মাৰ্টিন লুথাৰ

মাৰ্টিন লুথাৰ (১০ নৱেম্বৰ ১৪৮৩[1] – ১৮ ফেব্ৰুৱাৰী ১৫৪৬) এজন জাৰ্মান পুৰোহিত, ধৰ্মতত্ত্ববিদ, লেখক, গীতিকাৰ, অধ্যাপক আৰু প্ৰাক্তন অগাষ্টিনিয়ান ফ্ৰাইয়াৰ।[2] লুথাৰ আছিল প্ৰটেষ্টেণ্ট সংস্কাৰৰ মূল ব্যক্তিত্ব আৰু তেওঁৰ ধৰ্মতত্তৱৰ লুথাৰিয়ান ধৰ্মৰ ভিত্তি গঠন কৰে। পশ্চিমীয়া আৰু খ্ৰীষ্টান ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে বহুলভাৱে গণ্য কৰা হয়।[3][4]
১৫০৭ চনত আইছলেবেনত জন্মগ্ৰহণ কৰা লুথাৰে পুৰোহিতৰ পদত অধিষ্ঠিত হয়। ১৫২০ চনত পোপ লিঅ' দশমে লুথাৰে তেওঁৰ সকলো লেখা পৰিত্যাগ কৰিবলৈ দাবী জনায় আৰু যেতিয়া লুথাৰে তেনে কৰিবলৈ অস্বীকাৰ কৰে, তেতিয়া ১৫২১ চনৰ জানুৱাৰীত তেওঁক বহিষ্কাৰ কৰে।[5] ১৫৪৬ চনত লুথাৰৰ মৃত্যুৰ সময়তো দশম লিঅ’ৰ দ্বাৰা তেওঁৰ ওপৰত বহিষ্কাৰ বহাল আছিল।
লুথাৰে শিকাইছিল যে কোনো মানৱীয় কাৰ্য্য বা উদ্দেশ্য বা যোগ্যতাৰ দ্বাৰা ন্যায্যতা লাভ কৰা নহয়; বৰঞ্চ, ইয়াক কেৱল যীচু খ্ৰীষ্টত বিশ্বাসীৰ বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহৰ বিনামূলীয়া উপহাৰ হিচাপে গ্ৰহণ কৰা হয়। তেওঁ কৈছিল যে ভাল কামবোৰ জীৱন্ত বিশ্বাসৰ এক প্ৰয়োজনীয় ফল, পবিত্ৰকৰণ প্ৰক্ৰিয়াৰ অংশ।[6][7] লুথাৰৰ ধৰ্মতত্ত্বই পোপ আৰু বিচপৰ কৰ্তৃত্ব আৰু পদক প্ৰত্যাহ্বান জনাইছিল আৰু বাইবেল হৈছে শুভবাৰ্তাৰ ওপৰত ঈশ্বৰৰ দ্বাৰা প্ৰকাশিত জ্ঞানৰ একমাত্ৰ উৎস বুলি শিকাইছিল,[8] আৰু সকলো বাপ্তিস্ম লোৱা খ্ৰীষ্টানক পবিত্ৰ পুৰোহিত বুলি গণ্য কৰি পূজাৰীত্বৰ বিৰোধিতা কৰিছিল।[9] এইবোৰৰ লগতে লুথাৰৰ বহল শিক্ষাৰ সৈতে পৰিচয় হোৱাসকলক লুথাৰিয়ান বুলি কোৱা হয় যদিও লুথাৰে খ্ৰীষ্টান বা ইভানজেলিকেল (জাৰ্মান: evangelisch) ক খ্ৰীষ্ট বুলি স্বীকাৰ কৰা ব্যক্তিসকলৰ একমাত্ৰ গ্ৰহণযোগ্য নাম হিচাপে জোৰ দিছিল।
লুথাৰে লেটিনৰ পৰা জাৰ্মানলৈ বাইবেল অনুবাদ কৰাৰ ফলত বাইবেলখন সাধাৰণ লোকসকলৰ বাবে বহু পৰিমাণে সুলভ হৈ পৰিছিল, যাৰ ফলত গীৰ্জা আৰু জাৰ্মান সংস্কৃতি দুয়োটাতে প্ৰচণ্ড প্ৰভাৱ পৰিছিল। ই জাৰ্মান ভাষাৰ এটা মানক সংস্কৰণৰ বিকাশত সহায় কৰে, অনুবাদ কলাত কেইবাটাও নীতি যোগ কৰে,[10] আৰু ইংৰাজী অনুবাদ টিণ্ডেল বাইবেল লিখাত প্ৰভাৱ পেলায়।[11] তেওঁৰ গীতসমূহে প্ৰটেষ্টেণ্ট গীৰ্জাসমূহত গায়ন-বায়নৰ বিকাশত প্ৰভাৱ পেলায়।[12] তেওঁৰ কেথাৰিনা ভন বৰা নামৰ এগৰাকী প্ৰাক্তন সন্ন্যাসীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[13]
লুথাৰে On the Jews and Their Lies আদিত ইহুদীসকলক বহিষ্কাৰ আৰু ছিনাগগ জ্বলোৱাৰ আহ্বান জনাইছিল।[14] এই গ্ৰন্থসমূহে ৰোমান কেথলিক, এনাবেপ্টিষ্ট আৰু অত্ৰিত্ববাদী খ্ৰীষ্টানসকলকো লক্ষ্য কৰি লৈছিল।[15] লুথাৰে ইহুদীসকলক হত্যা কৰাৰ প্ৰত্যক্ষ পোষকতা কৰা নাছিল; [16][17][18] কিন্তু বেছিভাগ ইতিহাসবিদে কয় যে তেওঁৰ অলংকাৰে জাৰ্মানীত যিহুদী বিৰোধিতাক উৎসাহিত কৰিছিল আৰু শতিকাবোৰৰ পিছত নাজী পাৰ্টিৰ উত্থান ঘটিছিল।[19][20][21]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hendrix, Scott H. (2015). Martin Luther: Visionary Reformer. Yale University Press. পৃষ্ঠা. 17. ISBN 978-0-300-16669-9. https://books.google.com/books?id=NHKhCgAAQBAJ&pg=PA17। আহৰণ কৰা হৈছে: 12 November 2017.
- ↑ Martin Luther, Lectures on Genesis: Chapters 45–50, ed. Jaroslav Jan Pelikan, Hilton C. Oswald, and Helmut T. Lehmann, vol. 8 Luther's Works. (Saint Louis: Concordia Publishing House, 1999), 5:326.
- ↑ Hillerbrand, Hans J. (14 February 2024). "Martin Luther". Encyclopædia Britannica. https://www.britannica.com/biography/Martin-Luther। আহৰণ কৰা হৈছে: 29 March 2024.
- ↑ Nelson, Robert H. (2017). Lutheranism and the Nordic Spirit of Social Democracy: A Different Protestant Ethic. Aarhus University Press. পৃষ্ঠা. 64. ISBN 9788771844160.
- ↑ Hillerbrand, Hans J. (14 February 2024). "Martin Luther". Encyclopædia Britannica. https://www.britannica.com/biography/Martin-Luther। আহৰণ কৰা হৈছে: 29 March 2024.
- ↑ Schreiner, Thomas R. (15 September 2015). Faith Alone---The Doctrine of Justification: What the Reformers Taught...and Why It Still Matters. Zondervan Academic. পৃষ্ঠা. 40. ISBN 978-0-310-51579-1.
- ↑ Laffin, Michael Richard (20 October 2016). The Promise of Martin Luther's Political Theology: Freeing Luther from the Modern Political Narrative. Bloomsbury Publishing. পৃষ্ঠা. 153. ISBN 978-0-567-66990-2.
- ↑ Ewald M. Plass, What Luther Says, 3 vols., (St. Louis: CPH, 1959), 88, no. 269; M. Reu, Luther and the Scriptures, (Columbus, Ohio: Wartburg Press, 1944), 23.
- ↑ Luther, Martin. Concerning the Ministry (1523), tr. Conrad Bergendoff, in Bergendoff, Conrad (ed.) Luther's Works. Philadelphia: Fortress Press, 1958, 40:18 ff.
- ↑ Fahlbusch, Erwin and Bromiley, Geoffrey William. The Encyclopedia of Christianity. Grand Rapids, MI: Leiden, Netherlands: Wm. B. Eerdmans; Brill, 1999–2003, 1:244.
- ↑ Tyndale's New Testament, trans. from the Greek by William Tyndale in 1534 in a modern-spelling edition and with an introduction by David Daniell. New Haven, CT: Yale University Press, 1989, ix–x.
- ↑ Bainton, Roland. Here I Stand: a Life of Martin Luther. New York: Penguin, 1995, 269.
- ↑ Bainton, Roland. Here I Stand: a Life of Martin Luther. New York: Penguin, 1995, p. 223.
- ↑ Hendrix, Scott H. "The Controversial Luther" Archived 2 March 2011 at the Wayback Machine, Word & World 3/4 (1983), Luther Seminary, St. Paul, MN.
- ↑ Schaff, Philip: History of the Christian Church, Vol. VIII: Modern Christianity: The Swiss Reformation, William B. Eerdmans Pub. Co., Grand Rapids, Michigan, US, 1910, page 706.
- ↑ Martin Brecht, Martin Luther (Minneapolis: Fortress Press, 1985–1993), 3:336.
- ↑ Luther's letter to Rabbi Josel as cited by Gordon Rupp, Martin Luther and the Jews (London: The Council of Christians and Jews, 1972), 14.
- ↑ Sydow, Michael (1 December 1999). "Journal of Theology: Martin Luther, Reformation Theologian and Educator". http://clclutheran.org/library/jtheo_arch/jtdec1999.pdf। আহৰণ কৰা হৈছে: 17 May 2022.
- ↑ Johannes Wallmann, "The Reception of Luther's Writings on the Jews from the Reformation to the End of the 19th Century", Lutheran Quarterly, n.s. 1 (Spring 1987) 1:72–97.
- ↑ Berger, Ronald (2002). Fathoming the Holocaust: A Social Problems Approach. Aldine De Gruyter. পৃষ্ঠা. 28.
- ↑ Grunberger, Richard. The 12-Year Reich: A Social History of Nazi Germany 1933–1945 (NP:Holt, Rinehart and Winston, 1971), 465.