সমললৈ যাওক

মাৰ্গাৰেট এলিজাবেথ কাজিন্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্গাৰেট এলিজাবেথ কাজিন্স

মাৰ্গাৰেট এলিজাবেথ কাজিন্স, ১৯৩২
জন্ম মাৰ্গাৰেট এলিজাবেথ কাজিন্স
১৭ নৱেম্বৰ, ১৮৭৮
বয়ল, আয়াৰলেণ্ড
মৃত্যু ১১ মাৰ্চ, ১৯৫৪ (৭৫ বছৰ)
চেন্নাই,
পেচা শিক্ষাবিদ, ভোটাধিকাৰী আৰু থিয়'ছফিষ্ট
জনা যায় সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC) প্ৰতিষ্ঠা
দাম্পত্যসঙ্গী জেমছ কাজিন্স

মাৰ্গাৰেট এলিজাবেথ কাজিন্স (ইংৰাজী: Margaret Cousins,৭ নৱেম্বৰ ১৮৭৮ – ১১ মাৰ্চ ১৯৫৪) এগৰাকী আইৰিছ-ভাৰতীয় শিক্ষাবিদ, ভোটাধিকাৰী আৰু থিয়'ছফিষ্ট আছিল৷ তেওঁ ১৯২৭ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC) প্ৰতিষ্ঠা কৰিছিল।[1] ১৯১৫ চনত কবি আৰু সাহিত্য সমালোচক জেমছ কাজিন্সৰ পত্নী হিচাপে তেওঁ ভাৰতলৈ আহে। ১৯১৯ চনৰ ফেব্ৰুৱাৰী মাহত ৰবীন্দ্ৰনাথ ঠাকুৰে মদনাপল্লে কলেজ ভ্ৰমণৰ সময়ত তেওঁক নিজেই প্ৰদান কৰা টোকাসমূহৰ আধাৰত ভাৰতীয় জাতীয় সংগীত জন গণ মনৰ সুৰ সংৰক্ষণ কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।.[2] ১৯৪৭ চনৰ ১৪ আগষ্টত সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকা পতাকা উপস্থাপন সমিতিৰ তেওঁ সদস্য আছিল।[3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

মাৰ্গাৰেট গিলেস্পিৰ জন্ম হৈছিল বয়লত, কাউন্টি ৰছকমনত৷[4]তেওঁ স্থানীয়ভাৱে আৰু তাৰপিছত ডেৰীত শিক্ষা গ্ৰহণ কৰিছিল।[5]ডাবলিনৰ ৰয়েল ইউনিভাৰ্চিটি অৱ আয়াৰলেণ্ডত সংগীত অধ্যয়ন কৰি ১৯০২ চনত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ শিক্ষকতা কৰে। ছাত্ৰী হিচাপে তেওঁ কবি আৰু সাহিত্য সমালোচক জেমছ কাজিন্সক লগ পাইছিল আৰু ১৯০৩ চনত তেওঁক বিয়া কৰাইছিল।[6]

তেওঁৰ পতি জেমছ কাজিন্সে প্ৰথমে এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা কাকত নিউ ইণ্ডিয়াত কাম কৰিছিল। ইষ্টাৰ বিদ্ৰোহৰ প্ৰশংসা কৰা এটা প্ৰবন্ধৰ বাবে বেছাণ্টে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ বাধ্য হোৱাৰ পিছত কাজিন্সক মাৰ্গাৰেটে ইংৰাজী পঢ়োৱা নতুন মাডানাপালে কলেজৰ উপ-অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[4]

১৯১৬ চনত এলিজাবেথ কাজিন্স পুনাত থকা ভাৰতীয় মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অভাৰতীয় সদস্য হয়।[6] ১৯১৭ চনত কাজিনছে এনি বেছাণ্ট আৰু ড’ৰথী জিনাৰাজাদাছাৰ সৈতে সহযোগীভাৱে মহিলা ভাৰতীয় সংস্থা প্ৰতিষ্ঠা কৰে। তেওঁ ডব্লিউ আই এৰ আলোচনী ষ্ট্ৰী ধৰ্ম সম্পাদনা কৰিছিল।[4]১৯১৯–২০ চনত কাজিনছ মঙলদৈৰ ৰাষ্ট্ৰীয় ছোৱালী বিদ্যালয়ৰ প্ৰথম মুৰব্বী আছিল। ১৯২২ চনত ভাৰতৰ প্ৰথম মহিলা দণ্ডাধীশ হিচাপে পৰিগণিত হয়। ১৯২৭ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সহ-প্ৰতিষ্ঠাপক হয় আৰু ১৯৩৬ চনত ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. History Archived 18 January 2016 at the Wayback Machine AIWC website.
  2. "Home". 1950. https://archive.org/details/WeTwoTogether/page/n363/mode/2up. 
  3. "CONSTITUENT ASSEMBLY OF INDIA DEBATES (PROCEEDINGS)- VOLUME V: PRESENTATION OF THE NATIONAL FLAG". Lok Sabha. https://loksabha.nic.in/writereaddata/cadebatefiles/C14081947.pdf. 
  4. 4.0 4.1 4.2 4.3 Kum Jayawardena (1995). The White Woman's Other Burden: Western Women and South Asia During British Rule. Taylor & Francis. পৃষ্ঠা. 147–155. ISBN 978-0-415-91104-7. https://books.google.com/books?id=vJ9MCPdcGrsC&pg=PA147। আহৰণ কৰা হৈছে: 10 October 2012. 
  5. "Irish Genealogy". civilrecords.irishgenealogy.ie. Archived from the original on 2021-10-04. https://web.archive.org/web/20211004120412/https://civilrecords.irishgenealogy.ie/churchrecords/captcha.jsp। আহৰণ কৰা হৈছে: 2020-08-16. 
  6. 6.0 6.1 Jennifer S. Uglow, ed (1999). The Northeastern Dictionary of Women's Biography. Maggy Hendry. UPNE. পৃষ্ঠা. 140. ISBN 978-1-55553-421-9. https://books.google.com/books?id=zlQKDvU1WV0C&pg=PA140। আহৰণ কৰা হৈছে: 10 October 2012.