মাৰিয়াম বুথ
| মাৰিয়াম বুথ | |
|---|---|
| জন্ম | মাৰিয়াম আদো মহম্মদ ২৮ অক্টোবৰ, ১৯৯৩ (৩২ বছৰ) কানো ৰাজ্য, নাইজেৰিয়া |
| ৰাষ্ট্ৰীয়তা | নাইজেৰিয়ান |
| নাগৰিকত্ব | নাইজেৰিয়া |
| পেচা | অভিনেত্ৰী |
| জনা যায় | 'দিজাংগালা' আৰু দ্য মিল্কমেইড চলচ্চিত্ৰত তেওঁৰ চৰিত্ৰ |
| পিতৃ-মাতৃ | জয়নাব বুথ |
| আত্মীয়-স্বজন | আহমেদ বুথ (ভাতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | আফ্ৰিকা মুভি একাডেমি এৱাৰ্ড - সহায়ক অভিনেত্ৰী শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী |
মাৰিয়াম আদো মহম্মদ, যাক মাৰিয়াম বুথ নামে অধিক জনা যায় (জন্ম: ২৮ অক্টোবৰ ১৯৯৩), এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ২০২০ চনৰ দ্য মিল্কমেইড চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত, যি অ্যাকাডেমি এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ চলচ্চিত্ৰ শ্ৰেণীত নাইজেৰিয়াৰ প্ৰতিনিধিত্ব কৰিছিল। জয়নাব ৰূপে তেওঁৰ অভিনয়ৰ বাবে, তেওঁ আফ্ৰিকা মুভি একাডেমি এৱাৰ্ড - সহায়ক অভিনেত্ৰী শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী এৱাৰ্ড লাভ কৰে।[1][2] তেওঁ ২০২২ চনত ছুমাল ফুড এম্বেছেডৰ ৰূপে অভিষিক্ত হৈছিল।[3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মাৰিয়াম ১৯৯৩ চনৰ ২৮ অক্টোবৰ তাৰিখে কানো চহৰত, কানো ৰাজ্যত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ ভাতৃ আৰু প্ৰয়াত মাতৃ জয়নাব বুথসহ পৰিয়ালৰ অন্য সদস্যসকলোও অভিনেতা। বেল্লানাইজাৰ সৈতে এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ ৮ বছৰ বয়সৰ পৰাই অভিনয় কৰি আহিছে।[4][5]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ ২০১৯ চনৰ বেষ্ট অৱ নলিউড এৱাৰ্ডছৰ অনুষ্ঠান পৰিচালনা কৰিছিল।[6] ২০২০ চনত, মাৰিয়াম আফ্ৰিকা মুভি একাডেমি এৱাৰ্ড-ত সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী শ্ৰেণীত এৱাৰ্ড লাভ কৰে।[5] ডেছমণ্ড অব্বিয়াজেলিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰত তেওঁৰ অভিনয়ে ২০১৭ চনৰ আফ্ৰিকা মুভি একাডেমি এৱাৰ্ড (AMAA)-ত সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী শ্ৰেণীৰ এৱাৰ্ড লাভ কৰাত সহায় কৰিছিল।[7]
অভিনয়
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]- দ্য মিল্কমেইড (২০২০) - জয়নাব ৰূপে
- চেনিটেচন ডে (২০২১) - মুনিৰাত ৰূপে
টেলিভিছন ছিৰিজ
[সম্পাদনা কৰক]- ছন্স অৱ দ্য খালিফেট
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- মাৰিয়াম বুথ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Maryam Booth: 'Nude video no go make us ban Maryam from Kannywood'". BBC. https://www.bbc.com/pidgin/tori-51448016। আহৰণ কৰা হৈছে: 22 March 2021.
- ↑ "AMAA 2020: Maryam Booth wins best supporting actress". DailyTrust. https://dailytrust.com/amaa-2020-maryam-booth-wins-best-supporting-actress। আহৰণ কৰা হৈছে: 22 March 2021.
- ↑ "Kanny Wood Actress Maryam Booth Crowned As Sumal Ambassador". Leadership. https://leadership.ng/kanny-wood-actress-crowned-sumal-ambassador/.
- ↑ Damilola, O (13 February 2021). "Introducing #BNMeetTheStar: Meet Maryam Booth; Lead Actress in Nigeria's 2021 Oscars Movie Selection". BellaNaija. https://www.bellanaija.com/2021/02/maryam-booth-the-milkmaid/। আহৰণ কৰা হৈছে: 22 March 2021.
- ↑ 5.0 5.1 "Continental pip for Kannywood starlet, Maryam Booth, at AMAA". Guardian. https://guardian.ng/saturday-magazine/celebrity/continental-pip-for-kannywood-starlet-maryam-booth-at-amaa/। আহৰণ কৰা হৈছে: 22 March 2021.
- ↑ Nwanne, Chuks (21 December 2019). "Best Of Nollywood Lights Up Kano" (en-US ভাষাত). The Guardian Nigeria News - Nigeria and World News. https://guardian.ng/life/best-of-nollywood-lights-up-kano/। আহৰণ কৰা হৈছে: 10 October 2021.
- ↑ "Continental pip for Kannywood starlet, Maryam Booth, at AMAA" (en-US ভাষাত). The Guardian Nigeria News - Nigeria and World News. 2 January 2021. https://guardian.ng/saturday-magazine/celebrity/continental-pip-for-kannywood-starlet-maryam-booth-at-amaa/। আহৰণ কৰা হৈছে: 22 July 2022.