সমললৈ যাওক

মাহেৰচী শাড়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাহেৰচী শাড়ী

Theatrical release poster
পৰিচালক বিজয় কোণ্ডকে
ৰচনা [
প্ৰযোজক বিজয় কোণ্ডকে
অভিনয়ত অলকা কুবাল
অজিংক্য দেও
আশালতা
ৰমেশ ভাটকাৰ
বিক্ৰম গোখলে
সংগীত পৰিচালক অনিল মোহিলে
মুক্তি
১৮ ছেপ্টেম্বৰ ১৯৯১ (1991-09-18)
দৈৰ্ঘ্য
১৩৯ মিনিট
দেশ ভাৰত
ভাষা মাৰাঠী
বাজেট ₹25 lakh[1]
সৰ্বমুঠ আয় ₹12 crore[2]


মাহেৰচী শাড়ী ' (অনু. মাকৰ ঘৰৰ শাড়ী; ইংৰাজী: Maherchi Sadi ) ১৯৯১ চনৰ এখন ভাৰতীয় মাৰাঠী ভাষাৰ পাৰিবাৰিক নাট্যধৰ্মী ছবিষ যিখনৰ পৰিচালক আৰু নিৰ্মাতা বিজয় কোণ্ডকে। ইয়াত অলকা কুবাল, উষা নাডকাৰ্ণী, ৰমেশ ভাটকাৰ, বিজয় চাৱন আৰু অজিংক্য দেওৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।[3] মুক্তিৰ প্ৰথম তিনিমাহত এই ছবিখনে ১২ কোটি টকাতকৈও (১৫ লাখ মাৰ্কিন ডলাৰ) অধিক উপাৰ্জন কৰি ১৯৯১ চনৰ পঞ্চম সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ লগতে সেই সময়ৰ সৰ্বাধিক উপাৰ্জন কৰা মাৰাঠী ছবি হিচাপে পৰিগণিত হয়। মাহেৰচী শাড়ীয়ে দুবছৰতকৈ অধিক সময় প্ৰভাত টকীজত প্ৰদৰ্শিত হৈছিল।[4][5]

এইখন অতি সফল গুজৰাটী ছবি মহীয়াৰ নি চুন্দডি (১৯৮৩) পুনৰ্নিৰ্মাণ, যিখন ছবি পিছলৈ হিন্দীত ১৯৯৪ চনত সাজন কা ঘৰ হিচাপে পুনৰ নিৰ্মাণ কৰা হয়, য’ত জুহি চাওলা আৰু ঋষি কাপুৰে অভিনয় কৰিছিল।[6]

নিৰ্মাণ

[সম্পাদনা কৰক]

দাদা কোণ্ডকেই বিচাৰিছিল যে তেওঁৰ ভতিজাক বিজয় কোণ্ডকেই তেওঁৰ কোম্পানীটো দায়িত্বভাৰ লওক। বিজয়ে ইয়াৰ কাহিনীৰ আধাৰত এখন ৰাজস্থানী ছবি পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় আৰু এই প্ৰকল্পৰ বাবে অভিনেতা মহেশ কোথাৰেৰ কাষ চাপে। সেই সময়ত মহেশ আৰু তেওঁৰ পিতৃ অম্বাৰ কোথাৰে দাদাক লগ কৰিবলৈ আহিছিল। তেওঁলোকৰ সাক্ষাৎকালত মহেশে এটা চৰ্ত দিছিল যে দাদাই ছবিখনত অভিনয় কৰিবলৈ সন্মত হ’লেহে তেওঁ ছবিখন পৰিচালনা কৰিব। দাদাই এই প্ৰস্তাৱ নাকচ কৰে, কিয়নো তেওঁ সহ-অভিনতাৰ ভূমিকা গ্ৰহণ কৰিব বিচৰা নাছিল। কিন্তু মহেশে ছবিখন একেবাৰে নাকচ কৰি দিয়ে, কিয়নো তেওঁ অনুভৱ কৰিছিল যে দাদাৰ ভূমিকা আন কোনোৱে ল’ব নোৱাৰে। কেইবাবাৰো চেষ্টা কৰাৰ পিছত বিজয়ে নিজেই ছবিখন পৰিচালনা কৰে।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. (en ভাষাত) Frontline. S. Rangarajan for Kasturi & Sons. 1998. https://books.google.com/books?id=gaFKAQAAIAAJ.
  2. "ट्रक भरून प्रेक्षक, कानाकोपऱ्यात गाजला पण 'माहेरची साडी' चित्रपटाच्या तिकीटाची किंमत किती" (mr ভাষাত). Maharashtra Times. Archived from the original on 2024-01-30. https://web.archive.org/web/20240130170602/https://marathi.indiatimes.com/entertainment/entertainment-news/bollywood-news/what-was-the-ticket-price-of-alka-kubal-fame-maherchi-sadi-movie/articleshow/100501715.cms আহৰণ কৰা হৈছে: 2024-01-30.
  3. "Sequel of Maherchi Sadi". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/marathi/movies/sequel-of-maherchi-sadi/articleshow/58987623.cms.
  4. अडसूळ, नीलेश (2022-09-18). "'माहेरची साडी'नं 31 वर्षांपूर्वी बॉक्स ऑफिसवर केला होता राडा, आजही रडतात बायका.." (mr ভাষাত). Sakal. https://www.esakal.com/manoranjan/maherchi-sadi-movie-complete-31-years-release-date-cast-alka-kubal-ramesh-bhatkar-vikram-gokhle-usha-nadkarni-ajinkya-deo-ashalata-nsa95 আহৰণ কৰা হৈছে: 2023-02-17.
  5. Phadnis, Mayuri. "Originally new". Pune Mirror. https://punemirror.com/others/originally-new/cid5137528.htm আহৰণ কৰা হৈছে: 2024-07-23.
  6. Phadnis, Mayuri. "Originally new". Pune Mirror. https://punemirror.com/others/originally-new/cid5137528.htm আহৰণ কৰা হৈছে: 2024-07-23.
  7. Naik, Payal (2024-12-09). "दादा कोंडके यांच्यामुळे महेश कोठारेंनी 'माहेरची साडी' चित्रपटाला दिलेला नकार; कारण ठरलेले दादांचे ते शब्द" (Mr ভাষাত). Sakal. https://www.esakal.com/premier/mahesh-kothare-rejected-maherchi-sadi-movie-because-of-dada-kondke-know-the-reason-psn14 আহৰণ কৰা হৈছে: 2024-12-09.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]