মাৰ্টা চুচানা প্ৰিয়েটো
| মাৰ্টা চুচানা প্ৰিয়েটো | |
|---|---|
| জন্ম | মাৰ্টা চুচানা প্ৰিয়েটো দে অ'ভিডো ১৯৪৪ (বয়স ৮০–৮১) |
মাৰ্টা চুচানা প্ৰিয়েটো ডি অভিয়েডো (ইংৰাজী: Marta Susana Prieto de Oviedo ; জন্ম: ১৯৪৪) এগৰাকী হণ্ডুৰাছৰ লেখিকা যিয়ে ছান পেড্ৰ' ছুলাত বাস কৰে।[1]
জীৱনী
[সম্পাদনা কৰক]প্ৰিয়েটোৱে চেণ্ট্ৰেল আমেৰিকান বিজনেছ এডমিনিষ্ট্ৰেচন ইনষ্টিটিউট (INCAE)ত বিজনেছ এডমিনিষ্ট্ৰেচন অধ্যয়ন কৰিছিল আৰু চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ অৱ কৰ্টেছ (CCIC)ত কাম কৰিছিল। ১৯৮৫ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত হণ্ডুৰাছ হোটেল এছ’চিয়েশ্যন পৰিচালনা কৰা ছানীয়ে চেম্বাৰ অৱ টুৰিজিমৰ সদস্য আছিল।
প্ৰিয়েটোৱে এটা গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু সামাজিক ব্যৱস্থাপনা চলাইছিল, চিত্ৰকলা, সংগীত আৰু গীতৰ কথাৰ অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰিছিল। ছান পেড্ৰ’ চুলা শিশু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে বিভিন্ন সাংস্কৃতিক সংগঠনৰ পৰিচালকৰ সৈতে সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে।
টিয়েম্পো কাকতৰ পৰিপূৰক থ্ৰেছহ'ল্ডছৰ সম্পাদক মণ্ডলীৰ অংশ আছিল প্ৰিয়টো আৰু ট্ৰেগালুজ আলোচনী আৰু ক্ৰ'ন'পিঅ'ছ চাপ্লিমেণ্টৰ সৈতে সহযোগিতা কৰি নৃতত্ত্ব আৰু সাংস্কৃতিক প্ৰবন্ধ লিখিছে,
১৯৯৯ চনত তেওঁৰ প্ৰথমখন চুটি উপন্যাস "Melodía de silencios" লিখিছিল, তাৰ পিছত হণ্ডুৰাছৰ ঐতিহাসিক বিষয়বস্তু সন্নিবিষ্ট কৰা আন কিছুমান উপন্যাস লিখিছিল।[2][3]
গ্ৰন্থতালিকা
[সম্পাদনা কৰক]- মেলোডিয়া ডি চিলেন্সিঅ’ছ, ১৯৯৯
- এনিমেলিয়াৰিঅ’, ২০০২
- মেম’ৰিয়া দে লাছ ছমব্ৰাছ, ২০০৫
- বুস্কাণ্ডো এল পেৰাইছ’, ২০১০
- এল ৰেপ্টো দে লা চেভিলানা, ২০১৫
- ১০০ এন'চ হেকিয়েণ্ডো হিষ্টৰিয়া
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ González, José (2004) (es ভাষাত). Diccionario de literatos hondureños. Editorial Guaymuras. ISBN 9789992633274. https://books.google.com/books?id=oGBXIqWMb-oC&dq=mar%C3%ADa+de+los+angeles+lopez+alfaro&pg=PA87। আহৰণ কৰা হৈছে: 17 November 2018.
- ↑ Cuevas Molina, Rafael. "Marta Susana Prieto, escritora hondureña: "La novela histórica tiene gran relación con la identidad"" (Spanish ভাষাত). Suplemento 121. Archived from the original on 22 November 2021. https://web.archive.org/web/20211122194237/http://www.icat.una.ac.cr/suplemento_cultural/index.php/en/the-community/119-literatura-y-musica/1341-suplemento-121-noviembre-2016। আহৰণ কৰা হৈছে: 8 January 2019.
- ↑ Muñoz, Willy (2003). Antología de cuentistas hondureñas. Editorial Guaymuras. ISBN 9992633050. OCLC 55518577. https://www.worldcat.org/oclc/55518577। আহৰণ কৰা হৈছে: 8 January 2019.