মাল্যদান
মাল্যদান | |
---|---|
![]() | |
পৰিচালক | অজয় কৰ |
ৰচনা | ৰবীন্দ্ৰনাথ ঠাকুৰ (মূল গল্প) |
প্ৰযোজক | অজয় কৰ আৰু বিমল দে |
অভিনয়ত | সৌমিত্ৰ চেটাৰ্জী, সাবিত্ৰী চেটাৰ্জী, নন্দিনী মালিয়া |
সংগীত পৰিচালক | হেমন্ত মুখোপাধ্যায় |
মুক্তি |
১৯৭১ |
দেশ | ভাৰত |
ভাষা | বঙালী |
মাল্যদান (ইংৰাজী: Malyadan) ১৯৭১ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা চুটিগল্পৰ আধাৰত নিৰ্মিত আৰু অজয় কৰ পৰিচালিত এখন ভাৰতীয় বঙালী ছবি আৰু ইয়াত সৌমিত্ৰ চেটাৰ্জী, সাবিত্ৰী চেটাৰ্জী আৰু নন্দিনী মালিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ঠাকুৰৰ গল্পত নিৰ্দোষী প্ৰেমৰ এক কৰুণ কাহিনী বৰ্ণিত হৈছে। ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক লাভ কৰে।[1][2][3]
ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা মাল্যদান পুনৰুদ্ধাৰ আৰু ডিজিটেলাইজ কৰা হৈছে।[4]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- যতীনৰ চৰিত্ৰত সৌমিত্ৰ চেটাৰ্জী
- কুৰানীৰ চৰিত্ৰত নন্দিনী মালিয়া
- পতলৰ চৰিত্ৰত সাবিত্ৰী চেটাৰ্জী
- হৰকুমাৰবাবুৰ চৰিত্ৰত শৈলেন গংগোপাধ্যায়
- মালীৰ চৰিত্ৰত ভানু বেনাৰ্জী
- মালীৰ পত্নীৰ চৰিত্ৰত গীতা দে
- জ্যেষ্ঠ চিকিৎসকৰ চৰিত্ৰত বিকাশ ৰায়
সংগীত
[সম্পাদনা কৰক]হেমন্ত মুখাৰ্জীয়ে ছবিখনৰ সংগীত ৰচনা কৰিছিল। ইয়াত হেমন্ত মুখাৰ্জী আৰু ৰাণু মুখাৰ্জীয়ে গোৱা ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা দুটা গীত ব্যৱহাৰ কৰা হৈছে। সুৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে বিয়াৰ গীতটো লিখিছে আৰু সুৰ ৰচনা কৰিছে। এই গীতটোত গৌৰী ঘোষ, পদ্মৰাণী চেটাৰ্জী, মিনু দে, শৰ্মিলা গংগোপাধ্যায়, উমা আম্বালী, আৰু শীলা ভট্টাচাৰ্যই কণ্ঠদান কৰিছে।[5]
বঁটা
[সম্পাদনা কৰক]- অষ্টদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭০)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।
- বি.জে.এ.এফ. বঁটা
- শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- সাবিত্ৰী চট্টোপাধ্যায়
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "18th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm18thNFAAward.aspx। আহৰণ কৰা হৈছে: 8 November 2017.[সংযোগবিহীন উৎস]
- ↑ "18th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/18th_NFF_1971.pdf। আহৰণ কৰা হৈছে: 8 November 2017.
- ↑ "Ei To Bhalo Legechhilo - From "Malyadan", a song by Hemant Kumar ...". Spotify. https://open.spotify.com/track/7kTrxdH4s037V8UA7kC2Aj। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ "BFJA Awards (1972)". gomolo. Archived from the original on 15 December 2017. https://web.archive.org/web/20171215001709/http://www.gomolo.com/7/bfja-awards-1972। আহৰণ কৰা হৈছে: 21 November 2017.
- ↑ "Filmography details: Malyadan". bengalfilmarchive.com. https://www.bengalfilmarchive.com/filmography-details.php?t=MTIwOQ==। আহৰণ কৰা হৈছে: 21 April 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মাল্যদান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।