সমললৈ যাওক

মাৰ্থা কাল্লানান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্থা কাল্লানান
জন্ম ১৮ মে', ১৮২৬
মৃত্যু ১৬ আগষ্ট, ১৯০১ (৭৫ বছৰ)
জনা যায়
  • মহিলাৰ ভোটাধিকাৰ
  • মহিলাৰ অধিকাৰ
  • শিশুৰ অধিকাৰ


মাৰ্থা কাল্লানান (ইংৰাজী: Martha Callanan, ১৮২৬-১৯০১) এগৰাকী মহিলা ভোটাধিকাৰৰ সমৰ্থক, বাতৰি কাকত প্ৰকাশক আৰু দান কৰোঁতা আছিল। ১৮৬৩ চনত তেওঁৰ স্বামী জেমছ চি কাল্লানানৰ সৈতে আইঅ'ৱাৰ ডেচ মইনেছলৈ গুচি যায় আৰু তেওঁৰ ঘৰখন স্থানীয় মহিলা ভোটাধিকাৰ আন্দোলনৰ বেচৰকাৰী মুখ্য কাৰ্যালয়ত পৰিণত হয়।[1]

১৮৭০ চনত কাল্লানান পলক কাউণ্টি মহিলা ভোটাধিকাৰ সংস্থাৰ চাৰ্টাৰ সদস্য আৰু সভানেত্ৰী হয়। চুজান বি এন্থনী আৰু এলিজাবেথ কেডি ষ্টেণ্টনে যেতিয়া ডেচ মইনেছলৈ গৈছিল, তেতিয়া তেওঁলোক কাল্লানানৰ ঘৰত আছিল। ১৮৭৬ চনত স্বামী জেমছ কাল্লানানৰ পিছত তেওঁ আইঅ’ৱা মহিলা ভোটাধিকাৰ সংস্থাৰ সভানেত্ৰী নিৰ্বাচিত হয়। সেই পদত চাৰিটা কাৰ্যকাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।[1] আইঅ'ৱাত প্ৰকাশিত ভোটাধিকাৰৰ গৱেষণা পত্ৰ দ্য ষ্টেণ্ডাৰ্ডৰ তেওঁ সম্পাদিকা আছিল।[2]

কাল্লানান মহিলা খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নতো সক্ৰিয় আছিল আৰু ডেচ মইনেছৰ হোম ফৰ দ্য এজেড (যিটোৰ মৃত্যুৰ পিছত মাৰ্থা কাল্লানান হোম নামেৰে নামাকৰণ কৰা হৈছিল) অন্যতম প্ৰতিষ্ঠাপক আছিল।[3] তেওঁ ডেছ মইনেছ মহিলা ক্লাবৰ দ্বিতীয় সভানেত্ৰী আছিল।

১৯০১ চনত কাল্লানানৰ গাড়ীখন উলটি যোৱাৰ ফলত আকস্মিকভাৱে মৃত্যু হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Biographical Dictionary of Iowa". University of Iowa Press. http://uipress.lib.uiowa.edu/bdi/DetailsPage.aspx?id=52। আহৰণ কৰা হৈছে: 26 September 2021. 
  2. Blackwell, Alice (13 May 1915). "Iowa Pioneers". The Des Moines Register (19). 
  3. "A Rich Des Moines Woman Leaves $20,000 to the Tuskegee Institute". Evening Times-Republican (Marshalltown, Iowa) (page 3). 23 September 1901. 
  4. "Suffragist Martha Callanan". Iowa PBS. https://www.iowapbs.org/catt/story/36110/suffragist-martha-callanan। আহৰণ কৰা হৈছে: 26 September 2021. [সংযোগবিহীন উৎস]