সমললৈ যাওক

মাৰিয়া ডি ভেণ্টাডৰ্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰয়োদশ শতিকাৰ এটা শিল্পকৰ্মত গৌচেলম ফেইডিট আৰু মেৰী ডি ভেণ্টাডুৰ

মাৰিয়া ডি ভেণ্টাডৰ্ন (বা ভেণ্টেডৰ্ন) দ্বাদশ শতিকাৰ শেষৰ ফালে ট্ৰুবাড'ৰ(Troubadour) কবিতাৰ পৃষ্ঠপোষক আছিল। [1] মাৰিয়া টুৰিণৰ ভিচকাউণ্ট ৰেমণ্ড দ্বিতীয় আৰু এলিচ ডি চেভেৰাকৰ তিনিজনী কন্যাৰ ভিতৰৰ এগাৰকী আছিল॥[2] তিনিওগৰাকী জীয়েক বাৰ্ট্ৰান ডি বৰ্ণৰ মতে “সমগ্ৰ বিশ্বৰ সৌন্দৰ্য্যৰ’’ অধিকাৰী আছিল।[2] মাৰিয়াৰ জন্ম তাৰিখ জনা নাযায়; মৃত্যুৰ চন ১২২২ বুলি ধাৰণা কৰা হয়। বিভিন্ন পুথিত তেওঁৰ নাম মাৰিয়া ডি টুৰেণ আৰু মাৰ্গাৰেট ডি টুৰেণ বুলিও পোৱা যায়। তেওঁ, ভেণ্টডুৰৰ (ক’ৰেজ, ফ্ৰান্স) ভিছকাউণ্ট এবল পঞ্চমৰ সৈতে বিবাহপাশত আবদ্ধ হয়; তেওঁলোকৰ এজন পুত্ৰ এবল (VI)[2] যিয়ে ডাউফিন দে লা ট্যুৰ ডি অভাৰ্গনক বিয়া কৰাইছিল আৰু এগৰাকী কন্যা এলিক্স বা আলাছিয়া আছিল।[3]

মাৰিয়াৰ স্বামী এবল তৃতীয়ৰ নাতি আছিল আৰু ট্ৰবুডৰ বাৰ্ণেষ্ট ড ভেণ্টাডৰ্ণৰ পৃষ্ঠপোষক আছিল আৰু এবল লে চেণ্টুনৰ আজোনাতি, যাক ট্ৰবুডৰ লিখনি পদ্ধতিৰ এজন সৃষ্টিকৰ্তা বুলি বিবেচনা কৰা হয়।[2]

ট্ৰবুডৰে গ'চেলম ফেইডিট, ডা মংক অফ মণ্ট'ডন, গ'ছবাৰ্ট ডি পুইচিবট, পন্স ডি কেপডুয়েল, গুইৰাউট ডি কেচেৰিঅ’, বাৰ্ট্ৰান ডি বাৰ্ণ আৰু গুই ডি'উচেলকে ধৰি কেইবাজনো ট্ৰবুডৰৰ লেখনীত মাৰিয়াক সম্বোধন বা উল্লেখ কৰা হৈছে।[2] বায়'গ্ৰাফীজ ডীছ ট্ৰবুড'ৰছত লুচিগনানৰ নৱম হিউক মাৰিয়াৰ "নাইট" বুলি এটি কাব্যিক লেখা অন্তৰ্ভুক্ত কৰা হৈছে।[2]

মাৰিয়া ডি ভেণ্টাডৰ্ণ এগৰাকী ট্ৰব’ৰিজ হিচাপে বিশেষ এটি কবিতাৰ কাব্যিক বিতৰ্কৰ বাবে স্থান দখল কৰিছে, যিটো কবিতা তেওঁ গুইডিউচে’লৰ লগত ৰচনা কৰিছিল।[2][4] কবিতাটোত বিতৰ্কৰ বিষয়টো আছিল এনে ধৰণৰ,- “এজন পুৰুষে যেতিয়া এগৰাকী মহিলাৰ মন জয় কৰাত কৃতকাৰ্য হয়, তাৰ পিছত সেই পুৰুষজন মহিলাগৰাকীৰ সমান হৈ যায় নে তেওঁৰ দাস হৈ যায়। ’’ মাৰিয়াৰ মতে পিছৰটোহে।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Kehew (2005). Robert Kehew. ed. Lark in the morning : the verses of the troubadours (A bilingual সম্পাদনা). প্ৰকাশক Chicago: University of Chicago Press. পৃষ্ঠা. 175–79. ISBN 0226429334. https://archive.org/details/trent_0116405692280/page/175. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Samuel N. Rosenberg, ed (1998). Songs of the troubadours and trouvéres : an anthology of poems and melodies. প্ৰকাশক New York [u.a.]: Garland. পৃষ্ঠা. 151–153. ISBN 0815313411. 
  3. Julie Anne Sadie, ed (1994). The Norton Grove dictionary of women composers (1. American সম্পাদনা). প্ৰকাশক New York [u.a.]: Norton. পৃষ্ঠা. 314. ISBN 0393034879. https://archive.org/details/nortongrovedicti00sadi/page/314. 
  4. Songs of the women troubadours. প্ৰকাশক New York [u.a.]: Garland. 1995. ISBN 0815308175.