মাৰ্চিদিজ বৰচা
| মাৰ্চিডিজ বৰচা | |
|---|---|
| জন্ম | ৬ নৱেম্বৰ, ১৯৩২ মাগাংগুৱে, কলম্বিয়া |
| মৃত্যু | ১৫ আগষ্ট, ২০২০ (৮৭ বছৰ) মেক্সিকো চিটি, মেক্সিকো |
| দাম্পত্যসঙ্গী | গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ (বি. ১৯৫৮; মৃ. ২০১৪) |
| সন্তান | ২ |
মাৰ্চিডিজ ৰাকেল বৰচা পাৰ্ডো (৬ নৱেম্বৰ, ১৯৩২ – ১৫ আগষ্ট, ২০২০) ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ (১৯২৭–২০১৪)ৰ পত্নী আছিল।[1]
জীৱনী
[সম্পাদনা কৰক]মাৰ্চিডিছ বৰচা ১৯৩২ চনৰ ৬ নৱেম্বৰত মাগাংগুৱে, কলম্বিয়াত জন্মগ্ৰহণ কৰে। তেওঁ ছিৰিয়ান মূলৰ এটা পৰিয়ালৰ সন্তান আছিল। তেওঁৰ পিতৃ এজন ব্যৱসায়ী আছিল আৰু তেওঁ ঔষধৰ দোকান তথা ফাৰ্মাচী আৰু গেলামালৰ দোকান চলাইছিল।[2] মাৰ্চিডিছ বৰচা মূলতঃ তেওঁৰ স্বামী, গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ জীৱনত আগবঢ়োৱা আৰ্থিক আৰু মানসিক সহায়ৰ বাবে জনাজাত। গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।[3][4]
মাৰ্চিডিছে মাৰ্কেজৰ বিখ্যাত উপন্যাস ৱান হাণ্ড্ৰেদ য়েৰ অৱ চলিটিউদ (One Hundred Years of Solitude) লিখাৰ সময়ত তেওঁক বিশেষভাৱে সহায় কৰিছিল। কোৱা হয় যে প্ৰকাশকৰ ওচৰলৈ উপন্যাসখনৰ পাণ্ডুলিপি পঠিয়াবলৈ প্ৰয়োজন হোৱা ডাক খৰচ যোগাৰ কৰিবলৈ তেওঁ নিজৰ হেয়াৰ ড্ৰায়াৰ বা চুলি শুকুৱোৱা যন্ত্ৰ বন্ধকত ৰাখিছিল।[5]
তেওঁক মৰমেৰে লা গাবা (La Gaba) বুলি কোৱা হৈছিল। এই নামটো তেওঁৰ স্বামী মাৰ্কেজৰ ঘৰৰ নাম “গাবো” (Gabo)-ৰ নাৰী ৰূপৰপৰা আহিছিল।[5]
বিবাহ
[সম্পাদনা কৰক]তেওঁ গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেছৰ সৈতে প্ৰথম দেখা হৈছিল ১৯৪১ চনত, যেতিয়া তেওঁলোক দুয়ো কিশোৰ বয়সৰ আছিল। সেই সময়ত গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেছৰ বয়স আছিল ১৪ বছৰ আৰু তেওঁৰ (ভৱিষ্যৎ পত্নীৰ) বয়স আছিল ৯ বছৰ। "দ্য ফ্ৰেগ্ৰেন্স অৱ গুৱাভা" (The Fragrance of Guava) গ্ৰন্থত উল্লেখ কৰা হৈছে যে, গাৰ্চিয়া মাৰ্কেছে ১৩ বছৰ বয়সত এখন বিদ্যালয়ৰ নৃত্য অনুষ্ঠানত তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল।[6] অৱশেষত তেওঁলোকৰ বিবাহ হয় ২১ মাৰ্চ, ১৯৫৮ চনত, কলম্বিয়াৰ বেৰাংকিয়াত (Barranquilla)। সেই সময়ত গাৰ্চিয়া মাৰ্কেছৰ বয়স আছিল ৩১ বছৰ আৰু তেওঁৰ পত্নীৰ বয়স আছিল ২৫ বছৰ।[7][5] তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছিল। ৰড্ৰিগো গাৰ্চিয়া (Rodrigo García) চলচ্চিত্ৰ পৰিচালক আৰু গনজালো গাৰ্চিয়া (Gonzalo García) এজন গ্ৰাফিক ডিজাইনাৰ।[8][9] "দ্য ফ্ৰেগ্ৰেন্স অৱ গুৱাভা" গ্ৰন্থৰ শেষভাগত যেতিয়া গাৰ্চিয়া মাৰ্কেছক সোধা হৈছিল যে তেওঁ জীৱনত লগ পোৱা আটাইতকৈ আকৰ্ষণীয় ব্যক্তি কোন, তেতিয়া তেওঁ উত্তৰ দিছিল— "মোৰ পত্নী।" [6]
জীৱিকা
[সম্পাদনা কৰক]২০১৪ চনত গাৰ্চিয়া মাৰ্কেজৰ মৃত্যুৰ পাছত তেওঁ কলম্বিয়াৰ কাৰ্টাজেনাত গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ আইবেৰ’আমেৰিকান ফাউণ্ডেশ্যন ফৰ নিউ জাৰ্নেলিজমৰ এমেৰিটা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনত তেওঁ গাৰ্চিয়া মাৰ্কেজৰ উত্তৰাধিকাৰক প্ৰচাৰৰ বাবে ফাণ্ডেচন গাবো প্ৰতিষ্ঠা কৰে। [10][11]
মৃত্যু
[সম্পাদনা কৰক]২০২০ চনৰ ১৫ আগষ্টত মেক্সিকো চহৰত বাৰ্চাৰ মৃত্যু হয়। [7]
References
[সম্পাদনা কৰক]- ↑ Green, Penelope (23 August 2020). "Mercedes Barcha, Gabriel García Márquez's Wife and Muse, Dies at 87". The New York Times. https://www.nytimes.com/2020/08/23/books/mercedes-barcha-dead.html। আহৰণ কৰা হৈছে: 30 August 2020.
- ↑ Stavans, Ilan (2010-01-05) (en ভাষাত). Gabriel García Márquez: The Early Years. Macmillan + ORM. ISBN 978-0-230-10480-8. https://books.google.com/books/about/Gabriel_Garc%C3%ADa_M%C3%A1rquez_The_Early_Years.html?id=9HBeZv2RcywC.
- ↑ "Addio a Mercedes Barcha, moglie di Gabriel Garcia Marquez" (it ভাষাত). L'HuffPost. 16 August 2020. Archived from the original on 25 March 2024. https://web.archive.org/web/20240325100424/https://www.huffingtonpost.it/entry/mercedes-barcha-morta-la-moglie-di-gabriel-garcia-marquez_it_5f38ff35c5b6959911e5b2d6/। আহৰণ কৰা হৈছে: 30 August 2020.
- ↑ "Mercedes Barcha, 1932-2020". Financial Times. https://www.ft.com/content/4f9872c5-2132-4db3-b81c-b60da01655ce। আহৰণ কৰা হৈছে: 30 August 2020.
- 1 2 3 Walch, Louis (2020-11-06). "The Discreet Strength of Mercedes Barcha" (en ভাষাত). Words Without Borders. https://wordswithoutborders.org/read/article/2020-11/the-discreet-strength-of-mercedes-barcha-restrepo-pombo-fitz/। আহৰণ কৰা হৈছে: 2025-04-22.
- 1 2 Mendoza, Plinio Apuleyo (1983). The Fragrance of Guava. প্ৰকাশক London: Faber and Faber. ISBN 9780571193264.
- 1 2 "Mercedes Barcha, el gran amor y la musa de Gabriel García Márquez" (es ভাষাত). ABC. 16 August 2020. https://www.abc.es/cultura/abci-mercedes-barcha-gran-amor-y-musa-gabriel-garcia-marquez-202008161145_noticia.html। আহৰণ কৰা হৈছে: 30 August 2020.
- ↑ Osorio, Camila (15 August 2020). "Muere Mercedes Barcha, la mujer que hizo posible el éxito de García Márquez" (es ভাষাত). EL PAÍS. https://elpais.com/cultura/2020-08-15/muere-mercedes-barcha-el-apoyo-mas-grande-que-recibio-gabriel-garcia-marquez.html। আহৰণ কৰা হৈছে: 30 August 2020.
- ↑ Tiempo, Redacción El (2008-05-17). "Gonzalo García Barcha, hijo diseñador de Gabo, está en Colombia para dictar el taller 'Bogotipos'" (spanish ভাষাত). El Tiempo. https://www.eltiempo.com/archivo/documento/CMS-4171144। আহৰণ কৰা হৈছে: 2025-06-27.
- ↑ "Fundador" (es ভাষাত). Fundación Gabo. 30 November 2016. https://fundaciongabo.org/es/institucion/fundador। আহৰণ কৰা হৈছে: 24 September 2020.
- ↑ Bhattacharyya, Indradeep (24 August 2020). "Mercedes Barcha Pardo Fuelled Gabriel Garcia Marquez's Literary World". The Wire. https://thewire.in/culture/gabriel-garcia-marquez-wife-mercedes-barcha-pardo। আহৰণ কৰা হৈছে: 24 September 2020.