সমললৈ যাওক

মালাবাৰ ধূসৰ ধনেশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Ocyceros|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

মালাবাৰ ধূসৰ ধনেশ

Malabar grey hornbill

A female (top) with dark base to the lower mandible, and a male (below), both in Kerala, India
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Ocyceros
প্ৰজাতি: O. griseus
দ্বৈৰাশিক নামকৰণ
Ocyceros griseus
(Latham, 1790)
সাঁচ:Colorbull recorded locations
সমাৰ্থক

Tockus griseus
Lophoceros griseus

মালাবাৰ ধূসৰ ধনেশ (ইংৰাজী: Malabar grey hornbill; বৈ‍জ্ঞানিক নামঃ Ocyceros griseus) হ্'ল প্ৰধানকৈ দক্ষিণ ভাৰতৰ পশ্চিম ঘাটত পোৱা এবিধ ধনেশ চৰাই। ইহঁতৰ ঠোঁট অতি ডাঙৰ যদিও আন ধনেশ প্ৰজাতিৰ দৰে ইহঁতৰ শিৰস্ত্ৰাণ নাথাকে। ইহঁতক প্ৰধানকৈ ঘন অৰণ্যত পোৱা যায়। ইহঁতে মূলতঃ ৰবৰ, তামোল, কফি বাগানত বাস কৰে।[2] ইহঁত সৰু সৰু গোটত ঘূৰি ফুৰে, মূলতঃ ডিমৰু আৰু অন্যান্য ফল খাই জীয়াই থাকে। জোৰেৰে কৰা সিহঁতৰ চিঞৰ-বাখৰ আৰু হুলস্থুলীয়া হাঁহিৰ ফলত স্থানীয় লোকে সিহঁতক চিনি পোৱাটো সহজ হৈ পৰে।

মালাবাৰ ধূসৰ ধনেশ এবিধ ডাঙৰ চৰাই কিন্তু ৪৫ৰ পৰা ৫৮ চে.মি. (১৮ৰ পৰা ২৩ ইঞ্চি) দীঘল তথাপিও ই এতিয়াও এছিয়াৰ ধনেশৰ ভিতৰত আটাইতকৈ সৰু। ইয়াৰ নেজডাল ২৩ চে.মি.(৯.১ ইঞ্চি) দীঘল আৰু ঠোঁট শেঁতা বা হালধীয়াৰ পৰা কমলা ৰঙৰ।[3] মতাবোৰৰ ঠোঁট ৰঙা আৰু হালধীয়া বিন্দু থাকে‍, আনহাতে মাইকীবোৰৰ তলৰ অধোহনুৰ গুৰি ক'লা আৰু ঠোঁটৰ শীৰ্ষৰ কাষেৰে ক'লা ৰেখাযুক্ত সাধাৰণ হালধীয়া ৰং থাকে।

এই প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাট পৰ্বতমালাৰ উত্তৰ দিশৰ প্ৰায় নাশিকৰ পৰা দক্ষিণতম পাহাৰলৈকে স্থানীয় চৰাই৷[4]. এই প্ৰজাতিটোৰ উচ্চতৰ বিস্তৃতি উপকূলৰ ওচৰত প্ৰায় ৫০ মিটাৰ (যেনে, ফানছাদ বন্যপ্ৰাণী অভয়াৰণ্য, মহাৰাষ্ট্ৰ)ৰ পৰা পাহাৰৰ প্ৰায় ১৫০০ মিটাৰলৈকে।[5] দক্ষিণ পশ্চিম ঘাটত কালাকাদ – মুণ্ডাথুৰাই বাঘ সংৰক্ষিত বনাঞ্চলত ৫০০ মিটাৰৰ পৰা ৯০০ মিটাৰ (বিচ্ছিন্নভাৱে ১১০০ মিটাৰ) উচ্চতাৰ চিৰসেউজ অৰণ্যত মালাবাৰ ধূসৰ ধনেশৰ উপস্থিতিৰ খবৰ পোৱা গৈছে, কিন্তু সঘনাই উত্তৰ দিশত থকা আনামলাই পাহাৰত ১২০০ মিটাৰ উচ্চতা পৰ্যন্ত ইয়াক পোৱা হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2020). Ocyceros griseus. 2020. doi:10.2305/IUCN.UK.2020-3.RLTS.T22682421A182384253.en.
  2. Ranganathan, J; Daniels, RJ; Chandran, MD; Ehrlich, PR; Daily, GC (November 2008). "Sustaining biodiversity in ancient tropical countryside". Proc. Natl. Acad. Sci. খণ্ড 105 (46): 17852–17854. doi:10.1073/pnas.0808874105. PMID 18981411.
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
  4. Ali, S.; Ripley, S. D. (1983). Handbook of the Birds of India and Pakistan. Volume 4. (2nd সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 132–133.
  5. Mudappa, D. & Raman, T. R. S. 2009. A conservation status survey of hornbills (Bucerotidae) in the Western Ghats, India. Indian Birds 5: 90–102 Archived 20 January 2022 at the Wayback Machine.
  6. Raman, T. R. Shankar; Mudappa, Divya (September 2003). "Correlates of hornbill distribution and abundance in rainforest fragments in the southern Western Ghats, India" (en ভাষাত). Bird Conservation International খণ্ড 13 (3): 199–212. doi:10.1017/S0959270903003162. ISSN 1474-0001.