সমললৈ যাওক

মাৰিয়া পিয়া আব্ৰাচিঅ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰিয়া পিয়া আব্ৰাচিঅ’
জন্ম মাৰিয়া পিয়া আব্ৰাচিঅ’
মিলান, ইটালী
ৰাষ্ট্ৰীয়তা ইটালীয়ান
পেচা ঔষধ বিজ্ঞানী
জনা যায় পিউৰিনাৰ্জিক ৰিচেপ্টৰ চিনাক্তকৰণ (GPR17)

মাৰিয়া পিয়া আব্ৰাচিঅ’ ইটালীৰ এগৰাকী ঔষধবিজ্ঞানী যিয়ে কোষীয় পৰ্যায়ত ঔষধৰ জৈৱ-ৰাসায়নিক প্ৰভাৱৰ ওপৰত গৱেষণা কৰে। সমগ্ৰ বিশ্বতে গৱেষণা কৰি আহিছে আৰু ২০০৬ চনৰ পৰা থমছন ৰয়টাৰে সৰ্বাধিক উদ্ধৃত বিজ্ঞানী হিচাপে নাম উল্লেখ কৰা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম। ২০১৪ চনত তেওঁৰ ব্যক্তিগত বৈজ্ঞানিক সাফল্যৰ বাবে ইটালী ৰিপাব্লিকৰ অৰ্ডাৰ অৱ মেৰিটৰ সন্মান লাভ কৰে।

মিলানত জন্মগ্ৰহণ কৰা মাৰিয়া পিয়া আব্ৰাচিঅ’ই তাতেই প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰে। ১৯৭৯ চনত ফাৰ্মাচীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮০ চনৰ পৰা ১৯৮১ চনলৈকে হিউষ্টনৰ ইউনিভাৰ্চিটি অৱ টেক্সাছ স্বাস্থ্য বিজ্ঞান কেন্দ্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত মিলান বিশ্ববিদ্যালয়ৰ পৰা বিষবিজ্ঞানত বিশেষজ্ঞতা, ১৯৮৮ চনত ৰোমত পৰীক্ষামূলক চিকিৎসা বিজ্ঞানত পি এইচ ডি আৰু ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈ ইউনিভাৰ্চিটি কলেজ লণ্ডনত সন্মানীয় গৱেষক হিচাপে ডক্টৰেট ডিগ্ৰীৰ পিছৰ অধ্যয়ন সম্পূৰ্ণ কৰে।[1]

১৯৯৪ চনত তেওঁ পিউৰিনাৰ্জিক ৰিচেপ্টৰৰ নামকৰণ কৰা বিজ্ঞানী অধ্যাপক জিঅ'ফ্ৰে বাৰ্নষ্টকৰ সৈতে কাম কৰে আৰু তাৰ পিছত তেওঁ পিউৰিন ক্লাবৰ প্ৰতিষ্ঠাপক হয়, যিটো পিউৰিনাৰ্জিক সংক্ৰমণৰ পেথ'ফিজিঅ'লজী অধ্যয়ন কৰা আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ বাবে এক অলাভজনক বৈজ্ঞানিক সংস্থা।[2]

২০০৩ চনৰ পৰা তেওঁ ইটালীৰ ভিতৰত আৰু বিদেশৰ প্ৰতিষ্ঠানসমূহত বৈজ্ঞানিক গৱেষণাৰ উন্নতিৰ বাবে বিজ্ঞানীৰ এটা আন্তঃশাখা গোটৰ সৈতে কাম কৰি আহিছে।[3] ২০০৬ চনত এব্ৰাচিঅ’ই আটলাণ্টাৰ ছ’চাইটি ফৰ নিউৰ’ছায়েন্সৰ বাবে অনুষ্ঠিত হোৱা এক আলোচনা চক্ৰত তথ্য দাঙি ধৰে যিয়ে ষ্ট্ৰোকৰ পিছত মগজুৰ ক্ষতি ৰোধ কৰিবলৈ কোষীয় পৰ্যায়ত জৈৱৰাসায়নিক যৌগ ব্যৱহাৰ কৰাৰ পদ্ধতিৰ উদাহৰণ দাঙি ধৰে। তেওঁৰ কামে প্ৰমাণ কৰিছে যে জি-প্ৰটিন-কাপল্ড ৰিচেপ্টৰ (GPCR) সমূহে কোষীয় আচৰণ নিয়ন্ত্ৰণ কৰাত ভূমিকা পালন কৰে।[4]

বিভিন্ন বৈজ্ঞানিক শাখাৰ গৱেষণাৰ প্ৰচেষ্টাক একত্ৰিত কৰি বিজ্ঞানীসকলে পাৰ্কিনছন, এলঝেইমাৰ, মাল্টিপল স্ক্লেৰচিছ আৰু আনকি হাৰ্ট এটেক আৰু ষ্ট্ৰোক আদি স্নায়ুৰ অৱক্ষয়ী ৰোগৰ ওপৰত চকু ৰাখিছে যাতে বিভিন্ন ঔষধে জিপিচিআৰৰ সৈতে কেনে ক্ৰিয়া কৰে। এব্ৰাচিঅ'ই তেওঁৰ গৱেষণাৰ আৰম্ভণিতে চিনাক্ত কৰা এটা ৰিচেপ্টৰ, যাক জিপিআৰ১৭ বুলি কোৱা হয়, ই দেখুৱাইছে যে ই কিছুমান ঔষধৰ সৈতে প্ৰতিক্ৰিয়া কৰি মগজুৰ প্ৰদাহ হ্ৰাস কৰে আৰু স্মৃতিশক্তি আৰু শিক্ষণ ক্ষমতা উন্নত কৰে।[5]

আব্ৰাচিঅ' মিলান বিশ্ববিদ্যালয়ৰ ফাৰ্মাক'লজীৰ পূৰ্ণ অধ্যাপক আৰু বিশ্ববিদ্যালয়খনৰ গৱেষণা মানৱ নিৰীক্ষণ কেন্দ্ৰত ১২ জনীয়া বৈজ্ঞানিক গৱেষকৰ এটা দল পৰিচালনা কৰে।[1] তেওঁ প্ৰায় ১৫০খন বৈজ্ঞানিক গৱেষণা পত্ৰৰ লেখিকা বা সহ-লেখক[2] আৰু ২০০৬ চনৰ পৰা থমছন ৰয়টাৰৰ অধিকাংশ উদ্ধৃত গৱেষকৰ তালিকাত তালিকাভুক্ত হৈছে। ২০১৪ চনত ইটালীৰ ৰাষ্ট্ৰপতি জৰ্জিঅ' নাপোলিটানোৱে তেওঁক ইটালী ৰিপাব্লিকৰ অৰ্ডাৰ অৱ মেৰিটৰ কমাণ্ডাৰ পৰ্যায়ৰ সন্মান প্ৰদান কৰে।[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Maria Pia Abbracchio-Biosketch" (Italian ভাষাত). প্ৰকাশক Milan, Italy: Università degli studi di Milano. 2014. http://www.unimi.it/chiedove/cv/ENG/mariapia_abbracchio.pdf। আহৰণ কৰা হৈছে: 2 November 2015. 
  2. 2.0 2.1 "Maria Pia Abbracchio" (Italian ভাষাত). প্ৰকাশক Milan, Italy: Scienza in Rete. 2015. http://www.scienzainrete.it/documenti/autori/maria-pia-abbracchio। আহৰণ কৰা হৈছে: 3 November 2015. 
  3. 3.0 3.1 "Il Presidente Napolitano nomina Maria Pia Abbracchio Commendatore all'Ordine del Merito per meriti scientifici" (Italian ভাষাত). প্ৰকাশক Genoa, Italy: l'Associazione Italiana Sclerosi Multipla. 21 July 2014. http://www.aism.it/index.aspx?codpage=2014_07_ricerca_abbracchio। আহৰণ কৰা হৈছে: 2 November 2015. 
  4. Dobbs, David (23 October 2006). "Controlling Cellular Gates Curbs Damage after Strokes". Scientific American. http://www.scientificamerican.com/article/controlling-cellular-gate/। আহৰণ কৰা হৈছে: 2 November 2015. 
  5. "Da un farmaco per la cura dell'asma: possibile cura demenza". Medica Live Magazine (Italian) খণ্ড 1 (9). October 2015. ISSN 2421-2180. Archived from the original on 2020-03-04. https://web.archive.org/web/20200304105406/https://www.medicalive.it/da-un-farmaco-per-la-cura-dellasma-possibile-cura-demenza/। আহৰণ কৰা হৈছে: 2025-02-27.