মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেট
| মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেট | |
|---|---|
| চৰকাৰী সংগ্ৰহালয়, চেন্নাইত ষ্টাফড নমুনা। | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | Viverra |
| প্ৰজাতি: | V. civettina[3] |
| দ্বৈৰাশিক নামকৰণ | |
| Viverra civettina[3] Blyth, 1862 | |
| মালাবাৰ ডাঙৰ দাগযুক্ত চিভেট ৰেঞ্জ | |
মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেট ইংৰাজী: :Viverra civettina, যাক মালাবাৰ চিভেট বুলিও কোৱা হয়,কেৱল ভাৰতৰ পশ্চিমঘাট অঞ্চলতহে পোৱা এবিধ ভিভেৰিড পৰিয়ালৰ স্তন্যপায়ী প্ৰাণী। বৰ্তমান আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ(International Union for Conservation of Nature)-ৰ ৰেড লিষ্টত ইয়াক অতি সংকটাপন্ন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, কিয়নো ইয়াৰ বয়স্ক প্ৰাণীৰ সংখ্যা ২৫০-তকৈও কম বুলি অনুমান কৰা হৈছে। ১৯৯০ চনৰ পৰা ২০১৪ চনলৈকে চলোৱা বিভিন্ন সমীক্ষাত এই প্ৰজাতিটোৰ উপস্থিতিৰ কোনো নিশ্চিত নথি পোৱা হোৱা নাই।[1]
১৯৯০ চনৰ আৰম্ভণিতে দক্ষিণ মালাবাৰৰ তুলনামূলকভাৱে কম বিঘ্নিত অঞ্চলসমূহত ইয়াৰ বিচ্ছিন্ন জনসংখ্যা তেতিয়াও জীয়াই আছিল। কিন্তু সংৰক্ষিত অঞ্চলৰ বাহিৰত বাসস্থান ধ্বংস আৰু চিকাৰৰ ফলত এই প্ৰজাতিটো গুৰুতৰভাৱে বিপন্ন হৈ পৰে।[4]
কেৰালাত এই প্ৰাণীটোক কান্নান চান্দু , মালে মেৰু আৰু ভেৰুকু নামেৰে জনা যায়। কৰ্ণাটকত ইয়াক মাংগালা কুট্ৰি , বাল কুট্ৰি আৰু দোড্ডা পুনুগিনা নামেৰে কোৱা হয়।[5]
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]১৮৬২ চনত এডৱাৰ্ড ব্লাইথে দক্ষিণ মালাবাৰৰ পৰা সংগ্ৰহ কৰা এটা চিভেটৰ নমুনাৰ ভিত্তিত ভিভেৰা চিভেটিনা (Viverra civettina) বৈজ্ঞানিক নামটো প্ৰস্তাৱ কৰিছিল। ।[6] পিছত ৰেজিনাল্ড ইনেছ পককে ভি.মেগাস্পিলা আৰু ভি.চিভেটিনাক দুটা পৃথক প্ৰজাতি বুলি গণ্য কৰিছিল।[7] এলাৰমেন আৰু মৰিছন-স্কটে ভি. চিভেটিনাক ভি. মেগাস্পিলাৰ এটা উপপ্ৰজাতি বুলি গণ্য কৰিছিল।[8] কিন্তু আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ ৰেড লিষ্টত ইয়াক এটা স্বতন্ত্ৰ প্ৰজাতি হিচাপেই স্বীকৃতি দিয়া হৈছে।[1]
মালাবাৰ চিভেট প্ৰকৃততে পশ্চিমঘাটৰ স্থানীয় প্ৰজাতি হয় নে নহয়, অথবা ইয়াক স্বতন্ত্ৰ প্ৰজাতি বুলি গণ্য কৰিব পাৰি নে নোৱাৰি—এই বিষয়ত এতিয়াও কিছু বিতৰ্ক আছে। উপলব্ধ নমুনাসমূহৰ পটভূমিত পোৱা তথ্য অতি সীমিত হোৱাৰ বাবে ইয়াৰ পৰিৱেশবিদ্যা আৰু আচৰণ সম্পৰ্কে প্ৰায় কোনো নিৰ্ভৰযোগ্য তথ্য নাই। এই অঞ্চলত ব্যাপক হাৰত বনাঞ্চল ধ্বংস হোৱা সত্ত্বেও, এই সৰু আকাৰৰ আৰু বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰা মাংসভোজী প্ৰাণীটোৰ সংখ্যা অস্বাভাৱিকভাৱে হ্ৰাস পোৱাটো বিজ্ঞানীসকলৰ বাবে এক প্ৰশ্নৰ বিষয়। যি অঞ্চলত মালাবাৰ চিভেট পোৱা গৈছিল, সেই অঞ্চল পূৰ্বতে এক বৃহৎ গুৰুত্বপূৰ্ণ বাণিজ্যিক বন্দৰ আছিল, যʼত ডাঙৰ-দাগযুক্ত চিভেটকে ধৰি বিভিন্ন চিভেটৰ ব্যৱসায় চলিছিল। সেইবাবে কিছুমান গৱেষকে অনুমান কৰে যে মালাবাৰ চিভেট হয়তো পশ্চিমঘাটৰ স্থানীয় প্ৰজাতি নহয়; বৰঞ্চ ডাঙৰ-দাগযুক্ত চিভেটৰ বাহিৰৰ পৰা অনা এটা জনসংখ্যা আছিল, যি পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যায়।[1][9]
বৈশিষ্ট্য
[সম্পাদনা কৰক]মালাবাৰ বৃহৎ-দাগযুক্ত চিভেটৰ শৰীৰৰ ৰং ম্লান ধূসৰ। ইয়াৰ গালত এটা গাঢ় ৰঙৰ দাগ থাকে। পিঠি আৰু শৰীৰৰ কাষত ডাঙৰ ডাঙৰ অথালি-পথালিকৈ গাঢ় দাগ দেখা যায় আৰু ডিঙিত দুটা তিৰ্যক অথালি-পথালিকৈ গাঢ় ৰেখা থাকে। এই গাঢ় দাগসমূহ ভাৰতীয় বৃহৎ চিভেটতকৈ অধিক স্পষ্ট। ইয়াৰ ডিঙি আৰু গলধন বগা ৰঙৰ। দুয়োখন কান্ধৰ মাজৰ পৰা এটা দীঘল চুলিৰ শাৰী আৰম্ভ হয়। নেজত গাঢ় ৰঙৰ বলয়াকাৰ ডাঠ আঁচ থাকে আৰু ভৰিৰ পতা ক’লা। এই প্ৰজাতিটোক ডাঙৰ-দাগযুক্ত চিভেটৰ পৰা ভৰিৰ তলুৱাৰ গঠনৰ দ্বাৰা পৃথক কৰিব পাৰি।[10] ইয়াৰ ভৰিৰ তলুৱাৰ অংশ অধিক নোমবিহীন হয়। আঙুলিৰ পেডসমূহৰ মাজৰ জালিকাত থকা লোমে পেডৰ কাষত সৰু সৰু গুচ্ছ গঠন কৰে। ভৰিৰ তলৰ মূল পেড ৰ আগফাল আৰু কাষৰ চাল সম্পূৰ্ণ লোমবিহীন। পিছফালৰ ভৰিত মেটাটাৰ্ছেল পেডৰ অৱশিষ্ট দুটা উলংগ দাগ হিচাপে দেখা যায়। ইয়াৰে বাহিৰফালৰ দাগটো ডাঙৰ আঙুলিৰ সমান উচ্চতাত থাকে, আনহাতে ভিতৰফালৰ দাগটো ইয়াতকৈ যথেষ্ট ওপৰত অৱস্থিত। ১৯৩০-ৰ দশকত তিৰুৱনন্তপুৰমৰ চিৰিয়াখানাত ৰখা এটা পূৰ্ণবয়স্ক মতা মালাবাৰ ডাঙৰ-দাগযুক্ত চিভেটৰ মূৰৰ পৰা শৰীৰলৈ দৈৰ্ঘ্য প্ৰায় ৭৬ চেণ্টিমিটাৰ (৩০ ইঞ্চি), নেজৰ দৈৰ্ঘ্য ৩৩ চেণ্টিমিটাৰ (১৩ ইঞ্চি) আৰু ওজন প্ৰায় ৬.৬ কিলোগ্ৰাম (১৪.৫ পাউণ্ড) আছিল।[7]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]১৯ শতিকাত হন্নাভাৰ অক্ষাংশৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ মালাবাৰ উপকূলত মালাবাৰ চিভেট দেখা গৈছিল।ই ঘন অৰণ্য আৰু গছ-গছনিৰে আৱৃত নিম্নভূমিত বাস কৰিছিল আৰু কেতিয়াবা উচ্চভূমিৰ বনাঞ্চলতো দেখা গৈছিল। ট্ৰেভানকোৰত ইয়াক প্ৰচুৰ পৰিমাণে পোৱা গৈছিল।[10]
কিন্তু ১৯৬০-ৰ দশকলৈকে পশ্চিমঘাটৰ উপকূলীয় সমগ্ৰ অঞ্চলজুৰি ব্যাপক বনধ্বংসৰ ফলত প্ৰাকৃতিক বনাঞ্চলৰ অধিকাংশই নষ্ট হৈ যায়। ইয়াৰ ফলত মালাবাৰ চিভেটৰ বাসস্থানো গুৰুতৰভাৱে সংকুচিত হয়।[11]১৯৬০-ৰ দশকৰ শেষৰ ফালে এই প্ৰজাতিটো প্ৰায় বিলুপ্তিৰ ওচৰ পাইছে বুলি ধৰা হৈছিল। ১৯৮৭ চনত কেৰালাত এই প্ৰজাতিৰ এটা জীৱিত সদস্য দেখা গৈছিল।[12]
১৯৮৭ চনত উত্তৰ কেৰালাৰ নীলাম্বুৰ অঞ্চলৰ পৰা দুটা মালাবাৰ চিভেটৰ ছাল উদ্ধাৰ কৰা হয়। এই অঞ্চলত মূলতঃ কাজু আৰু ৰবাৰ বাগিচাৰ আধিপত্য আছিল। ১৯৯০ চনত একে অঞ্চলৰ পৰা আৰু দুটা মালাবাৰ চিভেটৰ ছাল উদ্ধাৰ কৰা হয়।[4] গৱেষকসকলৰ মতে, এই কাজু আৰু ৰবাৰ বাগিচাসমূহেই হয়তো সেই সময়ত জীৱিত থকা মালাবাৰ চিভেটৰ অধিকাংশ জনসংখ্যাৰ আশ্ৰয়স্থল আছিল। কাৰণ এই বাগিচাবোৰ তুলনামূলকভাৱে কম বিঘ্নিত আছিল আৰু তলৰ স্তৰত ঘন জোপোহা আৰু ঘাঁহ-জাতীয় উদ্ভিদে আৱৰি থকাত ইহঁতৰ বাবে উপযুক্ত বাসস্থান সৃষ্টি হৈছিল। কিন্তু বৃহৎ পৰিসৰত নতুনকৈ ৰবাৰ গছ ৰোপণ কৰিবলৈ ভূমি পৰিষ্কাৰ কৰাৰ ফলত এই বাসস্থানো গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছিল।[4]
১৯৯০-ৰ দশকৰ আৰম্ভণিতে স্থানীয় চিকাৰীসকলৰ সৈতে কৰা সাক্ষাৎকাৰসমূহৰ পৰা এই তথ্য পোৱা গৈছিল যে কৰ্ণাটকৰ সংৰক্ষিত অঞ্চলসমূহত মালাবাৰ চিভেটৰ উপস্থিতি এতিয়াও আছিল।[5] কিন্তু ২০০৬ চনৰ এপ্ৰিল মাহৰ পৰা ২০০৭ চনৰ মাৰ্চ মাহলৈকে কৰ্ণাটক আৰু কেৰালাৰ পশ্চিমঘাটৰ নিম্নভূমিৰ চিৰসেউজ আৰু অৰ্ধ-চিৰসেউজ বনাঞ্চলত চলোৱা কেমেৰা-ট্ৰেপ সমীক্ষাত মুঠ ১,০৮৪ কেমেৰা-ট্ৰেপ ৰাতি লোৱাৰ পিছতো মালাবাৰ চিভেটৰ কোনো আলোকচিত্ৰ লাভ কৰা হোৱা নাছিল। এই ফলাফলে প্ৰজাতিটোৰ অতি দুৰ্লভ অৱস্থা আৰু সম্ভাৱ্য বিলুপ্তিৰ আশংকা অধিক শক্তিশালী কৰি তোলে।[13]
পৰিৱেশবিদ্যা আৰু আচৰণ
[সম্পাদনা কৰক]মালাবাৰ চিভেট মূলতঃ নিশাচৰ প্ৰাণী। ই অত্যন্ত লুকাই থকা স্বভাৱৰ হোৱাৰ বাবে ইয়াৰ জীৱবিজ্ঞান আৰু পৰিৱেশবিদ্যা সম্পৰ্কে অতি কম তথ্য উপলব্ধ। ইয়াৰ বাসস্থান ব্যৱহাৰৰ বাহিৰে এই প্ৰজাতিটোৰ জীৱনধাৰা, প্ৰজনন, খাদ্যাভ্যাস আৰু আচৰণ সম্পৰ্কে বিশেষ একো নিশ্চিতভাৱে জনা নাযায়।[4]
ভাবুকি
[সম্পাদনা কৰক]কেইটামান দশক আগলৈকে কেৰালাৰ স্থানীয় ব্যৱসায়ীসকলে মালাবাৰ চিভেট পালন কৰিছিল চিভেটোন সংগ্ৰহ কৰাৰ উদ্দেশ্যে । চিভেটোন হৈছে ইয়াৰ সুগন্ধি গ্ৰন্থিৰ পৰা পোৱা এবিধ সুগন্ধিযুক্ত পদাৰ্থ, যিটো ঔষধ প্ৰস্তুতিত আৰু সুগন্ধি হিচাপে ব্যৱহাৰ কৰা হৈছিল।[5] বৰ্তমান এই প্ৰজাতিটোৰ প্ৰধান ভাবুকিসমূহ হৈছে—বাসস্থান ধ্বংস;বাসস্থান খণ্ডিতকৰণ; আৰু চিকাৰ। ১৯৯০-ৰ দশকলৈকে এই প্ৰজাতিটো উত্তৰ কেৰালাৰ অৱশিষ্ট বনাঞ্চল আৰু কাজু-ৰবাৰ বাগিচাৰ মাজৰ জোপোহাযুক্ত অঞ্চলসমূহত সীমাবদ্ধ হৈ পৰিছিল। এই অঞ্চলসমূহত বাসস্থানৰ অবক্ষয়ৰ লগতে চিকাৰৰ হেঁচাও ইয়াৰ অস্তিত্বৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকি আছিল।[4]
দেখা পোৱাৰ অভিযোগ
[সম্পাদনা কৰক]ক’ভিড-১৯ মহামাৰী আৰু পৰৱৰ্তী সময়ত ভাৰতৰ লকডাউনৰ সময়ত জনশূন্য ৰাজপথত খোজ কাঢ়ি যোৱা এটা অচিনাক্ত চিভেটৰ ভিডিঅ’ ক্লিপ টুইটাৰত আপলোড কৰা হৈছিল। ভিডিঅʼটো আপলʼড কৰা ব্যক্তিজনে ইয়াক মালাবাৰ চিভেট বুলি চিনাক্ত কৰিছিল, আৰু কিছু সময়ৰ ভিতৰতে ভিডিঅʼটো সামাজিক মাধ্যমত বহুলভাৱে ভাইৰেল হৈ পৰে।
কিন্তু পিছত বহু বন্যপ্ৰাণী বিশেষজ্ঞই ভিডিঅʼটো পৰ্যালোচনা কৰি মত প্ৰকাশ কৰে যে তাত দেখা পোৱা প্ৰাণীটো মালাবাৰ চিভেট নহয়; বৰঞ্চ ই ক্ষুদ্ৰ ভাৰতীয় চিভেট, যিটো চেহেৰাত কিছু মিল থকা কিন্তু তুলনামূলকভাৱে বহুলভাৱে পোৱা এবিধ সাধাৰণ প্ৰজাতি। সেয়েহে, এই ঘটনাটোক মালাবাৰ চিভেটৰ নিশ্চিত উপস্থিতিৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয়।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Mudappa, D.; Helgen, K.; Nandini, R. (2016). Viverra civettina. doi:10.2305/IUCN.UK.2016-1.RLTS.T23036A45202281.en.
- ↑ সাঁচ:Cite Species+
- 1 2 সাঁচ:MSW3 Wozencraft
- 1 2 3 4 5 Ashraf, N. V. K.; Kumar, A.; Johnsingh, A. J. T. (1993). "Two endemic viverrids of the Western Ghats, India". Oryx খণ্ড 27 (2): 109–114. doi:10.1017/S0030605300020640. https://archive.org/details/sim_oryx_1993-04_27_2/page/109.
- 1 2 3 Rai, N. D. and Kumar, A. (1993). A pilot study on the conservation of the Malabar civet, Viverra civettina (Blyth, 1862): project report. Small Carnivore Conservation 9: 3–7.
- ↑ Blyth, E. (1862). "Report of Curator, Zoological Department, February 1862". The Journal of the Asiatic Society of Bengal খণ্ড 31 (3): 331–345. https://archive.org/details/journalofasiatic3118asia/page/331.
- 1 2 Pocock, R. I. (1939). "Moschothera civettina (Blyth). The Malabar Civet". The fauna of British India, including Ceylon and Burma. ((Mammalia Volume 1)). প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 358–362. https://archive.org/stream/PocockMammalia1/pocock1#page/n439/mode/2up.সাঁচ:Source attribution
- ↑ Ellerman, J. R.; Morrison-Scott, T. C. S. (1966). Checklist of Palaearctic and Indian Mammals 1758 to 1946 (Second সম্পাদনা). প্ৰকাশক London: British Museum of Natural History. https://archive.org/stream/checklistofindia00elle#page/280/mode/2up.
- ↑ "The Elusive Malabar Civet" (en-US ভাষাত). Conservation India. http://www.conservationindia.org/articles/the-elusive-malabar-civet.
- 1 2 Jerdon, T. C. (1874). Mammals of India: a natural history of the animals known to inhabit continental India. John Wheldon, London.
- ↑ Champion, H. G. and Seth, S. K. (1968). A revised survey of the forest types of India. Government of India, Delhi.
- ↑ Kurup, C. U. (1987). "The rediscovery of the Malabar civet, Viverra megaspila civettina Blyth in India". Cheetal খণ্ড 28 (2): 1–4.
- ↑ Rao, S.; Ashraf, N. V. K.; Nixon, A. M. A. (2007). "Search for the Malabar Civet Viverra civettina in Karnataka and Kerala, India, 2006–2007". Small Carnivore Conservation খণ্ড 37: 6–10. Archived from the original on 2015-01-29. https://web.archive.org/web/20150129204740/http://smallcarnivoreconservation.org/sccwiki/images/2/26/SCC37_Rao_et_al.pdf। আহৰণ কৰা হৈছে: 2026-08-04.
- ↑ Evon, D. (2020). "Was a Rare Malabar Civet Spotted During COVID-19 Lockdown?" (en-US ভাষাত). Snopes.com. https://www.snopes.com/fact-check/spotted-malabar-civet-coronavirus/। আহৰণ কৰা হৈছে: 2020-03-30.