মাৰ্কণ্ডেয়
| মাৰ্কণ্ডেয় | |
|---|---|
| চিৰঞ্জীৱী-ৰ সদস্য | |
শিৱই যমৰ পৰা মাৰ্কণ্ডেয়ক ৰক্ষা কৰা চিত্ৰ, ৰাজা ৰবি বাৰ্মাৰ | |
| সম্পৰ্ক | চিৰঞ্জীৱী |
মাৰ্কণ্ডেয় এগৰাকী ঋষি। তেওঁ মৃকাণ্ড ঋষি আৰু তেওঁৰ পত্নী মনস্বিনীৰ পুত্ৰ।[1] মাৰ্কণ্ডেয় পুৰাণত মাৰ্কণ্ডেয় আৰু জৈমিনি নামৰ এজন ঋষিৰ কথোপকথন সন্নিৱিষ্ট কৰা হৈছে। ভাগৱত পুৰাণৰ কেইবাটাও অধ্যায় তেওঁৰ কথোপকথন আৰু প্ৰাৰ্থনাৰ ওপৰত নিবেদিত।[2] মহাভাৰততো তেওঁৰ উল্লেখ আছে। মাৰ্কণ্ডেয়ক সকলো মূলসুঁতিৰ হিন্দু পৰম্পৰাৰ ভিতৰতে পূজা কৰা হয়।
কিম্বদন্তি
[সম্পাদনা কৰক]কালান্তক-শিৱৰ দ্বাৰা উদ্ধাৰ
[সম্পাদনা কৰক]- মূল প্ৰবন্ধ: কালান্তক
হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱতা শিৱই যমৰো যমৰূপে মূৰ্ত হৈ মাৰ্কণ্ডেয়ক মৃত্যুৰ কবলৰ পৰা কেনেদৰে ৰক্ষা কৰিছিল, সেই কাহিনী এটা কিম্বদন্তিত বৰ্ণনা কৰা হৈছে।
মৃকান্দ ঋষিয়ে কেইবাবছৰ ধৰি শিৱৰ সন্তুষ্টিৰ বাবে তপস্যা কৰিছিল আৰু তেওঁৰ পৰা পুত্ৰ জন্মৰ বৰ বিচাৰিছিল। শিৱই তেওঁক হয় এজন গুণসম্পন্ন আৰু ধৰ্মপৰায়ণ পুত্ৰ, যাৰ আয়ুস কম হ’ব; নহয় কোনোবা নিস্তেজ মনৰ, দুৰ্নীতিপৰায়ণ সন্তান যাৰ আয়ুস দীঘলীয়া হ’ব, তাৰ মাজত বাছনি কৰাৰ প্ৰস্তাৱ দিলে। মৃকান্দই প্ৰথমটোক বাছি লৈছিল, আৰু ষোল্ল বছৰ বয়সত মৃত্যুৰ বিধান থকা আদৰ্শ পুত্ৰ মাৰ্কণ্ডেয়ৰ আশীৰ্বাদ লাভ কৰিছিল। মাৰ্কণ্ডেয়ই বেদ আৰু শাস্ত্ৰ আয়ত্ত কৰি ডাঙৰ হৈ শিৱৰ এজন মহান ভক্ত হৈ পৰিল। ষোল্ল বছৰৰ কিছু সময়ৰ আগতে চিন্তিত পিতৃ-মাতৃৰ পৰা নিজৰ ভাগ্যৰ কথা জানি তেওঁ ঘোৰ তপস্যাত লিপ্ত হ’ল। নিয়তিৰ বিধানমতে মৃত্যুৰ দিনা তেওঁ দেৱতাৰ ৰূপত লিংগমত শিৱৰ পূজা অব্যাহত ৰাখিছিল। মৃত্যুৰ দেৱতা যমৰ দূতসকলে তেওঁৰ প্ৰাণ কাঢ়ি ল’বলৈ আহি পৰা নাছিল কাৰণ তেওঁৰ শিৱভক্তিৰ শক্তিয়ে তেওঁক ৰক্ষা কৰিছিল। ঋষিয়ে সহায় বিচাৰি কান্দি কান্দি লিংগটোক আলিংগন কৰি থকাৰ সময়তো মাৰ্কণ্ডেয়ৰ প্ৰাণ কাঢ়ি নিবলৈ যম নিজেই আহিছিল। যমে ডেকা ঋষিৰ ডিঙিত নিজৰ ৰছী ফান্দটো দলিয়াই দিলে, যিটোৱেও লিংগটোকো ঘেৰি ধৰিছিল। ক্ষুব্ধ হৈ শিৱই লিংগৰ পৰা ওলাই আহিল, নিজৰ ভক্তক বচাবলৈ যমক আক্ৰমণ কৰে। যমক বধ কৰাৰ পিছত শিৱই দেৱসকলৰ অনুৰোধত তেওঁক পুনৰুজ্জীৱিত কৰে, এই চৰ্তত যে মাৰ্কণ্ডেয় চিৰদিনৰ বাবে ষোল্ল বছৰীয়া হৈ থাকিব।[3] এই কাৰ্যৰ বাবে শিৱই কালান্তক (কাল-মৃত্যুৰ ধ্বংসকাৰী) উপাধি লাভ কৰিছিল।
প্ৰলয়ৰ দৰ্শন
[সম্পাদনা কৰক]ভাগৱত পুৰাণত মাৰ্কণ্ডেয়ই ছয়টা মন্বান্তৰত (মনুৰ যুগ) বিষ্ণুক পূজা কৰা বুলি বৰ্ণনা কৰা হৈছে। ঋষিৰ শক্তিত আতংকিত হৈ ইন্দ্ৰই তেওঁৰ তপস্যাত ব্যাঘাত জন্মাবলৈ কেইবাজনো অপ্সৰা, গন্ধৰ্ব আৰু প্ৰেমৰ দেৱতা কামদেৱক দায়িত্ব দিলে। তেওঁলোকে পুষ্পভদ্ৰা নদীৰ পাৰত হিমালয়ৰ ওপৰত অৱস্থিত ঋষিৰ আশ্ৰমলৈ যাত্ৰা কৰিলে। গীত, নৃত্যৰে দেখুওৱা প্ৰলোভনত ঋষি অবিচলিত হৈ থাকিল, নিৰুপায় হৈ তেওঁলোকে পলায়ন কৰিলে। মাৰ্কণ্ডেয়ৰ তপত সন্তুষ্ট হৈ বিষ্ণু তেওঁৰ সম্মুখত ঋষি-ভাই নৰ-নাৰায়ণ ৰূপত উপস্থিত হ’ল। মাৰ্কণ্ডেয়ই ঋষি-ভাইসকলক প্ৰশংসা কৰিলে, আৰু তেওঁক বিষ্ণুৰ মায়া (ভ্ৰম)ৰ দৰ্শন দিবলৈ অনুৰোধ কৰিলে, বিষ্ণু সন্মত হ’ল।। এদিন সন্ধিয়া মাৰ্কণ্ডেয়ই প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰলয়, বিশ্বব্ৰহ্মাণ্ডৰ বিলুপ্তিৰ প্ৰলয় অনুভৱ কৰিলে। এক ডাঙৰ মহান জলপ্লাৱনে পৃথিৱীখন ডুবাই পেলালে, সকলো জীৱ ধ্বংস হ’ল আৰু ঋষিয়ে নিজকে পানীৰ কবলৰ পৰা ৰক্ষা পৰা একমাত্ৰ জীৱ হিচাপে জীৱিত হৈ থকা দেখিলে। আনকি ধাৰাটোৱে তেওঁক আগুৱাই নিয়াৰ সময়তো ঋষিয়ে এজোপা আঁহত গছ লক্ষ্য কৰিলে, যাৰ ডালৰ এটা পাতৰ ওপৰত এটা কেঁচুৱা ৰূপ দেখা পাই চকু কপালত উঠিল। এই বিস্ময়কৰ ৰূপটো দেখি মাৰ্কণ্ডেয় আচৰিত হৈ পৰিল। কেঁচুৱাৰ ৰূপত প্ৰৱেশ কৰি তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড, যুগসমূহৰ গতি, সকলো জীৱ, লগতে নিজৰ আশ্ৰমৰ দৰ্শন প্ৰত্যক্ষ কৰিলে। কেঁচুৱাটোৰ ৰূপ এৰি প্ৰলয়ৰ দৰ্শনলৈ উভতি আহি ঋষিয়ে কেঁচুৱাটোক সাৱটি ধৰিবলৈ চেষ্টা কৰিলে, সেয়া তেওঁ বিষ্ণু বুলি জানিলে। কেঁচুৱাটো অদৃশ্য হৈ গ’ল, আৰু পৰৱৰ্তী সময়ত মায়াক আঁতৰাই পেলোৱা হ’ল, মাৰ্কণ্ডেয়ক পুনৰ নিজৰ আশ্ৰমলৈ ঘূৰাই অনা হ’ল। আনকি মাৰ্কণ্ডেয়ই বিষ্ণুক প্ৰশংসা কৰাৰ সময়তো শিৱ আৰু পাৰ্বতী ঋষিৰ আগত উপস্থিত হৈছিল আৰু পিছৰজনে তেওঁলোকৰ প্ৰশংসা গাইছিল। ঋষিৰ ওপৰত সন্তুষ্ট হৈ শিৱই তেওঁক বৰ আগবঢ়ালে। ঋষিয়ে বিষ্ণু আৰু শিৱৰ ভক্তসকলক আশীৰ্বাদ বিচাৰিলে। শিৱই এই বৰদান কৰিলে যে মাৰ্কণ্ডেয় অমৰ হ'ব, মহা ধৰ্মীয় পুণ্য লাভ কৰিব আৰু পুৰাণৰ ৰচনাও ধন্য হ'ব বুলি ঘোষণা কৰে।[4][5]
মন্দিৰ
[সম্পাদনা কৰক]বৰ্তমান মাৰ্কণ্ডেয় ঋষিয়ে মাৰ্কণ্ডেয় পুৰাণ ৰচনা কৰা বুলি গণ্য কৰা মাৰ্কণ্ডেয় তীৰ্থ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ যমুনোত্ৰী মন্দিৰলৈ যোৱা ট্ৰেকিং পথত অৱস্থিত।[6]
সাহিত্য
[সম্পাদনা কৰক]সপ্ত চিৰঞ্জীৱী স্তোত্ৰম
[সম্পাদনা কৰক]সপ্ত চিৰঞ্জীৱ স্তোত্ৰম হিন্দু সাহিত্যত প্ৰচলিত এক মন্ত্ৰ:
अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषण:।
कृप: परशुरामश्च सप्तैतै चिरञ्जीविन:॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम्।
जीवेद्वर्षशतं सोपि सर्वव्याधिविवर्जितः॥
মন্ত্ৰত উল্লেখ থকা আঠজন চিৰঞ্জীৱী (অশ্বত্থামা, মহাবলী, ব্যাস, হনুমান, বিভীষণ, কৃপাচাৰ্য, পৰশুৰাম, আৰু মাৰ্কণ্ডেয়)ৰ স্মৃতিয়ে ৰোগৰ পৰা মুক্তি আৰু দীৰ্ঘায়ু লাভ কৰে।
মাৰ্কণ্ডেয় পুৰাণ
[সম্পাদনা কৰক]হিন্দু ধৰ্মৰ আঠাইশখন প্ৰধান পুৰাণৰ ভিতৰত মাৰ্কণ্ডেয় পুৰাণ অন্যতম। মাৰ্কণ্ডেয় ঋষিয়ে নিজেই জৈমিনী ঋষিৰ ওচৰত বৰ্ণিত আৰু ইয়াত ব্ৰহ্মাণ্ডবিজ্ঞান, দৰ্শন, ধৰ্মতত্ত্ব, ধৰ্ম, কৰ্ম আদি বহুতো বিষয় সন্নিবিষ্ট কৰা হৈছে। পৱিত্ৰ স্থান আৰু আচাৰ-অনুষ্ঠানৰ বিশদ বিৱৰণ এই পুৰাণতো আছে। মাৰ্কণ্ডেয় পুৰাণত ভগৱান শিৱক পৰম দেৱতা হিচাপে উপস্থাপন কৰা হৈছে আৰু তেওঁৰ ঐশ্বৰিক গুণ আৰু বৈশিষ্ট্যসমূহ দেখুৱাবলৈ বহুতো কাহিনী সন্নিবিষ্ট কৰা হৈছে। তদুপৰি ইয়াত দেৱী মহাত্ম্যও অন্তৰ্ভুক্ত কৰা হৈছে, য'ত দেৱী দুৰ্গাৰ গুণ যেনে শক্তিৰ মূৰ্তি হিচাপে তেওঁৰ ভূমিকা আৰু তেওঁৰ ভক্তৰ সুৰক্ষাৰ বাবে অশুভ ধ্বংস কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।[7]
মহাভাৰতত আবিৰ্ভাৱ
[সম্পাদনা কৰক]মহাভাৰতৰ বন পৰ্বত মাৰ্কণ্ডেয়-সমস্য পৰ্বত মাৰ্কণ্ডেয় আৰু জ্যেষ্ঠ পাণ্ডৱ ভাই যুধিষ্ঠিৰৰ মাজত এক বাৰ্তালাপ সংঘটিত হয়। হস্তিনাপুৰত পাশা খেলৰ ফলস্বৰূপে পাঁচ পাণ্ডৱ ভাতৃ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক ১২ বছৰ আৰু অতিৰিক্ত এবছৰ লুকাই থকা অৱস্থাত অৰণ্যলৈ নিৰ্বাসিত কৰা হয়। পাশা খেলৰ পৰিঘটনাত আঘাতপ্ৰাপ্ত যুধিষ্ঠিৰে অস্থিৰ আৰু বিচলিত অনুভৱ কৰিছিল আৰু শান্তি আৰু পথ প্ৰদৰ্শন বিচাৰিছিল। বহু প্ৰশ্ন আৰু চিন্তা লৈ তেওঁ মাৰ্কণ্ডেয় ঋষিৰ ওচৰলৈ যায়। যুধিষ্ঠিৰে পথ প্ৰদৰ্শনৰ বাবে উপযুক্ত মানুহৰ ওচৰলৈ গ’ল, কাৰণ মহান ঋষিয়ে মহান জলপ্লাৱনৰ মাজেৰে জীয়াই আছিল আৰু অনুভৱ কৰিছিল, যিয়ে তেওঁক জীৱনৰ এক বৃহৎ দৃষ্টিভংগী দিছিল। তেওঁলোকৰ কথা-বতৰাৰ অংশ হিচাপে মাৰ্কেণ্ডয়ই তেওঁক মহান জলপ্লাৱনৰ কাহিনী আৰু ভগৱান বিষ্ণুৰ সৈতে তেওঁৰ কাণ্ডৰ কাহিনী কয়।[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Books, Kausiki (2021-10-24) (en ভাষাত). Markandeya Purana: English Translation only without Slokas. Kausiki Books. পৃষ্ঠা. 444. https://books.google.com/books?id=4TxKEAAAQBAJ&dq=Dhatri+Markandeya&pg=PT444.
- ↑ Srimad Bhagavatam, Canto 12, Chapter 8: Markandeya's Prayers to Nara-Narayana Rishi Archived 14 March 2008 at the Wayback Machine
- ↑ Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. পৃষ্ঠা. 488. ISBN 978-0-8426-0822-0. http://archive.org/details/puranicencyclopa00maniuoft.
- ↑ Gita Press. Bhagavata Purana Gita Press. পৃষ্ঠা. 698–710. https://archive.org/details/bhagavatapuranagitapress_201907/page/n1561/mode/2up.
- ↑ Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. পৃষ্ঠা. 488. ISBN 978-0-8426-0822-0. http://archive.org/details/puranicencyclopa00maniuoft.
- ↑ Yamunotri Temple Archived 31 July 2009 at the Wayback Machine Uttarkashi district website.
- ↑ Sharma, Saagar (2024-05-01) (en ভাষাত). SAAT CHIRANJEEVI The Eternal Guardians of Hinduism. Abhishek Publications. ISBN 978-93-5652-581-8. https://books.google.com/books?id=ckwQEQAAQBAJ.
- ↑ "Markandeya – Vyasa Mahabharata" (en-US ভাষাত). https://www.vyasaonline.com/encyclopedia/markandeya/। আহৰণ কৰা হৈছে: 2025-01-11.
- ↑ GV, Shivakumar (2020-06-19). "Mahabharata Metaphors: Markandeya, The Sage Who Saw The Deluge - Indic Today" (en-US ভাষাত). https://www.indica.today/long-reads/mahabharata-metaphors-markandeya-deluge/#:~:text=Sage%20Markandeya%20is%20an%20important,questions,%20concerns,%20and%20confusion। আহৰণ কৰা হৈছে: 2025-01-11.