মাৰিয়া হেলৱিগ
| মাৰিয়া হেলৱিগ | |
|---|---|
মাৰিয়া আৰু মাৰগট হেলৱিগ | |
| জন্ম | ২২ ফেব্ৰুৱাৰী, ১৯২০ ৰেইট ইম উইংকল, জাৰ্মানী |
| মৃত্যু | ২৬ নৱেম্বৰ, ২০১০ (৯০ বছৰ) ৰুহপল্ডিং, জাৰ্মানী |
| পেচা | সংগীতজ্ঞ |
| জনা যায় | য়’ডেলিং |
| ৱেবছাইট | |
| http://www.hellwig-musik.de | |
মাৰিয়া হেলৱিগ (ইংৰাজী: Maria Hellwig; ২২ ফেব্ৰুৱাৰী ১৯২০ – ২৬ নৱেম্বৰ ২০১০) এগৰাকী জাৰ্মান য়’ডলাৰ, আলপাইন লোক-সংগীতৰ (volkstümliche Musik) জনপ্ৰিয় গায়িকা আৰু দূৰদৰ্শন উপস্থাপক।[1]
জীৱন
[সম্পাদনা কৰক]১৯২০ চনত জাৰ্মানীৰ বাভাৰিয়াৰ ৰেইট ইম উইংকলত মাৰিয়া নিউমাইয়াৰৰ (হেলৱিগ) জন্ম হয়৷ হাইনৰিখ নিউমাইয়াৰ এজন বিদ্যুত কৰ্মী আৰু তেওঁৰ মাতৃৰ নাম আছিল মাৰিয়া।[2] পাঁচ বছৰ বয়সত ৰেইট ইম উইংকলৰ বাউয়াৰ থিয়েটাৰত তেওঁ প্ৰথমবাৰৰ বাবে গীত পৰিবেশন কৰে। বিদ্যালয় এৰাৰ পিছত তেওঁ দোকানৰ সহায়িকা হিচাপে কাম কৰিছিল। আজৰি সময়ত থিয়েটাৰত পৰিবেশন কৰি সংগীত শিকিছিল।
১৯৪১ চনৰ ৫ জুলাইত তেওঁ জোচেফ ফিচাৰক বিয়া কৰায় আৰু ১৯৪১ চনৰ ৫ জুলাইত তেওঁলোকৰ একমাত্ৰ সন্তান মাৰ্গট হেলৱিগৰ জন্ম হয়। তাৰ কিছু বছৰৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধত যুঁজি থকাৰ সময়তে ফিচাৰৰ মৃত্যু হয়।
১৯৮০ আৰু নব্বৈৰ দশকত তেওঁ কেইবাটাও সংগীতৰ দূৰদৰ্শন অনুষ্ঠান আয়োজন কৰিছিল। ১৯৯৬ চনত মাৰিয়া প্ৰায় অন্ধ হৈ পৰে। ২০১০ চনৰ ২৬ নৱেম্বৰত জাৰ্মানীৰ বাভাৰিয়াৰ ৰুহপল্ডিঙত তেওঁৰ মৃত্যু হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Binder, Susanne (2006). "Geschichte der volkstümlichen Musik im Fernsehen". Der Musikantenstadl: alpine Populärkultur im fremden Blick. LIT Verlag Münster. পৃষ্ঠা. 40. ISBN 978-3-8258-9802-1. https://books.google.com/books?id=w6iefZOClRQC&pg=PA40.
- ↑ "Königlich Bayerisches Amtsgericht: Cast & Crew". https://www.fernsehserien.de/koeniglich-bayerisches-amtsgericht/cast-crew.
- ↑ "Jodelkönigin Maria Hellwig gestorben" (German ভাষাত). Neue Zürcher Zeitung. 27 November 2010. http://www.nzz.ch/nachrichten/panorama/jodelkoenigin_maria_hellwig_gestorben_1.8492868.html। আহৰণ কৰা হৈছে: 27 November 2010.