সমললৈ যাওক

মাৰমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মাৰমা (বঙালী: মাব়মা) হ'ল বাংলাদেশৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী বা ক্ষুদ্ৰ নৃ-গোষ্ঠী।[1] যদিও তিনিখন পাহাৰীয়া জিলাত বাস কৰা দেখা যায়, মূল জনসংখ্যাৰ অধিকাংশই বান্দৰবানত বাস কৰে। ‘মাৰমা’ শব্দটো পালি ভাষাৰ মাৰম্মা শব্দৰপৰা উদ্ভৱ হৈছে। পাৰ্বত্য চট্টগ্ৰামৰ মাৰমাসকল আৰাকানৰপৰা আহিছিল আৰু সেয়েহে তেওঁলোকৰ দেৱতা ‘ম্ৰাইমা’ নামৰপৰাই নিজকে‍ ‘মাৰমা’ নামেৰে ভূষিত কৰিছিল।[2] এই সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ ত্ৰিপূৰা আৰু মিজোৰাম ৰাজ্যৰপৰা আৰম্ভ কৰি পূব ম্যানমাৰলৈকে বিস্তৃত হৈ আছে।

মাৰমাসকল মংগোলীয় মূলৰ। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী। কথা-বতৰাত মাৰমাসকলে‍ নিজৰ ভাষা অৰ্থাৎ মাৰমা বৰ্ণমালা ব্যৱহাৰ কৰে। মাৰমা সমাজ-ব্যৱস্থা পিতৃতান্ত্ৰিক। পুৰুষসকলৰ দৰে‍ মহিলাসকলো পৈতৃক সম্পত্তিৰ সমান উত্তৰাধিকাৰী হয়। ভাত মাৰমাসকলৰ প্ৰধান খাদ্য। পাংখুং, জাইক, কাপা ইত্যাদি সাংস্কৃতিক অনুষ্ঠান মাৰমা সমাজত জনপ্ৰিয়। তেওঁলোকৰ মূল উৎসৱ-পাৰ্বণবোৰ হ’ল শ্বাংগ্ৰাই পয়ে, ৱাচো পয়ে, ৱাগ্যয় পয়ে আৰু পিংজ্ৰা পয়ে। নুথৱাই মৰমা বৰাং মাৰমা টাইৰাংশ্বা নামৰ ঐতিহাসিক গ্ৰন্থখনৰ লেখিকা। বান্দৰবানত মাৰমা লোকৰ জনসংখ্যা প্ৰায় দুই লাখৰ ওচৰা-উচৰি। বাংলাদেশত চাকমাসকলৰ পিছতেই মাৰমাসকল দ্বিতীয় বৃহত্তৰ ক্ষুদ্ৰ নৃ-গোষ্ঠী। মাৰমা ছোৱালীয়ে ‘দেয়াহ’, কঁকালৰপৰা আঁঠুলৈকে দীঘল ‘বাৰিষ্টা উংগী’, কলাৰবিহীন জেকেট আৰু পাগুৰি বা পাগুৰি পিন্ধে। অৱশ্য‍ে আজিকালি মাৰমা মহিলাসকলে আন মহিলাৰ দৰে ‘ৰাংকাই’ৰ সলনি ব্লাউজ আৰু বাৰ্মিজ প্ৰিণ্টৰ থামি পিন্ধিবলৈ আৰম্ভ কৰিছে।

এণ্ডোনিম আৰু এক্সনমি

[সম্পাদনা কৰক]

অষ্টাদশ শতিকাৰ শেষৰফালে পঞ্চম বোমাংগ্ৰী কাংলাপ্ৰুৱে লেখক ফ্ৰান্সিছ বুকানানক ১৭৯৮ চনত তেতিয়াৰ ৰাজপ্ৰাসাদ সোৱালকত মাৰমা শব্দটো উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত বোমাংগ্ৰী মংশৈপ্ৰুৰুৱে তদানীন্তন পাকিস্তান চৰকাৰত ওচৰত মাৰমা জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰে। সত্তৰৰ দশকৰ আৰম্ভণিত আনুষ্ঠানিকভাৱে তেতিয়াৰ চৰকাৰে তেওঁলোকক ২য় বৃহত্তম জনজাতি হিচাপে স্বীকৃতি দিছিল।[3]

জিনীয় অভিযোজন

[সম্পাদনা কৰক]

জিনীয় অধ্যয়নত মাৰ্মা জনসংখ্যাত মাতৃৰ হেপ্ল’গ্ৰুপৰ ক্ষেত্ৰত উচ্চ ভাৰতীয় আৰু নিম্ন মাত্ৰাৰ পূব এছিয়াৰ জিনীয় বংশৰ প্ৰভাৱ দেখা গৈছে, আৰু ত্ৰিপূৰা আৰু চাকমা জনসংখ্যাৰ তুলনাত মাৰমাসকলৰ মাজত হেপ্লোটাইপৰ বৈচিত্ৰ্য বেছি, আৰু এয়া তেওঁলোকৰ মাজত সৰ্বোচ্চ, ই প্ৰমাণ কৰে যে এই অঞ্চলত মাৰমাসকলৰ উপনিৱেশ অধিক গভীৰ আছিল।[4]

আন ক্ষুদ্ৰ জনগোষ্ঠী বা জনজাতি সম্প্ৰদায়ৰ দৰে মাৰমাসকলেও জন্ম, মৃত্যু, বিবাহ আৰু নৱবৰ্ষ উপলক্ষ্য্য‍ে বিভিন্ন পৰম্পৰাগত উৎসৱ পালন কৰে। তাৰ ভিতৰত উল্লেখযোগ্য উৎসৱসমূহ হ’ল:- বুদ্ধ পূৰ্ণিমা, কঠিন চীবৰ দান, ৱাংগৰাই বা প্ৰবাৰণা পূৰ্ণিমা, সাংগ্ৰাই ইত্যাদি। মাৰমাসকলৰ নতুন বছৰ আদৰাৰ উৎসৱক সাংগ্ৰাই বলে। এই উৎসৱসমূহৰ উপৰি অন্যান্য প্ৰাকৃতিক উৎসৱো পালন কৰা হয়, চট্টগ্ৰাম পাহাৰীয়া অন্যান্য জনগোষ্ঠীৰ সৈতে যিবোৰৰ প্ৰায়ে মিল আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Chowdhury (2015).
  2. "Marma". 2019-10-09. https://sites.google.com/site/voiceofjummaland/marma.
  3. "Marma". ২০১৯-১০-০৯. https://sites.google.com/site/voiceofjummaland/marma.
  4. Gazi (en ভাষাত). doi:10.1371/journal.pone.0075064. ISSN 1932-6203. PMID 24130682.