সমললৈ যাওক

মাৰ্টা কলভিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্টা কলভিন এণ্ড্ৰেড
জন্ম ১৯০৭[1][2]
চিলান, চিলি
মৃত্যু ১৯৯৫[1][2]
চেণ্টিয়াগো, চিলি
ৰাষ্ট্ৰীয়তা চিলিয়ান
শিক্ষা Universidad de Chile

মাৰ্টা কলভিন এণ্ড্ৰেড (১৯০৭–১৯৯৫) চিলিৰ চিলানৰ এগৰাকী ভাস্কৰ্য্যশিল্পী আছিল।

মাৰ্টা কলভিনৰ ভাস্কৰ্য্য। ইনষ্টিটিউট ডি নিউৰ’চিৰুজিয়া, প্ৰভিডেন্সিয়া, চেণ্টিয়াগো, চিলি
হিমনো এল ত্ৰাবাজো
কলভিন, মাৰ্টা - মাদ্ৰে টিয়েৰা

মাৰ্টা কলভিন এণ্ড্ৰেড আইৰিছ বংশৰ জেমছ কলভিন আৰু পৰ্তুগীজ বংশৰ এলভিৰা এণ্ড্ৰেডৰ কন্যা আছিল। ১৯৩৯ চনৰ চিলানত হোৱা ভূমিকম্পৰ পিছত তেওঁ চিলিৰ চেণ্টিয়াগোত বাস কৰিছিল আৰু স্কুল অৱ আৰ্টছত অধ্যয়ন কৰিছিল। ১৯৪৩ চনত জুলিও এ ভাস্কেজ আৰু মাষ্টাৰ লৰেঞ্জো ডমিংগেজৰ ভাস্কৰ্য্য কৰ্মশালাৰ পৰা সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৫০ চনত আনুষ্ঠানিকভাৱে অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে। ১৯৪৮ চনত পেৰিছৰ গ্ৰেণ্ড চাউমিয়েৰ একাডেমীত মাষ্টাৰ অছিয়ান জাডকাইন আৰু হেনৰী লৰেন্সৰ সৈতে অধ্যয়ন কৰে। তাৰ পিছত তেওঁ ত্ৰিশ বছৰতকৈও অধিক সময় ফ্ৰান্সত বসবাস কৰিছিল। ১৯৬৫ চনত তেওঁ প্ৰথম চাও পাউলো বিয়েনালেত অংশগ্ৰহণ কৰে।[3] বিশ্বজুৰি পৰিচিত হৈ ১৯৭০ চনত তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় কলা বঁটাৰে সন্মানিত হৈছিল।

১৯৯৫ চনৰ ২৭ অক্টোবৰত চেণ্টিয়াগোত তেওঁৰ মৃত্যু হয়।[4]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Artes (Chile), Museo Nacional de Bellas; Zárate, Patricio Muñoz; Ivelić, Milan (2009) (es ভাষাত). Centenario: colección Museo Nacional de Bellas Artes, 1910-2010. Museo Nacional de Bellas Artes. ISBN 978-956-8890-00-1. https://books.google.com/books?id=wzM2AQAAIAAJ&q=marta+colvan+1907. 
  2. 2.0 2.1 (es ভাষাত) Historia. Instituto de Historia, Universidad Católica de Chile.. 2001. https://books.google.com/books?id=yq8kAQAAIAAJ&q=marta+colvin+1907. 
  3. Viñuales, Rodrigo Gutiérrez (9 January 2016) (es ভাষাত). Arte latinoamericano del siglo XX. Otras historias de la Historia. Prensas de la Universidad de Zaragoza. ISBN 978-84-15770-83-1. https://books.google.com/books?id=gDC-DAAAQBAJ&q=marta+colvin+1907&pg=PA141. 
  4. "Marta Colvin is Dead". New York Daily News (Santiago de Chile): পৃষ্ঠা 9. 1995-10-31. https://www.newspapers.com/clip/73080076/marta-colvin-is-dead/.