মালাবাৰ বাঢ়ৈটোকা
| Chrysocolaptes socialis | |
|---|---|
| Male in Kerala | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Piciformes |
| পৰিয়াল: | Woodpecker |
| গণ: | Chrysocolaptes |
| প্ৰজাতি: | C. socialis |
| দ্বৈৰাশিক নামকৰণ | |
| Chrysocolaptes socialis Koelz, 1939 | |
| সমাৰ্থক | |
|
Chrysocolaptes guttacristatus socialis | |
মালাবাৰ বাঢ়ৈটোকা (ইংৰাজী: Malabar flameback; বৈজ্ঞানিক নামঃ Chrysocolaptes socialis) হৈছে পিচিডে (Picidae) পৰিয়ালৰ এবিধ বাঢ়ৈটোকা৷ ই ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই।[1]
ইয়াক পূৰ্বতে গ্ৰেটাৰ ফ্লেমবেক (C. guttacristatus) ৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল, কিন্তু ২০২১ চনৰ এক অধ্যয়নৰ ভিত্তিত ২০২২ চনত আন্তৰ্জাতিক পক্ষীবিজ্ঞান কংগ্ৰেছে দুয়োটা প্ৰজাতিৰ মাজত থকা পাখিৰ আৱৰণ আৰু স্বৰৰ পাৰ্থক্য লক্ষ্য কৰি ইয়াক এক সুকীয়া প্ৰজাতি হিচাপে বিভক্ত কৰে।[1][2][3]
ই অৰণ্যত বাস কৰে আৰু ডাঙৰ গছ আৰু সৰু বিন্ধাৰ ওপৰত নিৰ্ভৰশীল, য’ত ই মৃত কাঠ অনুসন্ধান কৰি তাত খুঁটিয়াই খুঁটিয়াই কাঠ নষ্ট কৰা পোক-পৰুৱাৰ পলু খায়।[4] ইহঁতে মূলতঃ সৰু অমেৰুদণ্ডী প্ৰাণী আৰু ৰসও খায়। ইহঁতে গছৰ গাঁতত বাহ সাজে আৰু তিনি-চাৰিটা বগা কণী পাৰে।[5] মালাবাৰ বাঢ়ৈটোকাৰ ওজন ১৮৫ পৰা ২২০ গ্ৰাম আৰু উচ্চতা ৩০ পৰা ৩৩ চেণ্টিমিটাৰ৷[6]

তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "IOC World Bird List 12.1" (en-US ভাষাত). doi:10.14344/ioc.ml.12.1. https://www.worldbirdnames.org/DOI-12/master_ioc_list_v12.1.xlsx.
- ↑ Rasmussen, Pamela C.; Anderton, John C. (2012). Birds of South Asia. The Ripley Guide. 2: Attributes and Status (2nd সম্পাদনা). প্ৰকাশক Washington D.C. and Barcelona: Smithsonian National Museum of Natural History and Lynx Edicions. ISBN 978-84-96553-87-3.
- ↑ Abhirami, C.; Niranjana, C.; Praveen, J. (2021). "An analysis of Greater Flameback Chrysocolaptes guttacristatus vocalisations and their taxonomic and biogeographic implications". Indian Birds খণ্ড 17 (5): 129–134. https://indianbirds.in/pdfs/IB_17_5_AbhiramiETAL_GreaterFlameback.pdf.
- ↑ "Malabar Flameback Chrysocolaptes socialis". https://birdsoftheworld.org/bow/species/grefla4/cur/introduction। আহৰণ কৰা হৈছে: 5 August 2026.
- ↑ "The Malabar Family". https://clnews.in/2026/03/06/the-malabar-family/। আহৰণ কৰা হৈছে: 5 August 2026.
- ↑ "Malabar Flameback". https://app.mybirdbuddy.com/birds/malabar-flameback/82404804-0016-4cca-bf92-20cd34a0c39f। আহৰণ কৰা হৈছে: 5 August 2026.