মালি সাম্ৰাজ্য
মালি সাম্ৰাজ্য আছিল পশ্চিম আফ্ৰিকাৰ এখন প্ৰসিদ্ধ আৰু সমৃদ্ধ প্ৰাচীন সাম্ৰাজ্য, যিয়ে ১৩শ শতিকাৰ পৰা ১৬শ শতিকালৈকে বিস্তৃত আছিল। ইয়াৰ ৰাজধানী আছিল নিয়ানি। এই সাম্ৰাজ্য বাণিজ্য, শিক্ষা আৰু ধৰ্মীয় প্ৰভাৱৰ বাবে জনাজাত আছিল।[1]
ইতিহাস
[সম্পাদনা কৰক]এই সাম্ৰাজ্যৰ স্থাপনা কৰে চুন্দিয়াটা কেইটাই ১২৩৫ চনত, ঘানা সাম্ৰাজ্যৰ পতনৰ পাছত। তেওঁ সাম্ৰাজ্যটো সংহত কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। মালি সাম্ৰাজ্য নাইজাৰ নদী অঞ্চলত বাণিজ্যৰ আধিপত্য স্থাপন কৰিছিল।[2]
ৰাজনীতি আৰু চৰকাৰ
[সম্পাদনা কৰক]সাম্ৰাজ্যটো এক ৰাজতান্ত্ৰিক শাসনত চলি আছিল, য’ত ৰজা বা “মান্সা” আছিল শ্ৰেষ্ঠ নেতা। সকলো ভূমি মান্সাৰ অধিকাৰভুক্ত আছিল। স্থানীয় নেতা, কৌন্সিল আৰু সেনা প্ৰধানসকলেও ৰাজনীতিত ভূমিকা লৈছিল।[3]
বাণিজ্য আৰু সম্পদ
[সম্পাদনা কৰক]মালি সাম্ৰাজ্য সোণ আৰু নুনৰ বাণিজ্যৰ বাবে বিখ্যাত আছিল। টিম্বুক্তু, জেনে, আৰু গাও আছিল প্ৰধান বাণিজ্যকেন্দ্ৰ। সাম্ৰাজ্যটো উত্তৰ আফ্ৰিকাৰ সৈতে Trans-Saharan tradeত অংশ লৈছিল।[4]
মান্সা মূসা আৰু হজ্
[সম্পাদনা কৰক]মালি সাম্ৰাজ্যৰ আটাইতকৈ বিখ্যাত মান্সা আছিল মান্সা মূসা, যিয়ে ১৩২৪ চনত মোক্কালৈ হজ্ কৰিবলৈ যোৱাত তেওঁৰ ধন-সম্পদ আৰু দানশীলতাই বিশ্বব্যাপী প্ৰচাৰ লাভ কৰে। তেওঁ টিম্বুক্তুত মছজিদ আৰু শিক্ষাকেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।[5]
পতন
[সম্পাদনা কৰক]১৫শ শতিকাৰ শেষভাগত সাম্ৰাজ্যটো ভিতৰুৱা সংঘাত, উত্তৰ আফ্ৰিকাৰ আক্ৰমণ আৰু নতুন সাম্ৰাজ্যৰ উত্থানৰ ফলত দুৰ্বল হয়। ১৬শ শতিকালৈকে সাম্ৰাজ্যটো সম্পূৰ্ণৰূপে ভগ্ন হয়।[6]
ঐতিহ্য
[সম্পাদনা কৰক]মালি সাম্ৰাজ্য আফ্ৰিকাৰ ইতিহাসত শিক্ষাৰ প্ৰসাৰ, ইছলাম ধৰ্মৰ বিস্তাৰ আৰু আফ্ৰিকান বাণিজ্য ব্যৱস্থাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
উৎস
[সম্পাদনা কৰক]- ↑ "Mali Empire". Encyclopedia Britannica. https://www.britannica.com/place/Mali-empire। আহৰণ কৰা হৈছে: 2025-06-20.
- ↑ Levtzion, Nehemia (1973). Ancient Ghana and Mali. Methuen & Co. ISBN 978-0-416-70150-4.
- ↑ "Government in the Mali Empire". World History Encyclopedia. https://www.worldhistory.org/Mali_Empire/.
- ↑ Davidson, Basil (1971). African Kingdoms. Time-Life Books.
- ↑ "Mansa Musa". Encyclopedia Britannica. https://www.britannica.com/biography/Mansa-Musa.
- ↑ Conrad, David C. (2005). Empires of Medieval West Africa: Ghana, Mali, and Songhay. Facts On File. ISBN 978-0-8160-5074-2.