মাসুমা আনোৱাৰ
মাসুমা আনোৱাৰ | |
---|---|
জন্ম | লাহোৰ, পঞ্জাব, পাকিস্তান |
সংগীতৰ প্ৰকাৰ | ছুফী, লোকগীত |
পেচা | চিকিৎসক, গায়ক-গীতিকাৰ, সংগীতজ্ঞ |
কাৰ্যকাল | ২০০৬–বৰ্তমান |
মাসুমা আনোৱাৰ (ইংৰাজী: Masuma Anwar) এগৰাকী পাকিস্তানী শিশু চিকিৎসক, গায়ক-গীতিকাৰ আৰু সংগীতজ্ঞ। "ভে আছান তেনু কি আখনা", "ভে মেইন চোৰী চোৰী" আৰু "নেয়ু লা লেয়া" আদি একক কণ্ঠৰ লোকগীতৰ বাবে তেওঁ বিশেষভাবে পৰিচয় লাভ কৰে।[1]
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]ফ্ৰণ্টিয়াৰ মেডিকেল কলেজৰ পৰা চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী লাভ কৰে৷ ২০০৮ চনত তেওঁ প্ৰথম এলবাম ধোলা (Dhola) মুকলি কৰি সমালোচনাত্মক মূল্যায়ন লাভ কৰে। ২০১১ চনত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী সম্পূৰ্ণ কৰি নিগাহ-ই-কৰম, আপনা মুকাম পেইদা কৰ আৰু কামলীকে ধৰি তিনিখন এলবাম মুকলি কৰে। কামলী এলবামৰ পৰা তেওঁ বিশেষ সফলতা লাভ কৰে আৰু এই এলবামখনৰ বাবে তেওঁ ১৫ সংখ্যক লাক্স ষ্টাইল বঁটাত শ্ৰেষ্ঠ উদীয়মান প্ৰতিভা – সংগীতৰ মনোনয়ন লাভ কৰে।[2]
গায়িকা হিচাপে তেওঁ বড়ে গুলাম আলী খান, আবিদা পাৰবীন, উস্তাদ মহম্মদ জুমন আৰু জনপ্ৰিয় লোকগায়িকা ৰেশ্মাৰ পৰা অনুপ্ৰাণিত হৈছিল।[1]
২০১২ চনত তেওঁ ককটেল ছবিৰ যোগেদি বলীউডত আত্মপ্ৰকাশ কৰে,[3] আৰু তেওঁৰ "লুটনা" গীতৰ বাবে প্ৰশংসিত হয়।[4] ২০১৬ চনত তেওঁ পাকিস্তানী ছবি মালিকৰ বাবে তেওঁৰ প্ৰথম গীত "নৈনা ৰয়ে" বাণীবদ্ধ কৰে, গীতটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।[5] একে বছৰতে তেওঁ কোক ষ্টুডিঅ'ৰ ৯ম ছিজনত বৈশিষ্ট্যপূৰ্ণ শিল্পী হিচাপে অভিষেক ঘটায়৷[6][7][8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Profile of Masuma Anwar on Coke Studio (Pakistan) website Retrieved 15 April 2018
- ↑ "Lux Style Awards 2015 nominees announced". The Express Tribune (newspaper). 16 July 2015. http://tribune.com.pk/story/922031/lux-style-awards-2015-nominees-announced/। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ "A cocktail of voices from India and Pakistan". The Express Tribune (newspaper). 15 July 2012. http://tribune.com.pk/story/408675/a-cocktail-of-voices-from-india-and-pakistan/। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ Khan, Atta (15 July 2012). "Cocktail film – Music review". Planet Bollywoood. http://www.planetbollywood.com/displayReview.php?id=m062112075846। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ Alavi, Omair (10 April 2016). "The ticket: Maalik: let the (patriot) games begin". Dawn (Pakistan). http://www.dawn.com/news/1250513। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ "Coke Studio 9 artists list revealed". The News Teller. 17 June 2016. Archived from the original on 18 June 2016. https://web.archive.org/web/20160618151158/http://www.thenewsteller.com/showbiz/coke-studio-9-artists-list-revealed/37763/। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ Rehman, Maliha (4 July 2016). "Here's what to expect from Coke Studio 9". Dawn (Pakistan). http://images.dawn.com/news/1175744। আহৰণ কৰা হৈছে: 15 April 2018.
- ↑ Sengupta, Arka (17 June 2016). "'Coke Studio Pakistan' undergoes major revamp in Season 9; artiste line-up revealed". International Business Times. http://www.ibtimes.co.in/coke-studio-pakistan-undergoes-major-revamp-season-9-artiste-line-revealed-683149। আহৰণ কৰা হৈছে: 15 April 2018.