মাৰিয়া ক'ৰিনা মাচাডো
মাৰিয়া ক'ৰিনা মাচাডো María Corina Machado | |
|---|---|
২০২৩ চনত মাচাডো | |
| ভেনিজুৱেলা ৰাষ্ট্ৰীয় সভাৰ সদস্য (মিৰাণ্ডা) | |
| কাৰ্যকাল ৫ জানুৱাৰী ২০১১ – ২১ মাৰ্চ ২০১৪ | |
| উত্তৰসূৰী | ৰিকাৰ্ডো ছাঞ্জেজ মুজিকা |
| ব্যক্তিগত তথ্য | |
| জন্ম | মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ৭ অক্টোবৰ, ১৯৬৭ (৫৮ বছৰ) কাৰাকাচ, ভেনিজুৱেলা |
| ৰাজনৈতিক দল | ভেণ্টে ভেনিজুৱেলা (২০১২-বৰ্তমানলৈকে) |
| আন ৰাজনৈতিক সম্পৰ্ক |
ইউনিটেৰী প্লেটফৰ্ম গণতান্ত্ৰিক ঐক্যৰ ৰাউণ্ডটেবল Súmate (২০০১–২০১০) |
| দাম্পত্যসঙ্গী | ৰিকাৰ্ডো ছোছা (বি. ১৯৯০; বিচ্ছেদ ২০০১) |
| সন্তান | ৩ |
| শিক্ষা | আন্দ্ৰেছ বেলো কেথলিক বিশ্ববিদ্যালয় (বিজ্ঞানত স্নাতক) Instituto de Estudios Superiores de Administración(বিজ্ঞানৰ স্নাতকোত্তৰ) |
| পুৰস্কাৰ |
|
| স্বাক্ষৰ | |
মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( ইংৰাজী: María Corina Machado Parisca ; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনত ভেনিজুৱেলাৰ অভ্যুত্থানৰ প্ৰচেষ্টাক একত্ৰিত কৰিবলৈ Carmona Decree-ৰ স্বাক্ষৰকাৰী হিচাপে আৰু ভোট নিৰীক্ষণ সংস্থা ছুমাটেৰ প্ৰতিষ্ঠাপক হিচাপে ২০০২ চনত মাচাডোৱে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে।.[1] ৰাজনৈতিক দল ভেণ্টে ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে ২০১২ চনত হেনৰিক কেপ্ৰিলছৰ হাতত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাইমেৰীত পৰাভূত হৈছিল৷ ২০১৪ চনৰ ভেনিজুৱেলাৰ প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভৰ আয়োজন কৰাত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।[2]
২০২৩ চনত মাচাডোৱে বিৰোধীৰ প্ৰাইমাৰীত জয়ী হৈ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঐক্য প্ৰাৰ্থী হয়।[3] ২০২৩ চনৰ জুন মাহত ভেনিজুৱেলাৰ মহানিয়ন্ত্ৰকে তেওঁক ৰাজহুৱা পদবীৰ পৰা অযোগ্য ঘোষণা কৰিছিল, যিটো ৰায় ২০২৪ চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল।[4][5] তেওঁ ক’ৰিনা য’ৰিছক প্ৰতিস্থাপন প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়ে আৰু পিছলৈ তেওঁৰ ঠাইত এডমুণ্ডো গনজালেজ উৰুটিয়াক নিযুক্তি দিয়া হয়। ২০২৪ চনৰ আগষ্ট মাহত মাচাডোৱে মাদুৰো চৰকাৰৰ অধীনত নিজৰ জীৱন আৰু স্বাধীনতালৈ শংকা নামি অহা দেখা পাই আত্মগোপন কৰা বুলি ঘোষণা কৰে।[6]
মাচাডোৱে নিজৰ সক্ৰিয়তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। ২০২৫ চনত তেওঁ "ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত কাম আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে" শান্তিৰ নোবেল বঁটা লাভ কৰে।[7] ২০২৫ চনতে তেওঁ টাইম আলোচনীৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তালিকাভুক্ত হয়।[8]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৭ চনৰ ৭ অক্টোবৰত ভেনিজুৱেলাৰ কাৰাকাছত মাচাডোৰ জন্ম হৈছিল।[9] ট'ৰ'ৰ তৃতীয় মাৰ্কিছ চেবাষ্টিয়ান জোচে এণ্টনিঅ' ৰড্ৰিগেজ ডেল ট'ৰ' ৱাই আস্কানিঅ' (১৭৩৯–১৭৮৭)ৰ তেওঁ বংশজ আৰু মনোবিজ্ঞানী ক'ৰিনা পেৰিস্কা (১৯৪০) আৰু তীখা ব্যৱসায়ী হেনৰিক মাচাডো জুলোগা (১৯৩০–২০২৩)ৰ চাৰিগৰাকী কন্যাৰ ভিতৰত জ্যেষ্ঠ৷ হেনৰিক জুলোগা আৰ্মাণ্ডো জুলোগাৰ ভতিজা আছিল৷ আৰ্মাণ্ডো জুলোগা ভেনিজুৱেলাৰ একনায়কত্ববাদী জুয়ান ভিচেণ্টে গোমেজৰ বিৰুদ্ধে বিদ্ৰোহত নিহত হৈছিল। [10][11][12]
মাচাডোৱে আন্দ্ৰেছ বেলো কেথলিক বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক অভিযান্ত্ৰিকীত ডিগ্ৰী অৰ্জন কৰে আৰু পাছলৈ কাৰাকাছৰ ইনষ্টিটিউট ডি এষ্টুডিঅ’ছ চুপিৰিয়েৰছ ডি এডমিনিষ্ট্ৰেচন (আই ই এছ এ)ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ২০০৯ চনত ইয়েল বিশ্ববিদ্যালয়ৰ ৱৰ্ল্ড ফেল'ছ প্ৰগ্ৰেমৰ প্ৰতিনিধিও আছিল।[13][14][15]
১৯৯২ চনত তিনিটা সন্তানৰ মাতৃ মাচাডোয়ে ফাণ্ডেচন এটেনিয়া (এটেনিয়া ফাউণ্ডেশ্যন) আৰম্ভ কৰে, যিটো সংস্থাই ব্যক্তিগত অনুদান ব্যৱহাৰ কৰি অনাথ আৰু অপৰাধী কাৰাকাছৰ ৰাজপথৰ শিশুৰ যত্ন লয়৷ তেখেতে অ'পৰ্চুনিটাছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাম কৰিছিল।[14][15] ভেলেন্সিয়াৰ অটো উদ্যোগত কাম কৰাৰ পিছত ১৯৯৩ চনত তেওঁ কাৰাকাছলৈ গুচি যায়।[11] ছুমাটেত নিজৰ দায়িত্ব পালন কৰাৰ বাবে মাচাডোৱে সংস্থাটো এৰি থৈ যায় যাতে ইয়াত ৰাজনীতিকৰণ নহয়।[14]
চুমাটে
[সম্পাদনা কৰক]
২০০১ চনত হোটেলৰ লবীত মাচাডো আৰু আলেজান্দ্ৰ' প্লাজৰ মাজত খৰখেদাকৈ হোৱা সাক্ষাৎকাৰৰ ফলত স্বেচ্ছাসেৱী অসামৰিক সংস্থা ছুমাটে প্ৰতিষ্ঠা হৈছিল, য'ত তেওঁলোকে ভেনিজুৱেলাৰ বাবে সৃষ্টি হোৱা নতুন ঘটনাপ্ৰৱাহৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল।[11]
ছুমাটে ২০০৪ চনৰ গণভোটৰ বাবে ৰাষ্ট্ৰপতি হুগো চাভেজক পুনৰ নিযুক্তি দিবলৈ আবেদন অভিযানৰ নেতৃত্ব দিছিল।[16] গণভোটৰ পিছত মাচাডোকে ধৰি ছুমাটেৰ সদস্যসকলৰ বিৰুদ্ধে দণ্ডবিধিৰ ১৩২ নং অনুচ্ছেদৰ অধীনত দেশদ্ৰোহ আৰু ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হয়৷[17]আমেৰিকাৰ নেচনেল এনডাউমেণ্ট ফৰ ডেম'ক্ৰেচি (NED)ৰ পৰা তেওঁলোকৰ কাৰ্য্যকলাপৰ বাবে আৰ্থিক সহায় লাভ কৰাৰ অভিযোগেৰে তেওঁলোকক অভিযুক্ত কৰা হয়।[14]
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তটো "ৰাষ্ট্ৰপতি হুগো চাভেজৰ প্ৰচাৰৰ অংশ ... যাৰ লক্ষ্য আছিল নাগৰিক সমাজৰ সদস্যসকলক ভয়ভীত কৰোৱাই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰাত বাধা দিয়া"।[18] মানৱ অধিকাৰ আৰু গণতন্ত্ৰ গোট,[19][20] ভেনিজুৱেলাত থকা আমেৰিকাৰ দূতাবাস,[21] আৰু বিশ্বৰ নেতাসকলৰ মিত্ৰজোঁটে এই কাৰ্যক নিন্দা কৰে।[22] মাচাডোৱে চাভেজৰ প্ৰতি ভেনিজুৱেলাৰ লোকসকলৰ সমৰ্থন স্বীকাৰ কৰি কয় যে: "আমি যিবোৰ ইতিবাচক কাম কৰিছোঁ সেইবোৰক স্বীকাৰ কৰিব লাগিব", কিন্তু তেওঁ কয় যে ৰাষ্ট্ৰপতিজন "ক্ৰমাৎ অসহিষ্ণু হৈ পৰিছে.."।[12]
২০০৬ চনৰ আগষ্ট মাহত মাচাডো আৰু প্লাজক চুমাটেৰ পুঁজিৰ বিষয়ে তদন্তৰ বাবে ৰাষ্ট্ৰীয় বিধানসভাৰ বিধায়কসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকক লগ কৰিবলৈ তাত কোনো নাছিল৷ তেওঁলোকে কৈছিল যে-তেওঁলোকে উপস্থিতিৰ অনুৰোধ জনোৱা দুখন পত্ৰ পাইছিল। [23] ২০০২ চনৰ অভ্যুত্থানৰ সময়ত Carmona Decree-ত স্বাক্ষৰ কৰাৰ বাবেও তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল,[12][24] যেতিয়া তেওঁক ৰাষ্ট্ৰপতি ভৱন ভ্ৰমণ কৰা সময়ত নিজৰ নাম লিখিবলৈ মিছাকৈ নিৰ্দেশ দিয়া হৈছিল, যিখন তেওঁ এখন Sign-in কাগজ বুলি ভাবিছিল।[12][24] ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত এই বিচাৰ স্থগিত ৰখা হৈছিল আৰু ইয়াক অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে, আৰু ফলপ্ৰসূভাৱে খাৰিজ কৰা হৈছে।[25][26]
ৰাজনৈতিক দৃষ্টিভংগী
[সম্পাদনা কৰক]মাচাডো চাভিমো বিৰোধী আৰু ভেনিজুৱেলাৰ বিৰোধীৰ অন্যান্য শ্ৰেণীৰ সৈতেও তেওঁৰ মতানৈক্য আছে।[27][28][29]২০১১ চনত তেওঁ "জনপ্ৰিয় পুঁজিবাদ"ৰ প্ৰচাৰক হিচাপে প্ৰচাৰ চলায়।[29] মাচাডোৱে ভেনিজুৱেলাৰ চৰকাৰী সংস্থাসমূহৰ ব্যক্তিগতকৰণৰ সমৰ্থন কৰে, য'ত তেল কোম্পানী পিডিভিএছএও অন্তৰ্ভুক্ত।[30][28] ভেনিজুৱেলাৰ সংকটৰ সময়ত মাচাডোৱে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাক সমৰ্থন কৰিছিল,[30] আৰু মানৱীয় ভিত্তিত মাদুৰোক আঁতৰাবলৈ বিদেশী হস্তক্ষেপৰ পোষকতা কৰিছিল।[31][32] ২০২৩ চনত বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাইমাৰীত প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।.[33][34] পৰৱৰ্তী সময়ত মাদুৰো প্ৰশাসনে তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰে।[35] তাৰ পিছত তেওঁ মূল বিৰোধী প্ৰাৰ্থী এডমুণ্ডো গনজালেজৰ মূল চালিকা শক্তি হৈ পৰে, যাক মাদুৰো শাসনে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়ে।[36]
ঘৰুৱাভাৱে মাচাডোৱে ভেনিজুৱেলাৰ ৰাজনৈতিক কাৰ্যালয়ত পুনৰ নিৰ্বাচন নিষিদ্ধ কৰাৰ আহ্বান জনাইছে। ভেনিজুৱেলাত সমলিংগ বিবাহৰ তেওঁ পক্ষপাতী৷ তেওঁ চিকিৎসাত ভাং বৈধকৰণৰ সমৰ্থন কৰে৷ ইয়াৰ লগতে তেওঁ গৰ্ভপাতৰ বৈধতা সম্পৰ্কে ৰাষ্ট্ৰীয় বিতৰ্কৰ আহ্বান জনাইছে।[37]
২০২৪ চনৰ এক সাক্ষাৎকাৰত মাচাডোৱে সকলো ভেনিজুৱেলাবাসীৰ বাবে শিক্ষা উপলভ্য কৰাৰ কথা কয়, আৰু ভেনিজুৱেলাৰ ন্যায়পালিকাৰ সংস্কাৰৰ কথা দোহাৰে।[38]
২০১১ চনৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীত্ব
[সম্পাদনা কৰক]২০১১ চনত মাচাডোৱে ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব আৰম্ভ কৰে।[39] লছ এঞ্জেলছ টাইমছে কয় যে তেওঁৰ নাম সম্ভাৱ্য প্ৰাৰ্থী হিচাপে উত্থাপন কৰা হৈছে৷[40] ফাইনেন্সিয়েল টাইমছৰ মতে, মাচাডোক "বিৰোধীৰ নতুন মুখ বুলি অভিহিত কৰা হৈছিল... আনকি ৰাষ্ট্ৰপতি হুগো চাভেজেও ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ সৈতে মুখামুখি হোৱাৰ কথা কৈছে।"[41]
২০১২ চনৰ ১৩ জানুৱাৰীত চাভেজে ৰাষ্ট্ৰীয় বিধানসভাত দিয়া বাৰ্ষিক ৰাষ্ট্ৰৰ অৱস্থাৰ ভাষণৰ সময়ত মাচাডোৱে তেওঁৰ সৈতে মৌলিক সামগ্ৰীৰ নাটনি, অপৰাধ আৰু মৌলিক উদ্যোগসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ বিষয়ে মুখামুখি হয়।[42] ২০১২ চনৰ প্ৰাইমাৰীত অক্টোবৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত চাভেজৰ বিৰুদ্ধে বিৰোধী প্ৰাৰ্থী হ'বলৈ বিজয়ী হৈছিল হেনৰিক কেপ্ৰিলেছ ৰাডনস্কি৷ এছ'চিয়েটেড প্ৰেছৰ মতে, মাচাডোৱে "ফল ঘোষণা কৰাৰ আগতে পৰাজয় স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে তেওঁ কেপ্ৰিলেছকো সক্ৰিয়ভাৱে সমৰ্থন কৰিব"।[43]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মাচাডোৰ বিবাহ বিচ্ছেদ হৈছে আৰু তেওঁৰ তিনিটা সন্তান আছে৷[10] স্বদেশত মৃত্যুৰ ভাবুকি অহাৰ বাবে তেওঁৰ সন্তানসকল বিদেশত থাকে।[44]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ২০০৯ চনত ৯০০ আবেদনকাৰীৰ ভিতৰত মাচাডোক য়েল ৱৰ্ল্ড ফেল’ছ প্ৰগ্ৰেমত গ্ৰহণ কৰা ১৫ জনৰ ভিতৰত এজন হিচাপে নিৰ্বাচিত কৰা হয়। [45] পিছলৈ মাচাডোৱে এই কাৰ্যসূচীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[10]
- ২০১৫ চনত তেওঁক কাডিজ কৰ্টেছ আইবেৰ'-আমেৰিকান স্বাধীনতা বঁটাৰে সন্মানিত কৰা হয়।[46]
- ২০১৮ চনত মাচাডোক বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।[47]
- ২০১৯ চনত মাচাডোৱে লিবাৰেল ইণ্টাৰনেশ্যনেলৰ পৰা স্বাধীনতাৰ বঁটা লাভ কৰে।[48] [49]
- মাচাডোক ইউৰোপ পৰিষদে ২০২৪ চনৰ ভাক্লাভ হাভেল মানৱ অধিকাৰ বঁটা প্ৰদান কৰে।[50] [51]
- ২০২৫ চনৰ এপ্ৰিল মাহত তেওঁক টাইম আলোচনীৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।[52]
- ২০২৫ চনৰ ১০ অক্টোবৰত মাচাডোৱে "ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ অক্লান্ত কাম আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে" শান্তি নোবেল বঁটা লাভ কৰে।[53][54][55]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Comunicado de Súmate sobre renuncia de María Corina Machado". El Universal. 12 February 2010. http://www.eluniversal.com/2010/02/12/pol_esp_comunicado-de-sumate_12A3426731.shtml..
- ↑ Kurmanaev, Anatoly (23 December 2014). "Venezuela Protests Drive Poor to Maduro as Death Toll Mounts". Business Week. http://www.businessweek.com/news/2014-03-13/middle-class-protesting-venezuela-shortages-drive-poor-to-maduro.
- ↑ Garcia Cano, Regina (26 October 2023). "María Corina Machado is winner of Venezuela opposition primary that the government has denounced". Associated Press. https://apnews.com/article/venezuela-opposition-primary-machado-winner-5d3c4c4b9a4cd42f52729fc0e798954f.
- ↑ Armas, Mayela; Sequera, Vivian (30 June 2023). "Venezuela opposition candidate Machado barred from holding office-gov't" (en ভাষাত). Reuters. https://www.reuters.com/world/americas/venezuela-opposition-candidate-machado-barred-holding-office-govt-2023-06-30/.
- ↑ "Venezuela's Supreme Court disqualifies opposition leader from running for president" (en ভাষাত). Le Monde.fr. 27 January 2024. https://www.lemonde.fr/en/international/article/2024/01/27/venezuela-s-supreme-court-disqualifies-opposition-leader-from-running-for-president_6469941_4.html। আহৰণ কৰা হৈছে: 8 March 2024.
- ↑ Vipers, Gareth (10 October 2025). "Nobel Peace Prize Awarded to Venezuelan Opposition Leader María Corina Machado". The Wall Street Journal. https://www.wsj.com/world/americas/nobel-peace-prize-2025-maria-corina-machado-6b41aa02। আহৰণ কৰা হৈছে: 10 October 2025.
- ↑ Announcement, Nobel Peace Prize 2025. . NobelPrize.org (Nobel Foundation). 10 October 2025. https://www.nobelprize.org/prizes/peace/2025/press-release/। আহৰণ কৰা হৈছে: 10 October 2025.
- ↑ "María Corina Machado: The 100 Most Influential People of 2025" (en ভাষাত). TIME. 16 April 2025. Archived from the original on 12 October 2025. https://web.archive.org/web/20251012231711/https://time.com/collections/100-most-influential-people-2025/7273783/maria-corina-machado/। আহৰণ কৰা হৈছে: 17 April 2025.
- ↑ Machado, María Corina. "Mi experiencia" (es ভাষাত). Archived from the original on 22 March 2010. https://web.archive.org/web/20100322195217/http://www.mariacorina2010.com/?module=bio। আহৰণ কৰা হৈছে: 25 April 2010.
- ↑ 10.0 10.1 10.2 "María Corina" (es ভাষাত). Vente Venezuela. 14 September 2016. http://www.ventevenezuela.org/mariacorina/। আহৰণ কৰা হৈছে: 3 May 2017.
- ↑ 11.0 11.1 11.2 Boustany, Nora (9 July 2004). "Signing On To Challenge Hugo Chavez". The Washington Post: পৃষ্ঠা A.15. সাঁচ:ProQuest. https://www.washingtonpost.com/wp-dyn/articles/A37649-2004Jul8.html.
- ↑ 12.0 12.1 12.2 12.3 Forero, Juan (19 November 2005). "The Saturday Profile; Venezuela's Best-Loved, or Maybe Most-Hated, Citizen". The New York Times: পৃষ্ঠা A4. সাঁচ:ProQuest. https://query.nytimes.com/gst/fullpage.html?res=9D04E3D91E3EF93AA25752C1A9639C8B63.
- ↑ "Maria Corina Machado". Yale Jackson School of Public Affairs. 2009. https://worldfellows.yale.edu/maria-corina-machado। আহৰণ কৰা হৈছে: 25 October 2023.
- ↑ 14.0 14.1 14.2 14.3 O'Grady, Mary A. (10 June 2005). "A Young Defender of Democracy Faces Chávez's Wrath". The Wall Street Journal: পৃষ্ঠা A9. সাঁচ:ProQuest.
- ↑ 15.0 15.1 "María Corina Machado". El Universal. 24 April 2006. Archived from the original on 22 January 2013. https://archive.today/20130122080800/http://english.eluniversal.com/2006/04/24/en_97a_art_23A696905.shtml.
- ↑ "Chavez Calls Watchdog Group a Top Enemy". CBS News. 3 December 2005. Previously at this link[সংযোগবিহীন উৎস], also available at LexisNexis and archive.wn.com. Accessed 24 February 2010.
- ↑ "Venezuela: Court Orders Trial of Civil Society Leaders". Human Rights Watch. 7 July 2005. https://www.hrw.org/en/news/2005/07/07/venezuela-court-orders-trial-civil-society-leaders। আহৰণ কৰা হৈছে: 24 February 2010.
- ↑ "Chávez intends to frighten opposition with NGO Súmate trial, says US spokesman". El Universal. July 2006. Archived from the original on 15 August 2011. https://web.archive.org/web/20110815174609/http://english.eluniversal.com/2005/07/08/en_pol_art_08A576195.shtml.
- ↑ "Venezuela: Court Orders Trial of Civil Society Leaders". Human Rights Watch. 7 July 2005. http://hrw.org/english/docs/2005/07/08/venezu11299.htm। আহৰণ কৰা হৈছে: 26 October 2023.
- ↑ "Democracy Activists in Venezuela Threatened". World Movement for Democracy. 16 July 2004. Archived from the original on 30 March 2006. https://web.archive.org/web/20060330020217/http://www.wmd.org/democracyalerts/july1504.html। আহৰণ কৰা হৈছে: 8 June 2006.
- ↑ "Súmate Trial Decision". Embassy of the United States, Venezuela. 8 July 2005. Archived from the original on 10 March 2007. https://web.archive.org/web/20070310164342/http://caracas.usembassy.gov/wwwh2678.html। আহৰণ কৰা হৈছে: 18 June 2006.
- ↑ "International Coalition Expresses Concern for Democracy in Venezuela: Havel, Albright, McCain among signatories of letter to Chavez". National Endowment for Democracy. 11 November 2004. Archived from the original on 10 March 2005. https://web.archive.org/web/20050310172138/http://www.ned.org/press/pr111104.html। আহৰণ কৰা হৈছে: 15 August 2006.
- ↑ "Lawmakers fail to interrogate Súmate directors". El Universal. 1 August 2006. Archived from the original on 7 July 2012. https://archive.today/20120707175635/http://english.eluniversal.com/2006/08/01/en_pol_art_01A757243.shtml.
- ↑ 24.0 24.1 Ceaser, Mike (5 July 2005). "Anti-Chávez leader under fire". Christian Science Monitor. https://www.csmonitor.com/2005/0705/p06s01-woam.html.
- ↑ A Decade Under Chávez: Political Intolerance and Lost Opportunities for Advancing Human Rights in Venezuela. Human Rights Watch. September 2008. পৃষ্ঠা. 218. https://www.hrw.org/sites/default/files/reports/venezuela0908web.pdf। আহৰণ কৰা হৈছে: 24 January 2010.
- ↑ Garcia Cano, Regina (13 July 2023). "Venezuela government's ban on longtime foe draws attention to the opposition's presidential primary". Associated Press News. https://apnews.com/article/venezuela-opposition-primary-election-maduro-crisis-cda408a6089e2bae695b0f9c946a4118.
- ↑ Santaeulalia, Inés; Singer, Florantonia (27 June 2023). "María Corina Machado: The radical opposition leader gaining momentum in Venezuela" (en-us ভাষাত). https://english.elpais.com/international/2023-06-27/maria-corina-machado-the-radical-opposition-leader-gaining-momentum-in-venezuela.html.
- ↑ 28.0 28.1 Maza, Jesús (30 June 2023). "¿Quién es Corina Machado, candidata opositora que lidera las encuestas para las Primarias 2023?" (es-VE ভাষাত). https://larepublica.pe/mundo/venezuela/2023/06/18/primarias-2023-quien-es-maria-corina-machado-candidata-opositora-que-lidera-las-encuestas-en-venezuela-mom-noticias-venezuela-vente-venezuela-lrtmv-1463058.
- ↑ 29.0 29.1 Pinero, Jesus (19 November 2018). "María Corina Machado, la dama de acero" (es ভাষাত). https://elestimulo.com/climax/perfil/2018-11-19/maria-corina-machado-la-dama-de-acero/.
- ↑ 30.0 30.1 Daniels, Joe (29 June 2023). "Venezuela's opposition frontrunner warns of further turmoil". Financial Times. https://www.ft.com/content/28d1ced0-81bf-40ca-be8b-2ca2a42c3a13.
- ↑ Venezuela: What Lies Ahead after Election Clinches Maduro's Clean Sweep. International Crisis Group. 2020. পৃষ্ঠা. 5–10.
- ↑ Phillips, Tom; Torres, Patricia (4 May 2019). "'Hope never dies': Venezuela opposition ponders what's next after failed uprising" (en-GB ভাষাত). The Guardian. ISSN 0029-7712. https://www.theguardian.com/world/2019/may/04/venezuela-uprising-coup-attempt-opposition-whats-next.
- ↑ "María Corina: La derrota de este régimen ya empezó en las calles de Venezuela" (es ভাষাত). Efecto Cocuyo. 24 June 2023. http://efectococuyo.com/politica/maria-corina-machado-se-postula-a-primarias-la-derrota-de-este-regimen-ya-empezo-en-las-calles-de-venezuela/। আহৰণ কৰা হৈছে: 22 October 2023.
- ↑ "María Corina Machado arrasa en las primarias de la oposición en Venezuela" (es ভাষাত). El País. 23 October 2023. https://elpais.com/america/2023-10-23/maria-corina-machado-arrasa-en-las-primarias-de-la-oposicion-en-venezuela.html। আহৰণ কৰা হৈছে: 19 November 2023. "[...] buscaba el final por la fuerza de Maduro con la ayuda de EE UU [...] Ahora, la candidata está decidida a echar al chavismo por la vía electoral"
- ↑ Schmidt, Samantha; Sands, Leo (29 July 2024). "World leaders cast doubt on Maduro’s claim of victory in Venezuelan election" (en-US ভাষাত). Washington Post. ISSN 0190-8286. https://www.washingtonpost.com/world/2024/07/29/venezuela-presidential-election-result-maduro/.
- ↑ Turkewitz, Julie; Herrera, Isayen; Fernandez, Adriana Loureiro (24 July 2024). "The ‘Iron Lady’ of Venezuela Threatens to Unseat Its Autocrat" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2024/07/24/world/americas/venezuela-election-opposition-machado.html.
- ↑ Toro, Felipe (31 May 2023). "María Corina Machado: 'We Must Privatize PDVSA'" (en-US ভাষাত). Caracas Chronicles. https://www.caracaschronicles.com/2023/05/31/maria-corina-machado-we-must-privatize-pdvsa/। আহৰণ কৰা হৈছে: 11 July 2023.
- ↑ Pozzebon, Stefano (26 July 2024). "The woman behind Venezuela’s upstart opposition movement" (en ভাষাত). CNN. https://edition.cnn.com/2024/07/25/americas/maria-corina-machado-interview-intl-latam/index.html। আহৰণ কৰা হৈছে: 16 August 2024.
- ↑ de la Rosa, Alicia (11 July 2011). "Diputada Machado anunciará su precandidatura el próximo domingo". El Universal. Archived from the original on 12 July 2011. https://web.archive.org/web/20110712234113/http://politica.eluniversal.com/2011/07/11/diputada-machado-anunciara-su-precandidatura-el-proximo-domingo.shtml.
- ↑ Mogollon, Mery and Chris Kraul (28 September 2010). "Venezuela elections weaken Chavez's hold". Los Angeles Times. http://www.latimes.com/news/nationworld/world/la-fg-venezuela-election-20100928,0,6406505.story. Also at সাঁচ:ProQuest
- ↑ Mander, Benedict (28 September 2010). "Venezuela's opposition claims majority". Financial Times. https://www.ft.com/content/064cc06a-cb30-11df-95c0-00144feab49a.
- ↑ Wallis, Daniel and Andrew Cawthorne (14 January 2012). "Chavez says would respect Venezuela vote if loses". Reuters. https://www.reuters.com/article/us-venezuela-chavez/chavez-says-would-respect-venezuela-vote-if-loses-idUSTRE80D06Y20120114.
- ↑ "Venezuela's opposition picks Chavez's challenger". USA today. Associated Press. 12 February 2012. https://www.usatoday.com/news/world/story/2012-02-12/venezuela-chavez-challenger/53065674/1.
- ↑ 'The world is starting to understand we will defeat Maduro,' says Venezuelan opposition politician. CNN. 8 July 2023. Event occurs at 9:00. Retrieved 28 October 2023.
- ↑ "Yale University President Announces 2009 Yale World Fellows". Yale News. 24 April 2009. http://news.yale.edu/2009/04/24/yale-university-president-announces-2009-yale-world-fellows। আহৰণ কৰা হৈছে: 6 January 2015.
- ↑ "López, Ledezma y Machado galardonados con el Premio Libertad Cortes de Cádiz". El Nacional. 12 June 2015. http://www.el-nacional.com/politica/Ledezma-Machado-Premio-Libertad-Cortes_0_645535488.html.
- ↑ "BBC 100 Women 2018: Who is on the list?" (en-GB ভাষাত). BBC News. 19 November 2018. https://www.bbc.com/news/world-46225037.
- ↑ "LI Prize for Freedom 2019 awarded to Maria Corina Machado". liberal-international.org. 8 October 2019. https://liberal-international.org/news-articles/li-prize-for-freedom-2019-awarded-to-maria-corina-machado/। আহৰণ কৰা হৈছে: 21 November 2020.
- ↑ "2009: Maria Corina Machado". Yale University. 2009. https://worldfellows.yale.edu/person/maria-corina-machado/। আহৰণ কৰা হৈছে: 1 October 2024.
- ↑ "Venezuelan opposition figure Machado wins European rights award". France24. 30 September 2024. https://www.france24.com/en/europe/20240930-venezuelan-opposition-figure-machado-wins-european-rights-award.
- ↑ "Venezuelan opposition leaders awarded Europe's Sakharov Prize for democratic campaign". Reuters. https://www.reuters.com/world/americas/venezuelan-opposition-leaders-machado-gonzales-awarded-sakharov-prize-2024-10-24/.
- ↑ "María Corina Machado: The 100 Most Influential People of 2025" (en ভাষাত). TIME. 16 April 2025. Archived from the original on 12 October 2025. https://web.archive.org/web/20251012231711/https://time.com/collections/100-most-influential-people-2025/7273783/maria-corina-machado/। আহৰণ কৰা হৈছে: 17 April 2025.
- ↑ Announcement, Nobel Peace Prize 2025. . NobelPrize.org (Nobel Foundation). 10 October 2025. https://www.nobelprize.org/prizes/peace/2025/press-release/। আহৰণ কৰা হৈছে: 10 October 2025.
- ↑ Vipers, Gareth (10 October 2025). "Nobel Peace Prize Awarded to Venezuelan Opposition Leader María Corina Machado". The Wall Street Journal. https://www.wsj.com/world/americas/nobel-peace-prize-2025-maria-corina-machado-6b41aa02। আহৰণ কৰা হৈছে: 10 October 2025.
- ↑ "The 2025 Nobel Peace Prize Announced - Food Formula" (en-US ভাষাত). foodformula.site. https://foodformula.site/the-2025-nobel-peace-prize-announced/। আহৰণ কৰা হৈছে: 10 October 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত মাৰিয়া ক'ৰিনা মাচাডো সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
