সমললৈ যাওক

মালা ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মালা ৰয়

২০২১ চনত ৰয়
সংসদ সদস্য, লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩ মে' ২০১৯
পূৰ্বসূৰী সুব্ৰত বক্ষী
সমষ্টি কলকাতা দক্ষিণ (লোকসভা সমষ্টি)
কলকাতা পৌৰ নিগম
নিগমৰ অধ্যক্ষ
কাৰ্যকাল
২০১৫–বৰ্তমান
মেয়ৰ-ইন-কাউন্সিলৰ সদস্য
কাৰ্যকাল
২০০০–২০০৫ চন
ৱাৰ্ড নং ৮৮, কলকাতা পৌৰ নিগমৰ প্ৰতিনিধি।
কাৰ্যকাল
১৯৯৫–বৰ্তমান
ব্যক্তিগত তথ্য
জন্ম ১৯ নৱেম্বৰ, ১৯৫৭ (৬৮ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাজনৈতিক দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (১৯৯৮–২০০৫, ২০১৫–বৰ্তমান)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯৫–১৯৯৮, ২০১০–২০১৫)
জাতীয়তাবাদী কংগ্ৰেছ দল(২০০৫–২০১০)
দাম্পত্যসঙ্গী নিৰ্বেদ ৰয়
সন্তান
বাসস্থান কলকাতা

মালা ৰয় (জন্ম সৰকাৰ; জন্ম ১৯ নৱেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৯ চনৰ পৰা কলিকতা দক্ষিণৰ লোকসভাৰ সদস্য। তেওঁ ২০১৫ চনৰ পৰা কলকাতা পৌৰ নিগমৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৬ চনত ৰয়ে কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে জড়িত বিদ্যাসাগৰ কলেজ ফৰ ৱমেনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1] তৃণমূল কংগ্ৰেছ দলৰ উপ-সভাপতি আৰু প্ৰাক্তন বিধায়ক নিৰ্বেদ সত্যজিৎৰ সৈতে তেওঁৰ বিবাহ হয়।[2]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৯৫ চনত ৮৮ নং ৱাৰ্ডৰ পৰা কলকাতা পৌৰ নিগমৰ কাউন্সিলাৰ হিচাপে ৰয় নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰতিদ্বন্দ্বী ৫৭৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ২০০০ চনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ স্বদেশৰঞ্জন দাসক ৩২০৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ আসন অক্ষুণ্ণ ৰাখিছিল। ২০০৫ চনত জাতীয়তাবাদী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তৃণমূলৰ কাকলি ঘোষ দস্তিদাৰক ১৯০০ ভোটত পৰাস্ত কৰে।[3]২০১০ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচিত হয়।

২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কলিকতা দক্ষিণ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। চতুৰ্থ স্থান লাভ কৰি তেওঁ ১১৩,৪৫৩টা ভোট লাভ কৰিবলৈ সক্ষম হয়।[4]২০১৫ চনৰ ৭ মাৰ্চত মমতা বেনাৰ্জীৰ তীব্ৰ সমালোচক ৰূপে ভূমিকা লোৱা ৰয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে।[5] ইয়াৰ পিছত তেওঁ নাগৰিক নিৰ্বাচনত ভাগ লয়। নিৰ্বাচিত হোৱাৰ পিছত তেওঁক পৌৰ নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ নিগমৰ প্ৰথম মহিলা অধ্যক্ষ হিচাপে পৰিগণিত হয়।[6][7] ৱাৰ্ড কাউন্সিলাৰ হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ ৱাৰ্ড নং ৮৮ক চহৰৰ আটাইতকৈ সেউজীয়া ৱাৰ্ডলৈ ৰূপান্তৰিত কৰে।[8]

২০১৯ চনৰ ১২ মাৰ্চত দলৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে কলকাতা দক্ষিণ সমষ্টিৰ পৰা ৰয়ে আগন্তুক সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে কাৰণ সাংসদ সুব্ৰত বক্ষীয়ে দলৰ সংগঠন শক্তিশালী কৰিবলৈ আগ্ৰহী হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰিছিল।[9] ২৩ মে’ত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টিৰ চন্দ্ৰ কুমাৰ বসুক প্ৰায় ১৫৫,১৯২ ভোটৰ ব্যৱধানত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ বসুৰ ৪১৭,৯২৭টা ভোটৰ বিপৰীতে ৫৭৩,১১৯টা ভোট লাভ কৰে। .[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mala Roy". MyNeta. http://myneta.info/LokSabha2019/candidate.php?candidate_id=12731 আহৰণ কৰা হৈছে: 29 May 2019.
  2. "মালাৰ পৰ তৃণমূলে পা বাড়িয়ে নিৰ্বেদ, শঙ্কৰও [After Mala, Nirbed and Shankar are on the verge of joining Trinamool]". Ei Samay. Archived from the original on 29 May 2019. https://web.archive.org/web/20190529130319/https://eisamay.indiatimes.com/west-bengal-news/kolkata-news/nirbed-roy-and-sankar-singh-are-also-joining-in-tmc-after-mala-roy/articleshow/46490259.cms আহৰণ কৰা হৈছে: 29 May 2019.
  3. "Winners' duel and a dark horse". 28 May 2010. https://www.telegraphindia.com/west-bengal/winners-duel-and-a-dark-horse/cid/1271186 আহৰণ কৰা হৈছে: 29 May 2019.
  4. "Kolkata Dakshin". Elections in India. Archived from the original on 29 May 2019. https://web.archive.org/web/20190529123321/https://www.electionsinindia.com/west-bengal/kolkata-dakshin-parliament-lok-sabha-constituency-elections আহৰণ কৰা হৈছে: 29 May 2019.
  5. "West Bengal: Congress leader Mala Roy joins Trinamool Congress". India Today. 7 March 2015. https://www.indiatoday.in/india/east/story/mala-roy-trinamool-congress-tmc-congress-kmc-councillor-mamata-banerjee-243306-2015-03-07 আহৰণ কৰা হৈছে: 29 May 2019.
  6. "Mala Roy to be KMC chairperson". The Statesman. 7 May 2015. https://www.thestatesman.com/bengal/mala-roy-to-be-kmc-chairperson-61808.html আহৰণ কৰা হৈছে: 29 May 2019.
  7. "Congress defector Mala Roy named KMC chairperson". The Indian Express. 6 May 2015. https://indianexpress.com/article/cities/kolkata/congress-defector-named-kmc-chairperson/ আহৰণ কৰা হৈছে: 29 May 2019.
  8. "Mala Roy reaches out to each household, takes green route to win voter's confidence". The Times of India. 15 May 2019. https://timesofindia.indiatimes.com/elections/lok-sabha-elections-2019/west-bengal/news/mala-roy-reaches-out-to-each-household-takes-green-route-to-win-voters-confidence/articleshow/69333102.cms আহৰণ কৰা হৈছে: 29 May 2019.
  9. "মমতাৰ কেন্দ্ৰে সুব্ৰতৰ 'না', গতবাৰেৰ কংগ্ৰেস প্ৰাৰ্থী মালা ৰায়েৰ উপৰ আস্থা তৃণমূলেৰ [In Mamata's constituency Subrata says 'no', Trinamool puts faith on former Congress candidate Mala Roy]". One India. 12 March 2019. Archived from the original on 29 May 2019. https://web.archive.org/web/20190529065241/https://bengali.oneindia.com/news/kolkata/mamata-banerjee-gives-ticket-mala-roy-from-kolkata-south-050800.html আহৰণ কৰা হৈছে: 29 May 2019.
  10. "২ লাখেৰও বেশি ভোটে জয়ী তৃণমূল কংগ্ৰেস প্ৰাৰ্থী মালা ৰায় [Trinamool Congress candidate Mala Roy wins by a margin of more than 2 lakh votes.]" (bn ভাষাত). Aajkaal. 23 May 2019. Archived from the original on 29 May 2019. https://web.archive.org/web/20190529070326/https://aajkaal.in/news/title/mala-ray-wins-huge-vote-94ul আহৰণ কৰা হৈছে: 29 May 2019.