপাদনৰ ক্ষেত্ৰ মালাবাৰ উপকূল, পশ্চিম তামিলনাডু আৰু দক্ষিণ কৰ্ণাটক উল্লেখযোগ্য।[1]

২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিতৰ প্ৰদানৰ কথা ঘোষণা কৰা হয়।[2] পঞ্জীয়নৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ স্পাইচ ব'ৰ্ডে আবেদন কৰিছিল।[3]

এই উদ্ভিদ (Piper nigrum) পাইপেৰাচিয়া পৰিয়ালৰ এবিধ ফুলৰপৰা হোৱা ফল, ইয়াৰ বাবে খেতি কৰা হয়। ফলটো পূৰঠ হ’লে সাধাৰণতে শুকুৱাই মচলা আৰু সোৱাদ হিচাপে ব্যৱহাৰ কৰা হয়। শুকুৱাই ল'লে জালুকৰ গুটি বুলি জনাজাত এই ফলটো পাঁচ মিলিমিটাৰ ব্যাসৰ সৰু ড্ৰুপ, সম্পূৰ্ণ পূৰ্ণবয়স্ক হ'লে গাঢ় ৰঙা, ইয়াত এটা গুটি থাকে।[4] মালাবাৰ জালুকক দুটা গ্ৰেডৰ অধীনত ভাগ কৰা হয় যাক গাৰ্বলড আৰু অন-গাৰ্বলড বুলি জনা যায়। বিকৃত জাতটোৰ ৰং ক’লা প্ৰায় গোলাকাৰ আৰু ইয়াৰ পৃষ্ঠভাগ সোঁতোৰা-সোতৰ। অবিকৃত জাতটোৰ পৃষ্ঠভাগ সোঁতমোচ খোৱা আৰু ৰং গাঢ় বাদামীৰপৰা ক'লালৈকে হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Malabar pepper (Report). Government of Kerala. https://sites.cdit.org/wto/index.php/malabar-pepper আহৰণ কৰা হৈছে: 1 December 2023.
  2. Geographical indications in India (Report). Government of India. https://ipindia.gov.in/registered-gls.htm আহৰণ কৰা হৈছে: 1 December 2023.
  3. "GT Application No. 49". Geographical Indications Journal খণ্ড 19: 29. 3 October 2007. http://ipindia.nic.in/girindia/journal/19.pdf আহৰণ কৰা হৈছে: 30 January 2016.
  4. "Black Pepper". McCornick Science Institute. http://www.mccormickscienceinstitute.com/resources/culinary-spices/herbs-spices/black-pepper আহৰণ কৰা হৈছে: 30 January 2016.