মাৰ্গট হেলৱিগ
| মাৰ্গট হেলৱিগ | |
|---|---|
মাৰিয়া আৰু মাৰগট হেলৱিগ | |
| জন্ম | ২২ ফেব্ৰুৱাৰী, ১৯২০ ৰেইট ইম উইংকল, জাৰ্মানী |
| পেচা | সংগীতজ্ঞ |
মাৰ্গট হেলৱিগ (ইংৰাজী: Margot Hellwig; জন্ম: ৫ জুলাই ১৯৪১) এগৰাকী জাৰ্মান লোক-সংগীতৰ গায়িকা।[1]
১৯৬৩ চনৰ পৰা ২০১০ চনত মাতৃ মাৰিয়া হেলৱিগৰ মৃত্যুৰ[2] আগলৈকে সক্ৰিয় হৈ থকা জাৰ্মান মাতৃ আৰু কন্যা লোক-সংগীতৰ যুটিটোক মাৰিয়া এণ্ড মাৰ্গট হেলৱিগ (Maria & Margot Hellwig) নামেৰে বেছিকৈ পৰিচিত আছিল।
জীৱন
[সম্পাদনা কৰক]১৯৪১ চনৰ ৫ জুলাইত জাৰ্মানীৰ ৰেইট ইম উইংকলত মাৰ্গট হেলৱিগৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ জোচেফ ফিচাৰ আৰু মাতৃ মাৰিয়া হেলৱিগ এগৰাকী জাৰ্মান লোক-গায়িকা আছিল; মাৰ্গটৰ জন্মৰ কিছু দিনৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধত তেওঁৰ পিতৃৰ মৃত্যু হয়।[3] ১৯৪৮ চনত তেওঁৰ মাতৃয়ে ব্যৱসায়ী তথা সংগীতজ্ঞ এডি হেলৱিগক বিয়া কৰায়। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত মাৰ্গটে অপেৰা গায়িকা আৰু সংগীত শিক্ষয়িত্ৰী এলিজাবেথ হলষ্টেইন আৰু ফ্ৰান্স ৰয়টাৰ-উলফৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰে।
১৯৫০ চনৰ শেষৰ ফালে মাৰিয়া হেলৱিগে গায়িকা হিচাপে প্ৰথম সফলতা লাভ কৰিছিল। ১৯৬৩ চনত মাতৃ আৰু কন্যা দুয়ো প্ৰথম যৌথ ৰেকৰ্ডিং ফেইৰাবেণ্ডজোডলাৰ মুকলি কৰে। এই এলবামৰ যোগেদি মাৰ্গট হেলৱিগে মাতৃৰ সৈতে সংগীত জীৱনৰ আৰম্ভ কৰে।
১৯৬১ চনত মাৰ্গট হেলৱিগে তেওঁৰ প্ৰাক্তন শিক্ষক আৰ্থাৰ লিণ্ডাৰমেয়াৰৰ (১৯২৬–২০১৬) সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৬৬ আৰু ১৯৬৮ চনত জন্মগ্ৰহণ কৰা তেওঁলোকৰ দুজন পুত্ৰৰ বৰ্তমান মিউনিখত থাকে। স্বামীৰ স্বাস্থ্যৰ অবনতিৰ বাবে ২০১৫ চনত তেওঁৰ মঞ্চ কেৰিয়াৰৰ অন্ত পেলায়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Home". hellwig-musik.de. http://www.hellwig-musik.de/.
- ↑ "Jodelkönigin Maria Hellwig gestorben" (German ভাষাত). Neue Zürcher Zeitung. 27 November 2010. http://www.nzz.ch/nachrichten/panorama/jodelkoenigin_maria_hellwig_gestorben_1.8492868.html। আহৰণ কৰা হৈছে: 27 November 2010.
- ↑ "Königlich Bayerisches Amtsgericht: Cast & Crew". https://www.fernsehserien.de/koeniglich-bayerisches-amtsgericht/cast-crew.