মাৰিয়া অৰোৰা কৌটো
মাৰিয়া অৰোৰা কৌটো | |
---|---|
![]() ২০১৫ চনত আলডোনাৰ কেৰ’নাত থকা নিজৰ ঘৰত ক’টো | |
জন্ম | মাৰিয়া অৰোৰা ফিগুৱেইৰেডো ২২ আগষ্ট, ১৯৩৭ ছালচেটে,গোৱা, পৰ্তুগীজ ভাৰত |
মৃত্যু | ১৪ জানুৱাৰী, ২০২২ (৮৪ বছৰ) |
পেচা |
|
ৰাষ্ট্ৰীয়তা |
|
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী (২০১০) |
মাৰিয়া অৰোৰা কৌটো (ইংৰাজী: Maria Aurora Couto; ২২ আগষ্ট ১৯৩৭ – ১৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ আছিল, তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰী ৰ বাবে আৰু গোৱা আৰু ইয়াৰ বাহিৰত সাহিত্য আৰু ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত। গ্ৰন্থৰ উপৰিও কাকত-আলোচনীৰ বাবেও লিখিছিল, দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ আৰু পাঞ্জিমৰ ধেম্পে কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল। ২০০৮ চনত ডি ডি কোছাম্বি ফেষ্টিভেল অৱ আইডিয়াছ আৰম্ভ কৰাত সহায় কৰিছিল।
কৌটো ২০১০ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৩৭ চনৰ ২২ আগষ্টত দক্ষিণ গোৱাৰ ছালচেটত এণ্টনিঅ’ কেটানো ফ্ৰান্সিস্কো (চিকো) ডি ফিগুৱেৰেডো আৰু মাৰিয়া কুইটেৰিয়া ফিলোমেনা বৰ্জেছৰ ঘৰত জন্মগ্ৰহণ কৰিছিল কৌটোৱে। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই ছালচেটৰ ভেলহাছ কনকিষ্টাছ জিলাৰ স্থানীয় লোক আছিল। তেওঁৰ পিতৃ আৰু মাতৃৰ উভয় পৰ্তুগীজ পূৰ্বৰ গোৱা আৰু ডামাওনৰ ৰোমান কেথলিক ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল।[1][2][3]
পিতৃৰ মদ্যপান নিয়ন্ত্ৰণৰ প্ৰয়াসত পিতৃ-মাতৃ আৰু ছয়জন ভাই-ভনীৰ সৈতে চুবুৰীয়া চহৰ ধৰৱাদলৈ গুচি যায়, যিখন তেতিয়া মহীশূৰ ৰাজ্য আৰু গোৱানাৰ বাবে শিক্ষা আৰু সুযোগৰ কেন্দ্ৰ আছিল।[4] পিতৃয়ে পৰিয়ালটো পৰিত্যাগ কৰাৰ পিছত সাতটা সন্তানক মাকে অকলে পিতৃ-মাতৃ দায়িত্ব পালন কৰি ডাঙৰ-দীঘল কৰে।[5] কৌটোৱে ছেইণ্ট জোচেফ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ কৰ্ণাটক বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল।[6][2][7]
পিছৰ এটা সাক্ষাৎকাৰত তেওঁ পিছলৈ মনত পেলাইছিল যে তেওঁৰ ডাঙৰ হোৱাৰ দিনবোৰ ভাৰতীয়, গোৱাল আৰু কেথলিক হিচাপে তেওঁৰ পৰিচয়ক কেন্দ্ৰ কৰিয়েই আছিল। সেই সময়ত কলেজখনত তেতিয়াৰ মহীশূৰ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী আছিল। বিশ্ববিদ্যালয়খনৰ কিছুমান সহপাঠীৰ ভিতৰত নাট্যকাৰ গিৰীশ কৰ্ণাদ আৰু লেখক শশী দেশপাণ্ডে আছিল।[2][8] পিছলৈ তেওঁ ফ্ৰান্সোৱা মৌৰিয়াকৰ ৰচনাত ধৰ্মীয় মানৱতাবাদ অধ্যয়ন কৰি সাহিত্যত পি এইচ ডি সম্পূৰ্ণ কৰে।[8]
কৰ্মজীৱন
[সম্পাদনা কৰক]কৌটোৱে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ আৰু পানাজীৰ ধেম্পে কলেজ[9] আদি কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল[10] আৰু ভাৰত আৰু যুক্তৰাজ্যৰ সাময়িকীত অৰিহণা যোগাইছিল।[11] ১৯৮৮ চনত ইংৰাজী লেখক আৰু সাহিত্য সমালোচকৰ বিষয়ে লিখা গ্ৰন্থ গ্ৰেহাম গ্ৰীণৰ গ্ৰন্থ গ্ৰেহাম গ্ৰীণ: অন দ্য ফ্ৰণ্টিয়াৰ, পলিটিক্স এণ্ড ৰিলিজিয়ন ইন দ্য নভেলছৰ পৰা ক'টোৰ লেখাৰ কেৰিয়াৰ আৰম্ভ হয়।[10] ইয়াৰ পূৰ্বে ১৯৬৩ চনত গোৱা ভ্ৰমণৰ সময়ত তেওঁ লেখকজনক লগ পাইছিল।[2] ২০০৪ চনত তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰীত আত্মজীৱনীৰ উপৰিও তেওঁৰ দৃষ্টিকোণৰ পৰা গোৱাৰ ইতিহাস সামৰি লোৱা হৈছে।[12]
২০১০ চনত ভাৰত চৰকাৰে কৌটোক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[13][14]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]১৯৬১ চনত গোৱা মূলৰ এজন ভাৰতীয় অসামৰিক প্ৰশাসক আলবান ক'টো (আলবানো ফ্ৰান্সিস্কো ক'টো)লগত বিয়া হৈছিল। তেওঁ স্বামীৰ সৈতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো সময় কটায় আৰু পিছলৈ ঘূৰি আহি অঞ্চলটোৰ সাহিত্য গঢ় দিয়ে। .[15][7]
তেওঁৰ স্বামী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ আছিল। মুম্বাইত তেওঁক লগ পাইছিল আৰু তেওঁলোকৰ তিনিটা সন্তান।[9] তেওঁৰ কামৰ বাবে তেওঁলোকে দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব লগা হৈছিল। তেওঁলোকে প্ৰায়ে চেন্নাইতে আছিল, তাৰ পিছত গোৱাৰ আলডোনাত[16] তেওঁৰ পূৰ্বপুৰুষৰ ঘৰত থাকিবলৈ লয়। দক্ষিণ আফ্ৰিকাৰ জাজ শুনি ভাল পাইছিল আৰু চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষিত আছিল, শিক্ষয়িত্ৰী হৈ থাকোঁতে তেওঁ এটা চলচ্চিত্ৰ ক্লাব আৰম্ভ কৰিছিল।[9] ২০০৯ চনৰ জুন মাহত তেওঁৰ স্বামী আলবানো কৌটোৰ মৃত্যু হৈছিল।[17]
২০২২ চনৰ ১৪ জানুৱাৰীত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা মাৰিয়া ক’ট’ৰ বয়স আছিল ৮৪ বছৰ।[11][18][2][7]
কাম
[সম্পাদনা কৰক]কৌটোৰ ৰচনাসমূহৰ ভিতৰত আছে:
- কৌটো, মাৰিয়া (১৯৮৮). Graham Greene: On the Frontier: Politics and Religion in the Novels. প্ৰকাশক London: Macmillan. ISBN 9780333443460. https://books.google.com/books?id=RLVaAAAAMAAJ.
- কৌটো, মাৰিয়া (২০০৪). Goa: A Daughter's Story. Penguin Books India. ISBN 978-0-14-303343-1. https://books.google.com/books?id=2QYYjT8-0BIC.
- Pereira, A. B. de Braganca (২০০৮). Ethnography of Goa, Daman and Diu. Penguin UK. ISBN 978-93-5118-208-5. https://books.google.com/books?id=MghtAwAAQBAJ. (a translation of Etnografia da India Portuguesa by A.B. Braganza Pereira from Portuguese)
- কৌটো, মাৰিয়া (২০১৩). Filomena's Journeys: A Portrait of a Marriage, a Family & a Culture. Aleph Book Company. ISBN 978-93-82277-04-0. https://books.google.com/books?id=bXHyngEACAAJ.
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Death Notice: Maria Aurora Couto" (en ভাষাত). oHeraldo Goa. 15 January 2022. Archived from the original on 5 December 2022. https://web.archive.org/web/20221205003408/http://epaper.heraldgoa.in/articlepage.php?articleid=OHERALDO_GOA_20220115_1_13&width=138.69px&edition=oHeraldo&curpage=1.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Goan writer Maria Aurora Couto dies at 85" (en ভাষাত). The Indian Express. 15 January 2022. https://indianexpress.com/article/cities/goa/maria-aurora-couto-goan-writer-dead-7723641/.
- ↑ "Portrait of a Lady" (en ভাষাত). The Indian Express. 25 January 2014. https://indianexpress.com/article/entertainment/entertainment-others/portrait-of-a-lady/। আহৰণ কৰা হৈছে: 15 January 2022.
- ↑ Couto, Maria Aurora (6 September 2015). "The Dharwad where Kalburgi was killed isn't the Dharwad of my childhood" (en-US ভাষাত). Scroll.in. http://scroll.in/article/753513/the-dharwad-where-kalburgi-was-killed-isnt-the-dharwad-of-my-childhood। আহৰণ কৰা হৈছে: 15 January 2022. "The town, then a part of Bombay state, was well known as a centre for education, but the crucial factor was that the sale of alcohol was prohibited. The law was observed strictly, she had heard – she hoped this would contain her husband."
- ↑ "Portrait of a Lady" (en ভাষাত). The Indian Express. 25 January 2014. https://indianexpress.com/article/entertainment/entertainment-others/portrait-of-a-lady/। আহৰণ কৰা হৈছে: 15 January 2022. "Eventually Chico did go to Dharwad with the family; but he was increasingly restless there, and made frequent trips to Goa. Finally, he went to Goa one more time never to return."
- ↑ Couto, Maria Aurora (6 September 2015). "The Dharwad where Kalburgi was killed isn't the Dharwad of my childhood" (en-US ভাষাত). Scroll.in. http://scroll.in/article/753513/the-dharwad-where-kalburgi-was-killed-isnt-the-dharwad-of-my-childhood। আহৰণ কৰা হৈছে: 15 January 2022.
- ↑ 7.0 7.1 7.2 "Remembering Maria Aurora Couto, an Exemplary Trustee of Goan Heritage". The Wire. https://thewire.in/books/maria-aurora-couto-obituary। আহৰণ কৰা হৈছে: 15 January 2022.
- ↑ 8.0 8.1 (en ভাষাত) Literally Goa - Maria Aurora Couto interviewed by Frederick Noronha, 27 April 2021, https://www.youtube.com/watch?v=xEq4lOsAOks, আহৰণ কৰা হৈছে: 15 January 2022
- ↑ 9.0 9.1 9.2 Coutinho, Tonella (10 May 2015). "Goa's daughter tells her story". The Times of India. https://timesofindia.indiatimes.com/city/goa/Goas-daughter-tells-her-story/articleshow/47216850.cms। আহৰণ কৰা হৈছে: 21 March 2020.
- ↑ 10.0 10.1 Pisharoty, Sangeeta Barooah (26 March 2014). "A sketch in time". The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/a-sketch-in-time/article5835829.ece.
- ↑ 11.0 11.1 Times, Navhind (15 January 2022). "Noted writer Maria Aurora Couto passes away" (en-US ভাষাত). The Navhind Times. https://www.navhindtimes.in/2022/01/15/goanews/noted-writer-maria-aurora-couto-passes-away/। আহৰণ কৰা হৈছে: 15 January 2022.
- ↑ Cabral, Mario (15 May 2004). Girl Interrupted. Archived from the original on 18 December 2024. https://web.archive.org/web/20241218133036/https://goanet.goanet.narkive.com/NgM4l787/book-review-a-critical-look-at-maria-couto-s-goa-a-daughter-s-story-penguin-rs-495। আহৰণ কৰা হৈছে: 5 August 2022.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 31 December 2015. https://web.archive.org/web/20151231171650/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "List of Padma awardees 2010". The Hindu. 26 January 2010. ISSN 0971-751X. https://www.thehindu.com/news/national/List-of-Padma-awardees-2010/article16839604.ece.
- ↑ Couto, Maria Aurora (7 March 2021). "From Goa to London with Graham Greene: A first-person account of a literary friendship" (en-US ভাষাত). Scroll.in. https://scroll.in/article/988635/from-goa-to-london-with-graham-greene-a-first-person-account-of-a-literary-friendship। আহৰণ কৰা হৈছে: 15 January 2022.
- ↑ "Mega debate at Canacona remains inconclusive". Herald Goa. 18 August 2010. https://issuu.com/herald-goa/docs/18_aug/4.
- ↑ "Alban Couto no more". The Times of India. 28 June 2009. https://timesofindia.indiatimes.com/city/goa/Alban-Couto-no-more/articleshow/4711196.cms। আহৰণ কৰা হৈছে: 4 April 2020.
- ↑ "Padma Shri awardee Maria Aurora Couto passes away". oHeraldo. https://www.heraldgoa.in/Goa/Padma-Shri-awardee-Maria-Aurora-Couto-passes-away/185323.