মাৰ্গাৰেট এন্সেলট

মাৰ্গাৰেট-লুইজ ভাৰ্জিনি চাৰ্ডন এন্সেলট বা চমুকৈ মাৰ্গাৰেট এন্সেলট (১৭৯২–১৮৭৫) এগৰাকী ফৰাচী চিত্ৰশিল্পী, লেখক আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৭৯২ চনত আৰু মৃত্যু ১৮৭৫ চনত।[1][2] তাৰিখ সঠিককৈ জনা নাযায়। ডিজনৰ এটা সংসদীয় পৰিয়ালত জন্মগ্ৰহণ কৰা এন্সেলটৰ বিবাহ নাট্যকাৰ জেক-ফ্ৰাঁছোৱা এন্সেলটৰ সৈতে হৈছিল।[2] ১৮২৪ চনৰ পৰা ১৮৬৬ চনলৈকে এন্সেলটে পেৰিছৰ ৰু ডি চেইনত এখন সাহিত্যিক প্ৰদৰ্শনীৰ আয়োজন কৰিছিল।[2]

তেওঁৰ নাটকসমূহ চাৰিটা খণ্ডত সংগ্ৰহ কৰা হয় আৰু ১৮৪৮ চনত থিয়েটাৰ কমপ্লিট (Theâtre complet) নামেৰে প্ৰকাশ কৰা হয়।[1] তেওঁ লেছ চেলনছ ডি পেৰিছ, ফয়াৰ্ছ এটেইণ্টছ (১৮৫৮) আৰু আন চেলন ডি পেৰিছ ১৮২৪-৬৪ (১৮৬৬) নামেৰে দুখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে।[1] ঔপন্যাসিক হিচাপেও তেওঁৰ অৱদান আছে। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপন্যাসসমূহৰ ভিতৰত আছে জৰ্জিন (১৮৫৫), ইউনে ৰুট ছান্স ইছ্যু (১৮৫৭), আৰু উন নুড দে ৰুবান (১৮৫৮)।[1]
প্ৰদৰ্শনী
[সম্পাদনা কৰক]- লা ভেভ ডু ৰয় বান আৰু কেইবাখনো প্ৰতিকৃতি, ১৮১৪ চনৰ প্ৰদৰ্শনী[3]
- চতুৰ্দশ লুই, দ্বিতীয় জেকৰ মৃত্যুশয্যাত, ১৮১৭ চনৰ প্ৰদৰ্শনী[4]
সংগ্ৰহসমূহ
[সম্পাদনা কৰক]মছিয়েঁ কাৰ্ণাভেলেট (Musée Carnavalet), পেৰিছ : ফ্ৰান্সোৱা এন্সেলট (১৭৯৪-১৮৫৪), আৰু অউটাৰ ড্ৰামাটিক (auteur dramatique), ১৮১৯, কেনভাছত অইল পেইণ্টিং।[5]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Finch, Alison (2000). Women's Writing in Nineteenth-Century France. Cambridge University Press. পৃষ্ঠা. 249. ISBN 9780521631860. https://archive.org/details/womenswritinginn00finc.
- ↑ 2.0 2.1 2.2 Kale, Steven (2005). French Salons: High Society and Political Sociability from the Old Regime to the Revolution of 1848. JHU Press. পৃষ্ঠা. 231. ISBN 9780801883866. https://books.google.com/books?id=gecjOmDJgxgC&pg=PA231.
- ↑ "Explication des ouvrages de peinture et dessins, sculpture, architecture et gravure des artistes vivans..." (EN ভাষাত). Gallica. 1814. https://gallica.bnf.fr/ark:/12148/bpt6k6487231s/f23.item.
- ↑ "Explication des ouvrages de peinture et dessins, sculpture, architecture et gravure des artistes vivans..." (EN ভাষাত). Gallica. 1817. https://gallica.bnf.fr/ark:/12148/bpt6k6471651s/f21.item.
- ↑ "François Ancelot (1794-1854), auteur dramatique. | Paris Musées". www.parismuseescollections.paris.fr. http://parismuseescollections.paris.fr/fr/musee-carnavalet/oeuvres/francois-ancelot-1794-1854-auteur-dramatique#infos-principales.