সমললৈ যাওক

মাহেক চহাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাহেক চহাল

২০১৮ বৰ্ষত চহাল
জন্ম ৰসপ্ৰীত কৌৰ চহাল
০১ ফেব্ৰুৱাৰী, ১৯৭৯ (৪৭ বছৰ)
অচলো, নৰৱে
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০২—বৰ্তমান
জনা যায় কৱচ (প্ৰথম ছিজন), বিগ বছ ৫, নাগিন ৬

মাহেক চহাল (ইংৰাজী: Mahek Chahal; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৭৯)[1] এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৫ত অংশগ্ৰহণৰ বাবে পৰিচিত, য’ত তেওঁ ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল। তেওঁ ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’ খতৰোঁ কে খিলাড়ী ১১তো অংশ লৈছিল। কালাৰ্ছ টিভিৰ অতিপ্ৰাকৃতিক ফ্ৰেঞ্চাইজি নাগিন ৬ত ‘নাগিন মাহেক’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে চহাল বিশেষভাৱে পৰিচিত।

তেওঁ ২০০২ চনত তেলেগু ছবি নীথোৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে আৰু পিছলৈ ২০০৩ চনত নয়ী পড়োচনৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ হিন্দী, তেলেগু, পাঞ্জাবী, কানাড়া আৰু তামিল ছবিৰ কেইবাটাও গীতত অভিনয় কৰিছে। ২০১১ চনত চহালে কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৫ত অংশগ্ৰহণ কৰি ৰানাৰ্ছ-আপ হৈছিল।

২০২১ চনত তেওঁ ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’ খতৰোঁ কে খিলাড়ী ১১ত অংশগ্ৰহণ কৰে। কালাৰ্ছ টিভিৰ অতিপ্ৰাকৃতিক ধাৰাবাহিক নাগিন ৬ত মাহেকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে চহাল সৰ্বাধিক পৰিচিত।[2][3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চহালে ২০১৭ চনৰ আগষ্ট মাহত অভিনেতা অস্মিত পেটেলৰ সৈতে বাগদান সম্পন্ন কৰিছিল, কিন্তু ২০২০ চনত তেওঁলোকে এই বাগদান বাতিল কৰে।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কাম (২০০২–২০১১)

[সম্পাদনা কৰক]

তেওঁ ২০০২ চনত শালিনী চৰিত্ৰত অভিনয় কৰি তেলেগু ছবি নীথোৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু পিছলৈ ৰোমাণ্টিক-কমেডী নয়ী পড়োচনত পূজা আয়েংগাৰ ( এগৰাকী দক্ষিণ ভাৰতীয় ছোৱালী) চৰিত্ৰত অভিনয় কৰি হিন্দী ছবিত খোজ পেলায়। এই ছবিখনে বক্স অফিচত মধ্যমীয়া সফলতা লাভ কৰিছিল। ২০০৪ চনত মুক্তি পোৱা চামেলী নামৰ ছবিখনতো তেওঁ এটা আইটেম নম্বৰ কৰিছিল। ইয়াৰ পিছত চহালে পঞ্জাবী ছবি দিল আপনা পঞ্জাবীত লিছা কৌৰৰ চৰিত্ৰত অভিনয় কৰে।

২০০৮ চনত তেওঁক হিন্দী ছবি ৱাণ্টেডত চাইনাৰ চৰিত্ৰত আৰু মেইন অৰ মিচেছ খান্নাত টিয়া ৰবাৰ্টছৰ সহযোগী চৰিত্ৰত দেখা গৈছিল। তেওঁ তামিল, তেলেগু আৰু হিন্দী ছবিৰ কেইবাটাও গীতত অভিনয় কৰিছে।[5] চহালে ২০০৯ চনত চি.আই.ডি.ৰ জৰিয়তে টেলিভিছনত অভিষেক ঘটাইছিল।

বিগ বছ আৰু অন্যান্য (২০১১–২০১৮)

[সম্পাদনা কৰক]

২০১১ চনত তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ পোন্ধৰ সপ্তাহ ধৰি টিকি আছিল আৰু ৰানাৰ্ছ-আপ হিচাপে পৰিগণিত হৈছিল। একে বছৰতে চহালে নৰৱেজিয়ান ৰিয়েলিটি শ্ব' ফ্ৰিষ্টেট (Fristet) তো অংশ লৈছিল।

ইয়াৰ পিছত তেওঁ কমেডী ছবি য়মলা পাগলা দীৱানা (২০১১)-ত এটা আইটেম নম্বৰ কৰিছিল। তেওঁ কৰাৰ: দ্য ডিল (২০১৪) ছবিতো অভিনয় কৰিছিল। চহালে নৰৱেত ‘মাহেক চহাল ক্লথিং’ নামৰ নিজা পোছাকৰ ব্ৰেণ্ড মুকলি কৰে। ২০১৫ চনত তেওঁ পুনৰ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছ হাল্লা বোলত এজন প্ৰত্যাহ্বানকাৰী (Challenger) হিচাপে উপস্থিত হৈছিল। ৰাজহুৱা ভোটৰ সন্মুখীন হৈ উচ্ছেদ হোৱাৰ পূৰ্বে তেওঁ তাত তিনি সপ্তাহ আছিল।[6]

অস্মিত পেটেলৰ সৈতে চহালক পাৱাৰ কাপলত প্ৰতিযোগী হিচাপেও দেখা গৈছিল। ইয়াৰ পিছত তেওঁ তামিল ছবি গেথুত আইটেম নম্বৰ কৰিছিল আৰু পিছলৈ কমেডী শ্ব' কমেডী নাইটছ বচাওত অতিথি হিচাপে উপস্থিত হৈছিল।

২০১৬ চনত তেওঁক কালাৰ্ছ টিভিৰ অতিপ্ৰাকৃতিক থ্ৰিলাৰ কৱচত খলনায়িকা মঞ্জুলিকাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।[7] ২০১৮ চনত তেওঁ হিন্দী ছবি নিৰ্দোষত অভিনয় কৰিছিল।[8] খবৰ ওলাইছিল যে তেওঁ এক থী ৰাণী এক থা ৰাৱণত নৃত্যশিল্পী হিচাপে উপস্থিত হ'ব,[9] কিন্তু সেই চৰিত্ৰটোৰ বাবে চাৰা খানকহে নিৰ্বাচন কৰা হৈছিল।[10]

টেলিভিছনলৈ প্ৰত্যাৱৰ্তন (২০২১–বৰ্তমান)

[সম্পাদনা কৰক]

দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত শ্বুটিং হোৱা ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব' ফিয়েৰ ফেক্টৰ: খতৰোঁ কে খিলাড়ী ১১ত তেওঁক এগৰাকী প্ৰতিযোগী হিচাপে দেখা গৈছিল, য’ত তেওঁ ১১তম স্থান লাভ কৰিছিল।[11]

শেহতীয়াকৈ, তেওঁক কালাৰ্ছ টিভিৰ একতা কাপুৰৰ জনপ্ৰিয় অতিপ্ৰাকৃতিক থ্ৰিলাৰ ফ্ৰেঞ্চাইজি নাগিন ৬ত খলনায়িকা ‘শেষ নাগিন মাহেক গুজৰাল’ৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। নাগিন ৬ এই জনপ্ৰিয় ফ্ৰেঞ্চাইজিটোৰ আটাইতকৈ দীঘলীয়া সময় ধৰি চলা ছিজন হিচাপে পৰিগণিত হয়। নাগিন ৬ত মাহেক গুজৰালৰ চৰিত্ৰত অভিনয় কৰি চহালে ব্যাপক প্ৰশংসা আৰু স্বীকৃতি লাভ কৰে। তেওঁৰ তীক্ষ্ণ চেহেৰা আৰু সংলাপ প্ৰক্ষেপণে চৰিত্ৰটোক দৰ্শকৰ মাজত অতি জনপ্ৰিয় কৰি তুলিছিল। যাৰ বাবে তেওঁ ‘ইণ্ডিয়ান টেলী এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন এ নিগেটিভ ৰোল পপুলাৰ’কে ধৰি বহুতো সন্মান লাভ কৰে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jha, Sumit (3 February 2012). "Mahek Chahal gets birthday surprise" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/mahek-chahal-gets-birthday-surprise/articleshow/11740690.cms.
  2. "Mahek Chahal in Comedy Circus finale" (en ভাষাত). 24 May 2012. https://timesofindia.indiatimes.com/tv/news/hindi/mahek-chahal-in-comedy-circus-finale/articleshow/13408132.cms.
  3. "Bigg Boss Halla Bol: Mahek Chahal eliminated in mid-week eviction". India Today. 22 January 2015. https://www.indiatoday.in/television/top-stories/story/bigg-boss-halla-bol-mahek-chahal-eliminated-in-mid-week-eviction-236964-2015-01-22 আহৰণ কৰা হৈছে: 12 February 2022.
  4. "Maheck Chahal calls off engagement with Ashmit Patel, says 'I left him, I had to take that step'". Hindustan Times. 12 January 2020. https://www.hindustantimes.com/tv/ashmit-patel-and-maheck-chahal-call-off-engagement-she-says-i-left-ashmit-i-had-to-take-that-step/story-9r9RFHVRJr5AjMtWHMlhLI_amp.html আহৰণ কৰা হৈছে: 24 September 2024.
  5. "Exclusive - Mahek Chahal: When I was new in the industry I felt I should only do glamorous roles or item songs, but with time I've matured". 23 July 2021. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-mahek-chahal-when-i-was-new-in-the-industry-i-felt-i-should-only-do-glamorous-roles-or-item-songs-but-with-time-ive-matured/articleshow/84663983.cms.
  6. "Excited for my second stint on 'Bigg Boss 8': Mahek Chahal". theindianexpress. 4 January 2015. https://www.indianexpress.com/article/entertainment/television/excited-for-my-second-stint-on-bigg-boss-8-mahek-chahal/lite/ আহৰণ কৰা হৈছে: 4 January 2015.
  7. "Sara Khan to replace Mahek Chahal as Manjaulika in Kavach!". news.abplive.com. https://www.abplive.com/entertainment/television/sara-khan-to-replace-mahek-chahal-as-manjaulika-in-kavach-836139/amp আহৰণ কৰা হৈছে: 2 July 2016.
  8. "Exclusive! Ashmit Patel on his sizzling chemistry with Mahek Chahal in Nirdosh". freepressjournal.in. https://www.freepressjournal.in/cmcm/exclusive-ashmit-patel-on-his-sizzling-chemistry-with-mahek-chahal-in-nirdosh আহৰণ কৰা হৈছে: 30 May 2019.
  9. "Former Bigg Boss contestants Mahek Chahal to feature in show on stalking". India Today. 26 July 2015. https://www.indiatoday.in/television/soaps/story/former-bigg-boss-contestants-mahek-chahal-to-feature-in-show-on-stalking-1412976-2018-12-19.
  10. "महक चहलच्या जागी सारा खानची वर्णी" (mr ভাষাত). Lokmat. 4 January 2019. https://www.lokmat.com/television/sara-khan-steps-shoes-mahek-chahal/.
  11. "Khatron Ke Khiladi 11: Mahek Chahal becomes 3rd eliminated contestant on the Rohit Shetty show". Bollywood Hungama. 16 August 2021. https://www.bollywoodhungama.com/news/bollywood/khatron-ke-khiladi-11-mahek-chahal-becomes-3rd-eliminated-contestant-rohit-shetty-show/ আহৰণ কৰা হৈছে: 16 August 2021.
  12. "'I am playing Indian Wonder Woman': Maheck Chahal on her role in Naagin 6". Hindustan Times. 8 February 2022. https://www.hindustantimes.com/entertainment/tv/i-am-playing-indian-wonder-woman-maheck-chahal-on-her-role-in-naagin-6-101644335864710-amp.html আহৰণ কৰা হৈছে: 8 February 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]