সমললৈ যাওক

মাৰিয়া তুৰপাকাই ৱাজিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰিয়া টুৰপাকাই ৱাজিৰ
জন্ম ২২ নৱেম্বৰ, ১৯৯০ (৩৫ বছৰ)[1]
বান্নু, খায়বৰ পাখটুনখাৱা
উচ্চতা ১৬৭ চে:মি:
ওজন ৭১ কেজি

মাৰিয়া টুৰপাকাই ৱাজিৰ (ইংৰাজী: Maria Toorpakai Wazir; জন্ম:- ২২ নৱেম্বৰ, ১৯৯০) এগৰাকী পেছাদাৰী পাকিস্তানী স্কোৱাছ খেলুৱৈ। মুছলমান ছোৱালী হিচাপে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰিবলৈ জীৱনৰ প্ৰথম ১৬ বছৰ ল'ৰাৰ দৰে তেওঁ সাজ-পোছাক পিন্ধিছিল আৰু চেংগিছ খান নাম ব্যৱহাৰ কৰিছিল৷ তেওঁক পিতৃ-মাতৃয়ে সম্পূৰ্ণ সমৰ্থন কৰিছিল৷[2]

১২ বছৰ বয়সত ভাৰোত্তোলনত ল’ৰাক পৰাস্ত কৰাৰ পিছত তুৰপাকাই স্কোয়াছ খেলিবলৈ ল'লে আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলগীয়া হোৱাৰ বাবে ল’ৰাৰ অভিনয় এৰি দিলে। ২০০৬ চনত তেওঁ পেছাদাৰীভাৱে আন্তঃৰাষ্ট্ৰীয় স্কোয়াছ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা প্ৰথমগৰাকী জনজাতীয় পাকিস্তানী ছোৱালী হিচাপে পৰিগণিত হয়। ২০০৭ চনৰ আগষ্ট মাহত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ছালাম পাকিস্তান বঁটা প্ৰদান কৰে। তালিবানে ভাবুকি দিয়াৰ পাছত তেওঁ ৩ বছৰ ঘৰত আবদ্ধ হৈ থাকে। ২০০৯ চনত তেওঁ বিশ্ব জুনিয়ৰ মহিলা স্কোয়াছ চেম্পিয়নশ্বিপত তেওঁ তৃতীয় স্থান লাভ কৰে। ২০১১ চনত জোনাথন পাৱাৰৰ সৈতে প্ৰশিক্ষণ ল’বলৈ কানাডাৰ অণ্টাৰিঅ’ৰ টৰণ্টোত উপস্থিত হয়৷ ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁৰ সৰ্বোচ্চ বিশ্ব ৰেংকিং আছিল ৪১ নম্বৰ।[3] ২৬ বছৰ বয়সত তেওঁ পাকিস্তানৰ সৰ্বোচ্চ ৰেংকিঙৰ মহিলা স্কোয়াছ খেলুৱৈ আছিল, আৰু আই অ’ চিৰ মহিলা ক্ৰীড়া আয়োগত নিযুক্তি লাভ কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯০ চনৰ ২২ নৱেম্বৰত আফগানিস্তানৰ সীমান্তৱৰ্তী উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় অঞ্চল বান্নুৰ ড'মেলত মাৰিয়া টুৰপাকাইৰ জন্ম হয়।[1] তেওঁৰ জন্মস্থলী অঞ্চলটোত তালিবানৰ উপস্থিতিৰ পিছতো মহিলাৰ অধিকাৰৰ প্ৰতি তেওঁৰ শিক্ষক মাতৃ-পিতৃ দায়বদ্ধ আছিল। তেওঁৰ ভগ্নী আইছা গুলালা এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে জনজাতীয় অঞ্চলৰ মহিলাসকলক সবলীকৰণৰ বাবে কাম কৰে।[5]

অতি ৰক্ষণশীল জনজাতীয় অঞ্চলত ছোৱালীক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নহ’লেও সৰুতে তুৰপাকাই বাহিৰত খেলি ভাল পাইছিল। ৪ বছৰ বয়সত পিতৃ-মাতৃয়ে তেওঁক ল’ৰাৰ কাপোৰ পিন্ধিবলৈ অনুমতি দিছিল আৰু ৭ বছৰ বয়সলৈকে তেওঁ ল’ৰা হিচাপে জীয়াই আছিল। পঞ্চম শ্ৰেণীৰ আগতে তেওঁ সকলো ড্ৰেছ জ্বলাই দিলে। তেওঁৰ দেউতাকে তেওঁৰ টমবয় ভনীয়েকৰ সৈতে সাদৃশ্য দেখিছিল৷ তেওঁ ভাবিছিল যে "ছোৱালীজনীয়ে মূলতঃ ভগ্ন হৃদয়ৰ বাবেই মৃত্যুবৰণ কৰিছে, কাৰণ তেওঁক জীৱনটো বিচৰাধৰণে জীয়াই থাকিবলৈ দিয়া হোৱা নাছিল।"[6]

২০০২ চনত তুৰপাকাইৰ পিতৃয়ে "তেওঁৰ নেতিবাচক শক্তিক একত্ৰিত কৰিবলৈ" পেছাৱাৰত ভাৰোত্তোলনত অংশগ্ৰহণ কৰোৱায় আৰু চেংগিছ খান নামেৰে জীয়েকক চিনাকি কৰাই দিয়ে৷ [1] দেউতাকৰ স্পষ্ট সমৰ্থনত তেওঁ ল’ৰা হিচাপে প্ৰশিক্ষণ লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১২ বছৰ বয়সত তেওঁ লাহোৰত জুনিয়ৰ চেম্পিয়নশ্বিপ লাভ কৰে, আৰু বাধ্যতামূলক ওজনৰ বাবে কাপোৰ পিন্ধি ৰাখিবলৈ সক্ষম হয়৷ তেওঁৰ ভায়েকে কাপোৰ খুলিবলৈ অস্বীকাৰ কৰিছিল৷ ভাৰোত্তোলন কৰা ঠাইত স্কোয়াছ পৰ্যবেক্ষণ কৰাৰ পিছত মাৰিয়া স্কোয়াছৰ প্ৰতি মোহিত হৈ পৰে আৰু ইয়াক তেওঁৰ পৰৱৰ্তী প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰে৷ তেওঁৰ দেউতাকে তেওঁক স্কোয়াছ একাডেমীলৈ লৈ গ’ল আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলগীয়া হোৱাৰ পিছত তেওঁক ল’ৰাৰ অভিনয় কৰিবলৈ দিলে। এদিন লিংগৰ সত্যতা ফাদিল হৈ পৰিল আৰু তেওঁৰ কোনো প্ৰশিক্ষণৰ অংশীদাৰ বা প্ৰশিক্ষক নাপালে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁ নিজেই প্ৰশিক্ষণ লৈছিল।[6] তেওঁক আন খেলুৱৈ,[7] ল'ৰা আৰু পুৰুষ উভয়েই মানসিকভাৱে হাৰাশাস্তি কৰিছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Maria Toorpakai Wazir. TEDxTeen (video). 29 March 2013. Archived from the original on 22 March 2013. Retrieved 26 March 2013. Unknown parameter |url-status= ignored (help)
  2. Toorpakai, Maria; Holstein, Katherine (3 May 2016). A Different Kind of Daughter. Twelve. পৃষ্ঠা. 4–5. ISBN 978-1-4555-9140-4.
  3. "Squash Info | Maria Toorpakai Wazir | Squash". www.squashinfo.com. https://www.squashinfo.com/player/1288-maria-toorpakai-wazir আহৰণ কৰা হৈছে: 2022-11-11.
  4. "Squash Info | Pakistan's Toorpakai Appointed to IOC Women in Sport Commission | Squash". www.squashinfo.com. Archived from the original on 2022-11-11. https://web.archive.org/web/20221111015453/http://www.squashinfo.com/news/6955-pakistans-toorpakai-appointed-to-ioc-women-in-sport-commission আহৰণ কৰা হৈছে: 2022-11-11.
  5. Zahid Gishkori (6 June 2013). "Inspired by Benazir, PTI's Aisha Gulalai seeks empowerment of tribal women". The Express Tribune Pakistan. http://tribune.com.pk/story/559692/inspired-by-benazir-ptis-aisha-gulalai-seeks-empowerment-of-tribal-women/ আহৰণ কৰা হৈছে: 16 May 2016.
  6. 1 2 Terry Gross (4 May 2016). To Play Sports Under Taliban Rule, 'Different Kind Of Daughter' Dressed As A Boy (Radio). Philadelphia: NPR, Fresh Air. Archived from the original on 26 July 2018. Retrieved 4 April 2018. Unknown parameter |url-status= ignored (help)
  7. "Maria Toorpakai: The Pakistani squash star who had to pretend to be a boy". BBC News Magazine. 20 March 2013. https://www.bbc.co.uk/news/magazine-21799703.